--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি আপোনাৰ হাতেৰে শিশু এটাৰ শৰীৰ স্পৰ্শ কৰে আৰু শিশুটিৰ শৰীৰৰ হাড়বোৰ ভাঙিবলৈ আৰম্ভ কৰে, তেনেহ'লে আপুনি আচৰিত হৈ নপৰিবনে...লগতে আপুনি বিচলিত হৈ নপৰিবনে। উত্তৰ প্ৰদেশৰ আলিগড়ত এটি ১০ বছৰীয়া ল'ৰা আছে সেই ল'ৰাটোৰ শৰীৰ এনেকুৱা। আলিগড়ৰ দেহলি গেট আৰক্ষী থানা অঞ্চলৰ ঘুদিয়া বাগ অঞ্চলত বাস কৰা ১০ বছৰীয়া ৰোহিতৰ দেহ হাতেৰে স্পৰ্শ কৰিলে শৰীৰৰ হাড় ভাঙি যায়। ৰোহিতৰ শৰীৰৰ গঠনো ভাঁজলগা। ৰোহিতৰ 'অষ্টিওজেনেচিছ ইমপাৰফেক্টা' নামৰ এটা ৰোগ আছে। ৰোহিতৰ শৰীৰ জন্মৰ পৰাই এনেকুৱা আৰু যেতিয়া হাড় ভাঙি যায় ৰোহিতে গোটেই ৰাতি কান্দি থাকে। ইমান বেয়া পৰিস্থিতি স্বত্বেও ৰোহিত নিজৰ জীৱনটোক লৈ অত্যন্ত উৎসাহী। তেওঁলোকৰ এখন দোকান আছে। সেই দোকানখনতে ৰোহিত বহি থাকে। তেওঁ গ্ৰাহক এজনক একো সামগ্ৰী দিব নোৱাৰে কিন্তু পৰিয়ালৰ কোনো সদস্যক মাতি দিব পাৰে। ৰোহিতে কয়, "মায়ে মোক নামভৰ্তিৰ বাবে বিদ্যালয়লৈ লৈ গৈছিল, কিন্তু মই নামভৰ্তি কৰিব পৰা নাছিলো, মই পঢ়িবলৈ খুব ভাল পাওঁ। ৰোহিতে কৈছিল ''যদি কোনোবাই মোক কোলাত তুলি লয়, মোৰ হাড় ভাঙি যায়। মই দোকানত বহি থাকো আৰু মায়ে ঘৰৰ কাম কৰে। ময়ো পঢ়িব বিচাৰো আৰু এজন বিষয়া হ'ব বিচাৰো। মই দৰিদ্ৰ শিশুসকলক শিকাব বিচাৰো আৰু আগবাঢ়িব বিচাৰো।'' ৰোহিতৰ মাতৃয়ে জনাইছিল যে ''ৰোহিত ২০১২ চনত মালখান সিং চিকিৎসালয়ত জন্ম হৈছিল। ৰোহিতক বহু ঠাইত চিকিৎসা কৰা হৈছে, কিন্তু কোনো লাভ হোৱা নাই। চিকিৎসকসকলে যথেষ্ট প্ৰচেষ্টা কৰিছিল কিন্তু একো উন্নতি হোৱা নাছিল। এতিয়া মোৰ ওচৰত টকাও বাকী নাই। আমি বৰ দৰিদ্ৰ। স্বামীয়ে দৈনিক ২০০ টকা উপাৰ্জন কৰে। আমি বহুত অসুবিধাৰ মাজেৰে পাৰ হৈছো। ৰোহিতৰ মাতৃয়ে লগতে কয় যে মই এইটোৱেই বিচাৰো, যদি চৰকাৰ বা কোনোবাই সহায় কৰে, মোৰ পুত্ৰই সুফল পাব।'' ৰোহিতৰ জীৱন যাতে সুস্থিৰ হৈ পৰে তাকেই কামনা কৰিছে স্থানীয় ৰাইজে। আৰু পঢ়কঃ ময়ূৰৰ কণী চুৰ কৰিবলৈ গৈ বিপদত পৰিল এইজন লোক! চাওঁক ভিডিঅ’ PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন