--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক বিধ্বংসী অগ্নিকাণ্ডই জোকাৰি গৈছে তেলেংগানা৷ তেলেংগানাৰ চেকেন্দ্ৰাবাদ অঞ্চলত এটা কাঠৰ গুদামত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ১১জনকৈ লোকৰ। প্ৰাথমিক তথ্য অনুসৰি এই ঘটনাত ১১জন লোক নিহত হোৱাৰ উপৰিও আন এগৰাকী ব্যক্তি আহত হৈছে বুলি জানিব পৰা গৈছে। স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়৷ উল্লেখ্য যে এই ঘটনাত নিহত হোৱা ১১ জন ব্যক্তিয়েই প্ৰব্ৰজিত শ্ৰমিক বুলি তথ্য লাভ কৰিছে। বিহাৰৰ পৰা তেলেংগানাত গৈ কাঠৰ গুদামত কাম কৰি আছিল শ্ৰমিক কেইজনে। এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইপিনে ঘটনা সংঘটিত হোৱাৰ সময়ত ১২ জন শ্ৰমিক প্ৰথম মহলাত শুই আছিল। ইয়াৰে মাত্ৰ এজনহে শ্ৰমিক আহত অৱস্থাত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। স্থানীয় প্ৰশাসনে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। শ্ৰমিকসকলৰ মৃতদেহ হস্তান্তৰ কৰিবৰ বাবে প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে। আনহাতে, এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ঘটনাটোত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে৷
PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন