--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বজুৰি ক’ভিড সংক্ৰমণৰ গতিক তীব্ৰতা দিছে ইয়াৰ নতুন প্ৰকাৰ অ’মিক্ৰন। ক’ভিডৰ সকলো প্ৰকাৰতকৈ এই অ’মিক্ৰন প্ৰকাৰ অধিক সংক্ৰামক হিচাপে বিবেচিত হৈছে। কিন্তু কিহৰ বাবে এই অ’মিক্ৰণ অধিক সংক্ৰামক হিচাপে বিবেচিত হৈছে? বিশেষজ্ঞসকলৰ অধ্যয়নত এই বিষয়ে এক নতুন তথ্য প্ৰকাশ পাইছে। বিশেষজ্ঞসকলে এই অধ্যয়নত প্ৰকাশ কৰিছে যে, কৰ’নাৰ অ’মিক্ৰন প্ৰকাৰ মানুহৰ ছালত ২১ঘণ্টালৈকে সক্ৰিয় হৈ থাকে আৰু প্লাষ্টিক আৱৰণৰ ওপৰত ই আঠ দিনলৈকে সক্ৰিয় হৈ থাকে। এই কাৰণটোৰ বাবেই ক’ভিডৰ আন প্ৰকাৰৰ তুলনাত অ’মিক্ৰণ অধিক সংক্ৰমিত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। জাপানৰ কেয়টো প্ৰিফেকচাৰেল ইউনিভাৰ্চিটীৰ গৱেষকসকলে কৰ’নাৰ দুটা প্ৰকাৰৰ মাজৰ ভাইৰেল এনভাৰমেণ্টেল ষ্টেবিলিটী সম্পৰ্কত অধ্যয়ন কৰিছিল। এতিয়াও পুনৰ মূল্যায়ন কৰিবলৈ বাকী থকা এই অধ্যয়নৰ বিষয়ে প্ৰিপ্ৰিণ্ট ৰেপ’ছিট’ৰী বায়’ৰেক্সিভত প্ৰকাশ কৰা হৈছে। য’ত প্ৰকাশ পাইছে যে, আলফা, বিটা, ডেল্টা আৰু অ’মিক্ৰনৰ প্ৰকাৰে কৰ’নাৰ মূল যিটো প্ৰকাৰ তাতকৈ দুগুণ বেছি সময়ত ছাল আৰু প্লষ্টিক আৱৰণৰ ওপৰত বৰ্তি থাকিব পাৰে। এইবোৰ ভিতৰত আকৌ অ’মিক্ৰনে আটাইতকৈ বেছি সময়ত সক্ৰিয় হৈ থাকে যাৰ বাবে এই প্ৰকাৰবিধ অধিক দ্ৰুতগতিত সংক্ৰমিত হৈছে আৰু ই অতি কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্বতে দমনীয় ৰূপ ধাৰণ কৰিছে। অধ্যয়নটোত প্ৰকাশ পোৱা মতে প্লাষ্টিক আৱৰণৰ ওপৰত কৰ’নাৰ মূল প্ৰকাটো সক্ৰিয় হৈ থকাৰ সময় হৈছে ৫৬ঘণ্টা। আনহাতে ইয়াৰ আলফা, বিটা, গামা আৰু ডেল্টা সক্ৰিয় হৈ থকা সময় হৈছে ক্ৰমে ১৯১.৩ঘণ্টা, ১৫৬.৬ঘণ্টা, ৫৯.৩ঘণ্টা আৰু ১১৪ঘণ্টা। আনহাতে এইসকলোকে অতিক্ৰমি অ’মিক্ৰন প্লাষ্টিকৰ ওপৰত ১৯৩.৫ঘণ্টা সক্ৰিয় হৈ থাকে। আনহাতে মানুহৰ দেহৰ ছালত অ’মিক্ৰণ প্ৰকাৰ আটাইকেইটা প্ৰকাৰতকৈ বেছি সময় অৰ্থাৎ ২১.১ঘণ্টা সক্ৰিয় হৈ থাকে। বিশ্বজুৰি অতি দ্ৰুতগতিত অ’মিক্ৰন প্ৰকাৰ সংক্ৰমিত হোৱাৰ এয়া এক উল্লেখযোগ্য কাৰণ হিচাপে বিবেচনা কৰিছে গৱেষকসকলে। তুলনামূলকভাৱে অ’মিক্ৰমণৰ সংক্ৰমণ কিছু মৃদু হ’লেও ই সামূহিক সংক্ৰমণৰ ৰূপ তাৎক্ষণিকভাৱে লোৱাটো সমগ্ৰ বিশ্বৰ স্বাস্থ্যখণ্ডৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছে। ভাৰততো বিশেষকৈ বৃহৎ নগৰ অঞ্চলত কৰ’নাৰ এই নতুন প্ৰকাৰে দমনীয় ৰূপ ধাৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন