--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত শীঘ্ৰে হ’ব বিধানসভা নিৰ্বাচন। ৰাজ্যখনত নিৰ্বাচনী উত্তাপ তীব্ৰতৰ হৈ পৰিছে। সকলো দলে প্ৰতিদিনে ক’ৰবাত নহয় ক’ৰবাত জনসভা সম্বোধন কৰিছে। 

ইয়াৰ মাজতে এজন বিধায়কৰ বক্তব্য পোহৰলৈ আহিছে, যিয়ে বহুত হুলস্থুলৰ সৃষ্টি কৰিছে। দৰাচলতে মঙলবাৰে ৱাৰুদ তহচিলত ৰাজহুৱা সভাত ভাষণ দি ৱাৰুদ-মৰ্শী বিধানসভাৰ নিৰ্দলীয় বিধায়ক তথা উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সমৰ্থক দেৱেন্দ্ৰ ভূয়াৰৰ এক বক্তব্যক লৈ বিতৰ্কৰ সূচনা হৈছে। 

কি বক্তব্য দিলে বিধায়কগৰাকীয়ে?

ৰাজহুৱা সভাত ভাষণ দি বিধায়কগৰাকীয়ে কয়, “যদি ছোৱালী এজনী ধুনীয়া হয়, তেন্তে তেওঁ আপোনাৰ আৰু মোৰ দৰে মানুহক ভাল নাপায়, বৰঞ্চ চাকৰি থকা পুৰুষকহে বাছি লয়। ইয়াৰ পিছত তেওঁ আৰু ছোৱালীৰ পছন্দৰ কথা উল্লেখ কৰি কয় যে কম ধুনীয়া ছোৱালীবোৰে গেলামালৰ দোকান বা পাণৰ দোকান চলোৱা মানুহক বেছি পছন্দ কৰে। দেখিবলৈ অসুন্দৰ ছোৱালীয়ে কৃষকৰ ল'ৰাক বিয়া কৰাবলৈ পছন্দ কৰে। কেৱল কম ধুনীয়া ছোৱালীবোৰেহে কৃষকৰ পৰিয়ালৰ ল'ৰাক বিয়া কৰায়।" ইয়াৰ পিছতে সামান্য হতাশা প্ৰকাশ কৰি তেওঁ আৰু কয় যে এনে বিবাহৰ পৰা জন্ম হোৱা সন্তানবোৰো ধুনীয়া নহয়।

বিধায়কৰ বক্তব্যক লৈ হুলস্থুল

নিৰ্দলীয় বিধায়ক ভূয়াৰৰ এনে বক্তব্যৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক উষ্ণতা অধিক হৈ পৰিছে। এই বক্তব্য সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী যশোমতী ঠাকুৰে মহিলা সন্দৰ্ভত এনে বক্তব্যক তীব্ৰ গৰিহণা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু