--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি আপোনাৰ হাতেৰে শিশু এটাৰ শৰীৰ স্পৰ্শ কৰে আৰু শিশুটিৰ শৰীৰৰ হাড়বোৰ ভাঙিবলৈ আৰম্ভ কৰে, তেনেহ'লে আপুনি আচৰিত হৈ নপৰিবনে...লগতে আপুনি বিচলিত হৈ নপৰিবনে। উত্তৰ প্ৰদেশৰ আলিগড়ত এটি ১০ বছৰীয়া ল'ৰা আছে সেই ল'ৰাটোৰ শৰীৰ এনেকুৱা। আলিগড়ৰ দেহলি গেট আৰক্ষী থানা অঞ্চলৰ ঘুদিয়া বাগ অঞ্চলত বাস কৰা ১০ বছৰীয়া ৰোহিতৰ দেহ হাতেৰে স্পৰ্শ কৰিলে শৰীৰৰ হাড় ভাঙি যায়। ৰোহিতৰ শৰীৰৰ গঠনো ভাঁজলগা। ৰোহিতৰ 'অষ্টিওজেনেচিছ ইমপাৰফেক্টা' নামৰ এটা ৰোগ আছে। ৰোহিতৰ শৰীৰ জন্মৰ পৰাই এনেকুৱা আৰু যেতিয়া হাড় ভাঙি যায় ৰোহিতে গোটেই ৰাতি কান্দি থাকে। ইমান বেয়া পৰিস্থিতি স্বত্বেও ৰোহিত নিজৰ জীৱনটোক লৈ অত্যন্ত উৎসাহী। তেওঁলোকৰ এখন দোকান আছে। সেই দোকানখনতে ৰোহিত বহি থাকে। তেওঁ গ্ৰাহক এজনক একো সামগ্ৰী দিব নোৱাৰে কিন্তু পৰিয়ালৰ কোনো সদস্যক মাতি দিব পাৰে। ৰোহিতে কয়, "মায়ে মোক নামভৰ্তিৰ বাবে বিদ্যালয়লৈ লৈ গৈছিল, কিন্তু মই নামভৰ্তি কৰিব পৰা নাছিলো, মই পঢ়িবলৈ খুব ভাল পাওঁ। ৰোহিতে কৈছিল ''যদি কোনোবাই মোক কোলাত তুলি লয়, মোৰ হাড় ভাঙি যায়। মই দোকানত বহি থাকো আৰু মায়ে ঘৰৰ কাম কৰে। ময়ো পঢ়িব বিচাৰো আৰু এজন বিষয়া হ'ব বিচাৰো। মই দৰিদ্ৰ শিশুসকলক শিকাব বিচাৰো আৰু আগবাঢ়িব বিচাৰো।'' ৰোহিতৰ মাতৃয়ে জনাইছিল যে ''ৰোহিত ২০১২ চনত মালখান সিং চিকিৎসালয়ত জন্ম হৈছিল। ৰোহিতক বহু ঠাইত চিকিৎসা কৰা হৈছে, কিন্তু কোনো লাভ হোৱা নাই। চিকিৎসকসকলে যথেষ্ট প্ৰচেষ্টা কৰিছিল কিন্তু একো উন্নতি হোৱা নাছিল। এতিয়া মোৰ ওচৰত টকাও বাকী নাই। আমি বৰ দৰিদ্ৰ। স্বামীয়ে দৈনিক ২০০ টকা উপাৰ্জন কৰে। আমি বহুত অসুবিধাৰ মাজেৰে পাৰ হৈছো। ৰোহিতৰ মাতৃয়ে লগতে কয় যে মই এইটোৱেই বিচাৰো, যদি চৰকাৰ বা কোনোবাই সহায় কৰে, মোৰ পুত্ৰই সুফল পাব।'' ৰোহিতৰ জীৱন যাতে সুস্থিৰ হৈ পৰে তাকেই কামনা কৰিছে স্থানীয় ৰাইজে। আৰু পঢ়কঃ ময়ূৰৰ কণী চুৰ কৰিবলৈ গৈ বিপদত পৰিল এইজন লোক! চাওঁক ভিডিঅ’ PCA Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক