--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক বিধ্বংসী অগ্নিকাণ্ডই জোকাৰি গৈছে তেলেংগানা৷ তেলেংগানাৰ চেকেন্দ্ৰাবাদ অঞ্চলত এটা কাঠৰ গুদামত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ১১জনকৈ লোকৰ। প্ৰাথমিক তথ্য অনুসৰি এই ঘটনাত ১১জন লোক নিহত হোৱাৰ উপৰিও আন এগৰাকী ব্যক্তি আহত হৈছে বুলি জানিব পৰা গৈছে। স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়৷ উল্লেখ্য যে এই ঘটনাত নিহত হোৱা ১১ জন ব্যক্তিয়েই প্ৰব্ৰজিত শ্ৰমিক বুলি তথ্য লাভ কৰিছে। বিহাৰৰ পৰা তেলেংগানাত গৈ কাঠৰ গুদামত কাম কৰি আছিল শ্ৰমিক কেইজনে। এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইপিনে ঘটনা সংঘটিত হোৱাৰ সময়ত ১২ জন শ্ৰমিক প্ৰথম মহলাত শুই আছিল। ইয়াৰে মাত্ৰ এজনহে শ্ৰমিক আহত অৱস্থাত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। স্থানীয় প্ৰশাসনে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। শ্ৰমিকসকলৰ মৃতদেহ হস্তান্তৰ কৰিবৰ বাবে প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে। আনহাতে, এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ঘটনাটোত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে৷
PCA Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট