--°C
Loading...
Listen to Article
2 min read
80%
দেশত সম্প্ৰতি হিন্দু ঐতিহ্য পুনৰুদ্ধাৰৰ নামত প্ৰাচীন কীৰ্তি-চিহ্ন, বিশেষকৈ মোগল সাম্ৰাজ্য তথা মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা ঐতিহাসিক সমলসমূহৰ বিৰুদ্ধাচৰণ কৰাত উঠিপৰি লাগিছে দেশৰ হিন্দুত্ববাদী মহল। এই হিন্দুত্ববাদী গোটসমূহে মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা প্ৰতিটো ঐতিহাসিক সম্পত্তিতে এতিয়া উদ্ধাৰ কৰিছে হিন্দু মন্দিৰৰ অস্তিত্ব। 

এই ক্ষেত্ৰত এই গোটসমূহে কেতিয়া প্ৰত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে শাসকীয় বিজেপি দলৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছে। মূলত: ২০১৪ চনত বিজেপিয়ে দেশৰ ক্ষমতাৰ মচনদ দখল কৰাৰ পৰাই বিজেপিৰ অভিভাৱকস্বৰূপ আৰ এছ এছ তথা অন্য হিন্দুত্ববাদী ভাতৃ সংগঠন সমূহৰ কুচকাৱাজ বৃদ্ধি পাইছে।

এতিয়া দেশৰ ৰাজনীতিৰ মূল বিষয় হৈ পৰিছে মন্দিৰ-মছজিদ কিম্বা ৰাম-ৰহিম কেন্দ্ৰিক। বাবৰি মছজিদ-ৰাম মন্দিৰ বিতৰ্কৰ দশকযোৰা বিতৰ্কৰ ওৰ পৰাৰ পিছত এতিয়া অন্য মছজিদৰ আৰম্ভ কৰি তাজমহল, কুতুবমিনাৰৰ শিপা খন্দাত লাগিছে হিন্দুত্ববাদেৰে পৰিপুষ্ট একাংশ লোক।

শেহতীয়া কিছুদিন ধৰি ভাৰতীয় ৰাজনীতিত চৰ্চাৰ শীৰ্ষত আছে জ্ঞানৱাপী মছজিদ, মথুৰাৰ শ্বাহি দৰগাহ মছজিদ, তাজমহল আৰু কুতুব মিনাৰ।
কুতুব মিনাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই) বিভাগে উত্তৰ চাকেত আদালতত প্ৰতিবেদন দাখিল কৰে। উল্লেখ্য যে ভাৰতৰ সংস্কৃতি মন্ত্ৰালয়ে ২১ মে’ত এএছআইক খনন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। 

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে আজি আদালতত কয় যে ভাঙি পেলোৱা মন্দিৰৰ গাঁথনিৰ ওপৰত কুতুব মিনাৰ কমপ্লেক্সৰ মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি কোনো প্ৰমাণ নাই। লগতে বিভাগে কয় যে মন্দিৰৰ লোৰ স্তম্ভ আৰু অৱশিষ্ট অন্য অংশসমূহ মূল স্থানত আছিল নে বাহিৰৰ পৰা অনা হৈছিল সেয়া স্পষ্ট কৰিবলৈও নিৰ্দিষ্ট কোনো প্ৰমাণ নাই।  

তদুপৰি, এএছআইয়ে কুতুব মিনাৰ কেতিয়াও উপাসনাৰ স্থান নাছিল বুলি উল্লেখ কৰি হিন্দু আবেদনকাৰী গোটসমূহৰ আবেদন আইনগতভাৱে ৰক্ষণাবেক্ষণ যোগ্য নহয় বুলি যুক্তি দৰ্শায়।

বিভাগে কয় যে কুতুব মিনাৰ ১৯১৪ চনৰ পৰা এটা সংৰক্ষিত স্মৃতিস্তম্ভ হিচাপে পৰিগণিত  হৈ আহিছে আৰু ইয়াৰ গাঁথনি এতিয়া সলনি কৰিব নোৱাৰি।

"কুতুব মিনাৰক সংৰক্ষিত স্মৃতিস্তম্ভ হিচাপে মৰ্যাদা দিয়াৰ সময়ত উপাসনা স্থলী হিচাপে ব্যৱহাৰ কৰাৰ কোনো প্ৰথা প্ৰচলিত নাছিল। সেয়ে এই স্থানত এতিয়া উপাসনাস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিব নোৱাৰি।"— পুৰাতাত্ত্বিক জৰীপ বিভাগে নিজ প্ৰতিবেদনত এইদৰে উল্লেখ কৰে।

উল্লেখ্য যে এএছআইৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰমবীৰ শৰ্মাই কুতুব মিনাৰ হিন্দু সম্ৰাট ৰাজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল বুলি দাবী কৰাৰ পিছতে এই বিতৰ্কই মূৰ দাঙি উঠিছিল। তেওঁ লগতে দাবী কৰিছিল যে কুতুব মিনাৰ কমপ্লেক্সটোত হিন্দু দেৱতাৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল আৰু ২৭ টা হিন্দু-জৈন মন্দিৰ ভাঙি দিয়াৰ পিছত লাভ কৰা সামগ্ৰীৰে কুৱাত-উল-ইছলাম মছজি নিৰ্মাণ কৰা হৈছিল।

ইয়াৰ পূৰ্বেও যোৱা এপ্ৰিলত বিশ্ব হিন্দু পৰিষদৰ এগৰাকী মুখপাত্ৰই কুতুব মিনাৰ প্ৰকৃততে এক বিষ্ণু স্তম্ভ আছিল বুলি দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল