--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত শীঘ্ৰে হ’ব বিধানসভা নিৰ্বাচন। ৰাজ্যখনত নিৰ্বাচনী উত্তাপ তীব্ৰতৰ হৈ পৰিছে। সকলো দলে প্ৰতিদিনে ক’ৰবাত নহয় ক’ৰবাত জনসভা সম্বোধন কৰিছে। 

ইয়াৰ মাজতে এজন বিধায়কৰ বক্তব্য পোহৰলৈ আহিছে, যিয়ে বহুত হুলস্থুলৰ সৃষ্টি কৰিছে। দৰাচলতে মঙলবাৰে ৱাৰুদ তহচিলত ৰাজহুৱা সভাত ভাষণ দি ৱাৰুদ-মৰ্শী বিধানসভাৰ নিৰ্দলীয় বিধায়ক তথা উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সমৰ্থক দেৱেন্দ্ৰ ভূয়াৰৰ এক বক্তব্যক লৈ বিতৰ্কৰ সূচনা হৈছে। 

কি বক্তব্য দিলে বিধায়কগৰাকীয়ে?

ৰাজহুৱা সভাত ভাষণ দি বিধায়কগৰাকীয়ে কয়, “যদি ছোৱালী এজনী ধুনীয়া হয়, তেন্তে তেওঁ আপোনাৰ আৰু মোৰ দৰে মানুহক ভাল নাপায়, বৰঞ্চ চাকৰি থকা পুৰুষকহে বাছি লয়। ইয়াৰ পিছত তেওঁ আৰু ছোৱালীৰ পছন্দৰ কথা উল্লেখ কৰি কয় যে কম ধুনীয়া ছোৱালীবোৰে গেলামালৰ দোকান বা পাণৰ দোকান চলোৱা মানুহক বেছি পছন্দ কৰে। দেখিবলৈ অসুন্দৰ ছোৱালীয়ে কৃষকৰ ল'ৰাক বিয়া কৰাবলৈ পছন্দ কৰে। কেৱল কম ধুনীয়া ছোৱালীবোৰেহে কৃষকৰ পৰিয়ালৰ ল'ৰাক বিয়া কৰায়।" ইয়াৰ পিছতে সামান্য হতাশা প্ৰকাশ কৰি তেওঁ আৰু কয় যে এনে বিবাহৰ পৰা জন্ম হোৱা সন্তানবোৰো ধুনীয়া নহয়।

বিধায়কৰ বক্তব্যক লৈ হুলস্থুল

নিৰ্দলীয় বিধায়ক ভূয়াৰৰ এনে বক্তব্যৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক উষ্ণতা অধিক হৈ পৰিছে। এই বক্তব্য সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী যশোমতী ঠাকুৰে মহিলা সন্দৰ্ভত এনে বক্তব্যক তীব্ৰ গৰিহণা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement