--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানুহৰ অসহায়তা আৰু জীৱনলৈ অহা দুৰ্ভাগ্যৰ এট নিদাৰুণ সত্য পোহৰলৈ আহিছে। অতি কৰুণ এক বাস্তৱৰ প্ৰতিফলন ঘটোৱা এই ঘটনাই সকলো সংবেদনশীল লোককে এতিয়া শিয়ৰাই তুলিছে। জীৱন ধাৰণৰ বাবে একোৱেই সম্বল নাইকিয়া হৈ যোৱা এজন অসহায় পিতৃয়ে তেওঁৰ নাবালিকা কন্যাক গতাই দিছে ৫৫ বছৰীয়া এজন লোকৰ হাতত। পৰিয়ালৰ বাকীসকল লোকক ভৰণ-পোষণ দিবলৈ আৰু তেওঁলোকক ভোকত মৰাৰ পৰা ৰক্ষা কৰিবলৈ বাল বধুৰ ৰূপত লোকজনৰ হাতত তুলি দিছে তেওঁ নিজৰ ৯বছৰীয়া কন্যাক। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনত প্ৰকাশিত এই বাতৰি অনুসৰি আব্দুল মালিক নামৰ লোকজনে তেওঁৰ ৯বছৰীয়া কন্যা পাৰৱানাক এজন ৫৫বছৰীয়া লোকৰ হাতত বিক্ৰী কৰি দিয়ে তেওঁৰ পৰিয়ালৰ অৱশিষ্ট লোকসকলক ভৰণ-পোষণ দিয়াৰ বাবে।

এই ঘটনা ক্ষুধা আৰু দাৰিদ্ৰ্যই খেদি ফুৰা আফগানিস্তানৰ। আফগানিস্তানত তালিবানৰ উত্থানৰ পাছৰে পৰা দেশখনত এতিয়া ক্ষুধা, দাৰিদ্ৰ্যৰে যেন ৰাজত্ব চলিছে। জীয়াই থকাৰ সকলো সম্বল হেৰুৱাই এতিয়া মানুহে দিশহাৰা হৈ ঘূৰি ফুৰিবলগীয়া হৈছে। তাৰেই এক জলন্ত উদাহৰণ হৈছে এই ঘটনাটো।পৰিয়ালৰ বাবে দুবেলা-দুমুঠি জোগাৰ কৰিব নোৱৰা হোৱা আব্দুলে ইয়াৰ পূৰ্বে তেওঁ ১২বছৰীয়া তেওঁৰ আন এগৰাকী কন্যাকো বিক্ৰী কৰিছিল।

এটা আশ্ৰয় শিবিৰত থকা তেওঁৰ আঠজনীয়া পৰিয়ালটোৰ হাতত এতিয়া জীৱন ধাৰণৰ বাবে নাই একো সম্বলেই। ১২বছৰীয়া জ্যেষ্ঠ কন্যাক বিক্ৰী কৰি পোৱা ধনেৰে কিছুদিন চলাৰ পাছত এতিয়া উপায়ন্তৰ হৈ তেওঁ ৯বছৰীয়া কন্যাকো আনৰ হাতত গতাই দিবলগীয়া হ’ল। লোকজনৰ হাতত বাল বধুৰ ৰূপত কন্যাক তুলি দি অসহায় আব্দুলে উচুপি উচুপি কান্দি কান্দি ক’লে, ‘এয়া এতিয়া তোমাৰ কইনা। অনুগ্ৰহ কৰি তেওঁৰ চোৱাচিতা কৰিবা। মোৰ কন্যাৰ দায়িত্ব এতিয়া তোমাৰ, অনুগ্ৰহ কৰি তেওঁক নামাৰিবা।’ আব্দুলৰ দৰে আন ভালেমান লোকেই এতিয়া অসহায়তা আৰু অনিশ্চয়তাৰ মাজত কপৰ্দকশূন্য দিন কটাবলগীয়া হৈছে।

আৰু পঢ়কঃ দেৱালীত চাকি-লাইট জ্বলাওতে এই কথাত ধ্যান ৰাখক; ঘৰলৈ আহিব সুখ-সমৃদ্ধি

কেৱল আব্দুলেই নহয়, আন বহুতেই নিজৰ কন্যা সন্তানক বিক্ৰী কৰি দুবেলা দুমুঠি খোৱাৰ কথা ভাবিবলগীয়া হৈছে। কিন্তু কিমান অসহায় অৱস্থালৈ পতিত হোৱাৰ পাছতে মানুহে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় সেয়া নক’লেও চলে। কৰুণ-কাতৰ কণ্ঠে এই পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, মই মোৰ কন্যাক বিক্ৰী কৰি অপৰাধবোধত ভাৰাক্ৰান্ত হৈ পৰিছোঁ। ৰাতি বিছনাত পৰাৰ পাছতো মোৰ চকুৰ পলক জাপ নাখায়। মই ভাঙি পৰিছোঁ। আফগানিস্তানৰ ভগ্ন-বিধ্বস্ত ৰূপটো মানুহৰ এই বিপৰ্যয়েই অতি জলন্ত ৰূপত তুলি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ