--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদয়পুৰৰ পাছত এইবাৰ অমৰাৱতী! অনুসন্ধানকাৰীসকলে নবী সন্দৰ্ভত নূপুৰ শৰ্মাৰ মন্তব্যৰ পৰিপ্ৰেক্ষিতত আন এটা ঘটনা নিশ্চিত কৰিছে। অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে অমৰাৱতীত ব্যৱসায়ী উমেশ প্ৰহ্লাদৰাও কোলহেৰ হত্যাৰ এন আই এ তদন্তৰ নিৰ্দেশ দিছে। ইফালে, স্থানীয় অনুসন্ধানকাৰীসকলে ঘটনাটোৰ সন্দৰ্ভত নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাক তেওঁলোকৰ সমৰ্থন নিশ্চিত কৰিছে। ইয়াৰ উপৰিও, ঘটনাটোত জড়িত থকাৰ সন্দেহ থকা লোকসকলক শনিবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আৰক্ষীয়ে জিম্মাত লৈছিল।

ব্যৱসায়ী উমেশ প্ৰহ্লাদৰাও কোলহেক ২১ জুনত মহাৰাষ্ট্ৰৰ অমৰাৱতীত হত্যা কৰা হৈছিল। তেওঁৰ মৃতদেহ এখন স্থানীয় বিদ্যালয়ৰ পৰা ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। স্থানীয় অনুসন্ধানকাৰীসকলে পৰিয়ালটোৰ সৈতে কথা পাতিছিল আৰু গম পাইছিল যে উমেশৰ সৈতে কাৰো কোনো ব্যৱসায়িক বা ব্যক্তিগত শত্ৰুতা নাছিল। কিন্তু শেহতীয়াকৈ তেওঁ নুপুৰ শৰ্মাৰ সমৰ্থনত ওলাই আহিছিল তেওঁ। সামাজিক মাধ্যমত তেওঁ নিয়মীয়াকৈ নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট কৰিছিল।

চিচিটিভি ফুটেজৰ যোগেদি ইতিমধ্যে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তসকলক আব্দুল তৌফিক তাছলিম, শ্বাহৰুখ পাঠান খান, মুদাছিৰ আহমেদ শ্বেখ ইব্ৰাহিম, ছোৱেব খান আৰু আতিফ ৰছিদ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ মাজতে, আব্দুলৰ বাহিৰে আন কাৰো বিৰুদ্ধে আৰক্ষীৰ ওচৰত পূৰ্বতে কোনো অভিযোগ নাছিল কেৱল স্থানীয় মছজিদৰ সন্মুখত হোৱা কাজিয়া বাবে আব্দুলৰ নাম জড়িত আছিল।

চিচিটিভি ফুটেজত দেখা গৈছে যে অভিযুক্তজনে  এখন স্কুটাৰেৰে উমেশ প্ৰহ্লাদৰাও কোলহেক খেদি ফুৰিছিল। ফুটেজ চোৱাৰ পাছত ২৩ জুনত মুদাচিৰ আৰু শ্বাহৰুখক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছদিনা আব্দুল আৰু শোয়েবক গ্ৰেপ্তাৰ কৰা হয়। ৰছিদক আৰক্ষীয়ে ২৫ জুনত গ্ৰেপ্তাৰ কৰিছিল।  আদালতত হাজিৰ কৰোৱা পাছত  ন্যায়াধীশে তেওঁলোকক ৫ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

গৃহ মন্ত্ৰালয়ে সমগ্ৰ ঘটনাটোৰ বাবে এনআইএ তদন্তৰ নিৰ্দেশ দিছিল। অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে টুইট কৰি কয়, "গৃহ মন্ত্ৰালয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত উমেশ কোলহৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব এন আই এক অৰ্পণ কৰিছে। এন.আই.এ.-য়ে হত্যাৰ আঁৰৰ ষড়যন্ত্ৰৰ ওপৰত দৃষ্টি ৰাখিব, কোনো সংগঠন বা আন্তঃৰাষ্ট্ৰীয় সংগঠন ইয়াত জড়িত আছে নে নাই। "

উল্লেখ্য যে, ২৮ জুনত ৰাজস্থানৰ উদয়পুৰত একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। দৰ্জী কানহাইয়া লাল তেলীৰ হত্যা কৰিছিল দুজন কট্টৰ মুছলমান সম্প্ৰদায়ৰ লোকে।  নূপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে সংঘটিত হৈছিল এই ঘটনা,  গৃহ মন্ত্ৰালয়ে সেই গোচৰটোৰ তদন্ত  ইতিমধ্যে এনআইএক অৰ্পণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি