--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বজুৰি ক’ভিড সংক্ৰমণৰ গতিক তীব্ৰতা দিছে ইয়াৰ নতুন প্ৰকাৰ অ’মিক্ৰন। ক’ভিডৰ সকলো প্ৰকাৰতকৈ এই অ’মিক্ৰন প্ৰকাৰ অধিক সংক্ৰামক হিচাপে বিবেচিত হৈছে। কিন্তু কিহৰ বাবে এই অ’মিক্ৰণ অধিক সংক্ৰামক হিচাপে বিবেচিত হৈছে? বিশেষজ্ঞসকলৰ অধ্যয়নত এই বিষয়ে এক নতুন তথ্য প্ৰকাশ পাইছে। বিশেষজ্ঞসকলে এই অধ্যয়নত প্ৰকাশ কৰিছে যে, কৰ’নাৰ অ’মিক্ৰন প্ৰকাৰ মানুহৰ ছালত ২১ঘণ্টালৈকে সক্ৰিয় হৈ থাকে আৰু প্লাষ্টিক আৱৰণৰ ওপৰত ই আঠ দিনলৈকে সক্ৰিয় হৈ থাকে। এই কাৰণটোৰ বাবেই ক’ভিডৰ আন প্ৰকাৰৰ তুলনাত অ’মিক্ৰণ অধিক সংক্ৰমিত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। জাপানৰ কেয়টো প্ৰিফেকচাৰেল ইউনিভাৰ্চিটীৰ গৱেষকসকলে কৰ’নাৰ দুটা প্ৰকাৰৰ মাজৰ ভাইৰেল এনভাৰমেণ্টেল ষ্টেবিলিটী সম্পৰ্কত অধ্যয়ন কৰিছিল। এতিয়াও পুনৰ মূল্যায়ন কৰিবলৈ বাকী থকা এই অধ্যয়নৰ বিষয়ে প্ৰিপ্ৰিণ্ট ৰেপ’ছিট’ৰী বায়’ৰেক্সিভত প্ৰকাশ কৰা হৈছে। য’ত প্ৰকাশ পাইছে যে, আলফা, বিটা, ডেল্টা আৰু অ’মিক্ৰনৰ প্ৰকাৰে কৰ’নাৰ মূল যিটো প্ৰকাৰ তাতকৈ দুগুণ বেছি সময়ত ছাল আৰু প্লষ্টিক আৱৰণৰ ওপৰত বৰ্তি থাকিব পাৰে। এইবোৰ ভিতৰত আকৌ অ’মিক্ৰনে আটাইতকৈ বেছি সময়ত সক্ৰিয় হৈ থাকে যাৰ বাবে এই প্ৰকাৰবিধ অধিক দ্ৰুতগতিত সংক্ৰমিত হৈছে আৰু ই অতি কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্বতে দমনীয় ৰূপ ধাৰণ কৰিছে। অধ্যয়নটোত প্ৰকাশ পোৱা মতে প্লাষ্টিক আৱৰণৰ ওপৰত কৰ’নাৰ মূল প্ৰকাটো সক্ৰিয় হৈ থকাৰ সময় হৈছে ৫৬ঘণ্টা। আনহাতে ইয়াৰ আলফা, বিটা, গামা আৰু ডেল্টা সক্ৰিয় হৈ থকা সময় হৈছে ক্ৰমে ১৯১.৩ঘণ্টা, ১৫৬.৬ঘণ্টা, ৫৯.৩ঘণ্টা আৰু ১১৪ঘণ্টা। আনহাতে এইসকলোকে অতিক্ৰমি অ’মিক্ৰন প্লাষ্টিকৰ ওপৰত ১৯৩.৫ঘণ্টা সক্ৰিয় হৈ থাকে। আনহাতে মানুহৰ দেহৰ ছালত অ’মিক্ৰণ প্ৰকাৰ আটাইকেইটা প্ৰকাৰতকৈ বেছি সময় অৰ্থাৎ ২১.১ঘণ্টা সক্ৰিয় হৈ থাকে। বিশ্বজুৰি অতি দ্ৰুতগতিত অ’মিক্ৰন প্ৰকাৰ সংক্ৰমিত হোৱাৰ এয়া এক উল্লেখযোগ্য কাৰণ হিচাপে বিবেচনা কৰিছে গৱেষকসকলে। তুলনামূলকভাৱে অ’মিক্ৰমণৰ সংক্ৰমণ কিছু মৃদু হ’লেও ই সামূহিক সংক্ৰমণৰ ৰূপ তাৎক্ষণিকভাৱে লোৱাটো সমগ্ৰ বিশ্বৰ স্বাস্থ্যখণ্ডৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছে। ভাৰততো বিশেষকৈ বৃহৎ নগৰ অঞ্চলত কৰ’নাৰ এই নতুন প্ৰকাৰে দমনীয় ৰূপ ধাৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ