--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিব কৰ্মচাৰীসকলক৷ হোলীৰ পূৰ্বে এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক মহাৰ্ঘভাট্টা (Dearness Allowance) উপহাৰ দিয়াৰ সম্ভাৱনা আছে। যাৰ ফলত লাখ লাখ চৰকাৰী কৰ্মচাৰী লাভান্বিত হ'ব৷ শেহতীয়া মুদ্ৰাস্ফীতি বৃদ্ধিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ প্ৰদান কৰা হ'ব এই ভাট্টা। যদিও এই সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ বাবে বৈঠকৰ কাৰ্যসূচী এতিয়াও ঘোষণা কৰা হোৱা নাই, কেবিনেট মন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাট্টা (ডিএ)ত বৃদ্ধিৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। বৰ্তমান, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক প্ৰদান কৰা মহাৰ্ঘ ভাট্টা হৈছে ৩১ শতাংশ আৰু বৈঠকত ৩ শতাংশ বৃদ্ধি ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছে। এই বৃদ্ধিয়ে সংখ্যাটো ৩৪শতাংশলৈ লৈ যাব৷ বৈঠকখন বাজেট অধিৱেশনৰ চলিত দ্বিতীয় পৰ্যায়ৰ মাজত অনুস্থিত হ'ব। মহাৰ্ঘভাট্টা কি? কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত মুদ্ৰাস্ফীতিয়ে পোলোৱা প্ৰভাৱ আঁতৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক মহাৰ্ঘভাট্টা পৰিশোধ কৰা হয়। এইটো কৰ্মচাৰী আৰু পেঞ্চনাৰ দুয়োৰে বাবে প্ৰযোজ্য। সপ্তম দৰমহা আয়োগৰ অধীনত, জানুৱাৰী আৰু জুলাইত বছৰত দুবাৰকৈ ডিএ বৃদ্ধি কৰা হয়। ডিএ-ৰ বৃদ্ধি কৰ্মচাৰীৰ অৱস্থানৰ ওপৰতো নিৰ্ভৰ কৰে যি হৈছে চহৰ, গ্ৰাম্য, বা অৰ্ধ-নগৰীয়া এলেকা। যদি আজিৰ বৈঠকত ডিএ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়, ই এক কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰক লাভান্বিত কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান ৪৮ লাখ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰ আছে। বিগত বছৰ অক্টোবৰৰ শেষত ডিএ বৃদ্ধি কৰা হৈছিল৷ ২৮ শতাংশৰ পৰা ৩১ শতাংশলৈ বৃদ্ধি কৰা হৈছিল ডিএ। BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে