--°C
Loading...
Listen to Article
2 min read
80%
দেশত সম্প্ৰতি হিন্দু ঐতিহ্য পুনৰুদ্ধাৰৰ নামত প্ৰাচীন কীৰ্তি-চিহ্ন, বিশেষকৈ মোগল সাম্ৰাজ্য তথা মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা ঐতিহাসিক সমলসমূহৰ বিৰুদ্ধাচৰণ কৰাত উঠিপৰি লাগিছে দেশৰ হিন্দুত্ববাদী মহল। এই হিন্দুত্ববাদী গোটসমূহে মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা প্ৰতিটো ঐতিহাসিক সম্পত্তিতে এতিয়া উদ্ধাৰ কৰিছে হিন্দু মন্দিৰৰ অস্তিত্ব। 

এই ক্ষেত্ৰত এই গোটসমূহে কেতিয়া প্ৰত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে শাসকীয় বিজেপি দলৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছে। মূলত: ২০১৪ চনত বিজেপিয়ে দেশৰ ক্ষমতাৰ মচনদ দখল কৰাৰ পৰাই বিজেপিৰ অভিভাৱকস্বৰূপ আৰ এছ এছ তথা অন্য হিন্দুত্ববাদী ভাতৃ সংগঠন সমূহৰ কুচকাৱাজ বৃদ্ধি পাইছে।

এতিয়া দেশৰ ৰাজনীতিৰ মূল বিষয় হৈ পৰিছে মন্দিৰ-মছজিদ কিম্বা ৰাম-ৰহিম কেন্দ্ৰিক। বাবৰি মছজিদ-ৰাম মন্দিৰ বিতৰ্কৰ দশকযোৰা বিতৰ্কৰ ওৰ পৰাৰ পিছত এতিয়া অন্য মছজিদৰ আৰম্ভ কৰি তাজমহল, কুতুবমিনাৰৰ শিপা খন্দাত লাগিছে হিন্দুত্ববাদেৰে পৰিপুষ্ট একাংশ লোক।

শেহতীয়া কিছুদিন ধৰি ভাৰতীয় ৰাজনীতিত চৰ্চাৰ শীৰ্ষত আছে জ্ঞানৱাপী মছজিদ, মথুৰাৰ শ্বাহি দৰগাহ মছজিদ, তাজমহল আৰু কুতুব মিনাৰ।
কুতুব মিনাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই) বিভাগে উত্তৰ চাকেত আদালতত প্ৰতিবেদন দাখিল কৰে। উল্লেখ্য যে ভাৰতৰ সংস্কৃতি মন্ত্ৰালয়ে ২১ মে’ত এএছআইক খনন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। 

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে আজি আদালতত কয় যে ভাঙি পেলোৱা মন্দিৰৰ গাঁথনিৰ ওপৰত কুতুব মিনাৰ কমপ্লেক্সৰ মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি কোনো প্ৰমাণ নাই। লগতে বিভাগে কয় যে মন্দিৰৰ লোৰ স্তম্ভ আৰু অৱশিষ্ট অন্য অংশসমূহ মূল স্থানত আছিল নে বাহিৰৰ পৰা অনা হৈছিল সেয়া স্পষ্ট কৰিবলৈও নিৰ্দিষ্ট কোনো প্ৰমাণ নাই।  

তদুপৰি, এএছআইয়ে কুতুব মিনাৰ কেতিয়াও উপাসনাৰ স্থান নাছিল বুলি উল্লেখ কৰি হিন্দু আবেদনকাৰী গোটসমূহৰ আবেদন আইনগতভাৱে ৰক্ষণাবেক্ষণ যোগ্য নহয় বুলি যুক্তি দৰ্শায়।

বিভাগে কয় যে কুতুব মিনাৰ ১৯১৪ চনৰ পৰা এটা সংৰক্ষিত স্মৃতিস্তম্ভ হিচাপে পৰিগণিত  হৈ আহিছে আৰু ইয়াৰ গাঁথনি এতিয়া সলনি কৰিব নোৱাৰি।

"কুতুব মিনাৰক সংৰক্ষিত স্মৃতিস্তম্ভ হিচাপে মৰ্যাদা দিয়াৰ সময়ত উপাসনা স্থলী হিচাপে ব্যৱহাৰ কৰাৰ কোনো প্ৰথা প্ৰচলিত নাছিল। সেয়ে এই স্থানত এতিয়া উপাসনাস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিব নোৱাৰি।"— পুৰাতাত্ত্বিক জৰীপ বিভাগে নিজ প্ৰতিবেদনত এইদৰে উল্লেখ কৰে।

উল্লেখ্য যে এএছআইৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰমবীৰ শৰ্মাই কুতুব মিনাৰ হিন্দু সম্ৰাট ৰাজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল বুলি দাবী কৰাৰ পিছতে এই বিতৰ্কই মূৰ দাঙি উঠিছিল। তেওঁ লগতে দাবী কৰিছিল যে কুতুব মিনাৰ কমপ্লেক্সটোত হিন্দু দেৱতাৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল আৰু ২৭ টা হিন্দু-জৈন মন্দিৰ ভাঙি দিয়াৰ পিছত লাভ কৰা সামগ্ৰীৰে কুৱাত-উল-ইছলাম মছজি নিৰ্মাণ কৰা হৈছিল।

ইয়াৰ পূৰ্বেও যোৱা এপ্ৰিলত বিশ্ব হিন্দু পৰিষদৰ এগৰাকী মুখপাত্ৰই কুতুব মিনাৰ প্ৰকৃততে এক বিষ্ণু স্তম্ভ আছিল বুলি দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত