--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘পৃথিৱীৰ ভিতৰতেই ধনী দেশ হ’ব ভাৰত; ভাৰতত নাথাকিব কোনো দুখীয়া পৰিয়াল! কাৰণ তৃতীয় বৃহৎ অৰ্থনীতিৰ দিশে ধাৱমান ভাৰত৷’- এই মন্তব্য ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী তথা ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ(আৰআইএল)ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানীয়ে বুধবাৰে এই কথা সদৰী কৰে৷ তেওঁ কয় যে, এছিয়াই এক সামগ্ৰিক গোলকীয় অৰ্থনীতিৰ দিশত আগবাঢ়ি আছে আৰু ২০৩০ চনৰ ভিতৰত ভাৰতে বহু দেশক চেৰ পেলাই তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে। এছিয়া অৰ্থনৈতিক আলোচনাত ড০ ৰঘুনাথ অনন্ত মাছেলকাৰৰ সৈতে হোৱা বাৰ্তালাপত আম্বানীয়ে কয় যে, ‘বিশ্ব অৰ্থনীতিৰ মনোযোগৰ কেন্দ্ৰ এতিয়া এছিয়ালৈ স্থানান্তৰিত হৈছে৷ আৰু ক্ৰমান্বয়ে এই কথা স্পষ্ট হৈ আহিছে।’ আৰআইএলৰ অধ্যক্ষৰ মতে, ২০২০ চনত, এছিয়াৰ জিডিপিয়ে বাকী বিশ্বৰ সম্মিলিত জিডিপিক অতিক্ৰম কৰিছিল। বিশ্বৰ জনসংখ্যাৰ ৬০ শতাংশ এছিয়াৰ বুলি কোৱাৰ লগতে কয় যে, জনগাঁথনি আৰু উন্নয়নৰ মাজৰ অমিল ক্ৰমান্বয়ে হ্ৰাস পাইছে। লগতে কোটিপতিজনে কয় যে, ‘২০৩০ চনৰ ভিতৰত ভাৰতে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি আৰু আটাইতকৈ পুৰণি তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে জাপানক অতিক্ৰম কৰাৰ সম্ভাৱনা থকাৰ বাবেও এই প্ৰৱণতা শক্তিশালী হৈছে। মই অতি আত্মবিশ্বাসী যে আগন্তুক দশকবোৰত ভাৰতৰ বিকাশৰ কাহিনী অধিক ৰোমাঞ্চকৰ হ’ব। এতিয়া ভাৰতৰ সময়৷’ উল্লেখ্য যে, বিগত ২ বছৰ ধৰি সমগ্ৰ বিশ্ব যুঁজি আছে ক’ভিডৰ অনাকাংশিত যুঁজত৷ যাৰ ফলত শোচনীয় হৈ পৰিছে ভাৰতৰ অৰ্থনীতি৷ এনেসময়ত আহিছে কোটিপতিজনে কৰা মন্তব্যই সঁচাকৈ চিন্তিত কৰি তুলিছে অৰ্থনীতিবিদসকলক৷ চলিত মাহৰ আৰম্ভণিতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনত ভাৰতীয় অৰ্থনীতি উন্নত হৈছে বুলিও মন্তব্য কৰিছে৷ ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী মুদ্ৰানীতিত কয় যে, কেন্দ্ৰীয় বেংকে মহামাৰীৰ ফলত হোৱা ব্যাঘাতক অৰ্থনৈতিক কাৰ্য-কলাপলৈ সীমিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। পলিচীখনত কয় যে, আৰবিআইৰ নীতিগত কাৰ্যই আকাংক্ষিত ফলাফল কঢ়িয়াই আনিছে৷ ইপিনে মঙলবাৰে, বিদেশী দালালি বাৰ্ক্লেজৰ ত্ৰিমাশীক পৰ্যৱেশনত ভাৰতীয় অৰ্থনীতি ডিচেম্বৰৰ পৰা তিনিমাহত ৬.৬ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইপিনে বহুতো ব্যৱসায়িক খণ্ডত মহামাৰী-পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছিল৷ এছিয়া অৰ্থনৈতিক সংলাপত আম্বানীয়ে জলবায়ু পৰিৱৰ্তনক মানৱজাতিৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি আঙুলিয়াই দিছিল আৰু সেউজ ঔদ্যোগিক বিপ্লৱৰ আহ্বান জনাইছিল। তেওঁ কয়, ‘পৰিষ্কাৰ শক্তিলৈ পৰিৱৰ্তন এতিয়া আৰু বিকল্প নহয়, ই এক বাধ্যবাধকতা।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন