--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানুহৰ অসহায়তা আৰু জীৱনলৈ অহা দুৰ্ভাগ্যৰ এট নিদাৰুণ সত্য পোহৰলৈ আহিছে। অতি কৰুণ এক বাস্তৱৰ প্ৰতিফলন ঘটোৱা এই ঘটনাই সকলো সংবেদনশীল লোককে এতিয়া শিয়ৰাই তুলিছে। জীৱন ধাৰণৰ বাবে একোৱেই সম্বল নাইকিয়া হৈ যোৱা এজন অসহায় পিতৃয়ে তেওঁৰ নাবালিকা কন্যাক গতাই দিছে ৫৫ বছৰীয়া এজন লোকৰ হাতত। পৰিয়ালৰ বাকীসকল লোকক ভৰণ-পোষণ দিবলৈ আৰু তেওঁলোকক ভোকত মৰাৰ পৰা ৰক্ষা কৰিবলৈ বাল বধুৰ ৰূপত লোকজনৰ হাতত তুলি দিছে তেওঁ নিজৰ ৯বছৰীয়া কন্যাক। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনত প্ৰকাশিত এই বাতৰি অনুসৰি আব্দুল মালিক নামৰ লোকজনে তেওঁৰ ৯বছৰীয়া কন্যা পাৰৱানাক এজন ৫৫বছৰীয়া লোকৰ হাতত বিক্ৰী কৰি দিয়ে তেওঁৰ পৰিয়ালৰ অৱশিষ্ট লোকসকলক ভৰণ-পোষণ দিয়াৰ বাবে।

এই ঘটনা ক্ষুধা আৰু দাৰিদ্ৰ্যই খেদি ফুৰা আফগানিস্তানৰ। আফগানিস্তানত তালিবানৰ উত্থানৰ পাছৰে পৰা দেশখনত এতিয়া ক্ষুধা, দাৰিদ্ৰ্যৰে যেন ৰাজত্ব চলিছে। জীয়াই থকাৰ সকলো সম্বল হেৰুৱাই এতিয়া মানুহে দিশহাৰা হৈ ঘূৰি ফুৰিবলগীয়া হৈছে। তাৰেই এক জলন্ত উদাহৰণ হৈছে এই ঘটনাটো।পৰিয়ালৰ বাবে দুবেলা-দুমুঠি জোগাৰ কৰিব নোৱৰা হোৱা আব্দুলে ইয়াৰ পূৰ্বে তেওঁ ১২বছৰীয়া তেওঁৰ আন এগৰাকী কন্যাকো বিক্ৰী কৰিছিল।

এটা আশ্ৰয় শিবিৰত থকা তেওঁৰ আঠজনীয়া পৰিয়ালটোৰ হাতত এতিয়া জীৱন ধাৰণৰ বাবে নাই একো সম্বলেই। ১২বছৰীয়া জ্যেষ্ঠ কন্যাক বিক্ৰী কৰি পোৱা ধনেৰে কিছুদিন চলাৰ পাছত এতিয়া উপায়ন্তৰ হৈ তেওঁ ৯বছৰীয়া কন্যাকো আনৰ হাতত গতাই দিবলগীয়া হ’ল। লোকজনৰ হাতত বাল বধুৰ ৰূপত কন্যাক তুলি দি অসহায় আব্দুলে উচুপি উচুপি কান্দি কান্দি ক’লে, ‘এয়া এতিয়া তোমাৰ কইনা। অনুগ্ৰহ কৰি তেওঁৰ চোৱাচিতা কৰিবা। মোৰ কন্যাৰ দায়িত্ব এতিয়া তোমাৰ, অনুগ্ৰহ কৰি তেওঁক নামাৰিবা।’ আব্দুলৰ দৰে আন ভালেমান লোকেই এতিয়া অসহায়তা আৰু অনিশ্চয়তাৰ মাজত কপৰ্দকশূন্য দিন কটাবলগীয়া হৈছে।

আৰু পঢ়কঃ দেৱালীত চাকি-লাইট জ্বলাওতে এই কথাত ধ্যান ৰাখক; ঘৰলৈ আহিব সুখ-সমৃদ্ধি

কেৱল আব্দুলেই নহয়, আন বহুতেই নিজৰ কন্যা সন্তানক বিক্ৰী কৰি দুবেলা দুমুঠি খোৱাৰ কথা ভাবিবলগীয়া হৈছে। কিন্তু কিমান অসহায় অৱস্থালৈ পতিত হোৱাৰ পাছতে মানুহে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় সেয়া নক’লেও চলে। কৰুণ-কাতৰ কণ্ঠে এই পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, মই মোৰ কন্যাক বিক্ৰী কৰি অপৰাধবোধত ভাৰাক্ৰান্ত হৈ পৰিছোঁ। ৰাতি বিছনাত পৰাৰ পাছতো মোৰ চকুৰ পলক জাপ নাখায়। মই ভাঙি পৰিছোঁ। আফগানিস্তানৰ ভগ্ন-বিধ্বস্ত ৰূপটো মানুহৰ এই বিপৰ্যয়েই অতি জলন্ত ৰূপত তুলি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু