--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰেম এক স্বৰ্গীয় অনুভূতি। অন্তৰৰ নিভৃত কোণৰ পৰা কেৱল অনুভৱ কৰিব পৰা এক অনুভূতি নামেই হ’ল প্ৰেম। প্ৰেম আছে বাবেই সৃষ্টি আছে, প্ৰেমৰ বাবেই বিশ্বখন চলি আছে৷ প্ৰেমক কোনো ভাষাৰে প্ৰকাশ কৰাৰো প্ৰয়োজন নাই, মৌনতাই প্ৰকাশ কৰিব পাৰে হৃদয়ৰ হাজাৰটা গোপন কথা, দুচকুৰ নীলাভ চাৱনীয়ে প্ৰকাশ কৰিব পাৰে গভীৰ ভালপোৱা অনুভূতিক৷

অৱশ্যে বিংশ শতিকা আৰু ৮০/৯০ দশকৰ প্ৰেমৰ মাজত আকাশ-পাতাল পাৰ্থক্য পৰিলক্ষিত হয়, সেইয়া লাগিলে ভালপোৱা প্ৰকাশভংগীয়ে হওঁক বা প্ৰেমৰ গভীৰতাৰ ক্ষেত্ৰতে হওঁক৷ এটা সময় আছিল, যেতিয়া প্ৰেমিক যুগলে যোগা-যোগৰ মাধ্যম হিচাপে কেৱল এখন চিঠি ব্যৱহাৰ কৰিছিল, সেই সময়ত প্ৰেমিক-প্ৰেমিকাই এখন চিঠিৰ অপেক্ষাত ডাকোৱাল জনলৈ ৰৈ থকা যি মাদকতা সেইয়া সকলোতকৈ সুকীয়া৷ সময় সলনি হ’ল, সলনি হ’ল প্ৰেম কৰাৰ প্ৰকাশভংগীও৷ বৰ্তমান সময় ইণ্টাৰনেটৰ যুগ, ছচি’য়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ যোগেদি বহু যুৱক-যুৱতীয়ে গঢ়ি তোলে প্ৰথম প্ৰেমৰ প্ৰকাশ৷ আনকি অনলাইন প্ৰেম যোগেদিয়েই বহুতো প্ৰেমিক-প্ৰেমিকাই দেখা সাক্ষাত নোহোৱাকৈ বিয়া পৰ্যন্ত ঠিক কৰি পেলাই, ভালপোৱাৰ প্ৰকাশভংগী সেই মবাইল ফন’টোৱে একমাত্ৰ সাৰথি৷ মান-অভিমান, খং ৰাগ, হাঁহি-কান্দোন সকলোবোৰৰ সাক্ষী হৈ থাকে এই মবাইল ফন’টোৱে৷

কিন্তু এইবাৰ অনলাইন প্ৰেমৰ ক্ষেত্ৰত প্ৰকাশ পোৱা এটা সমীক্ষাই সকলোৰে মাজত চৰ্চা লাভ কৰিছে৷ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মেৰেজ ফাউণ্ডেচনৰ এটা অধ্যয়নত প্ৰকাশ পাইছে যে, যিসকল লোকে অনলাইন প্ৰেম কৰি বিবাহ-পাশত আবদ্ধ হৈছে তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা অধিক৷ সমীক্ষাটোত প্ৰকাশ পাইছে যে, যি সকললোকে প্ৰেম কৰি বিবাহ-পাশত আবদ্ধ হৈছে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আশংকা ১৭% লৈ বৃদ্ধি পোৱাৰ বিপৰীতে যি সকল লোকে ঘৰৰ পৰা চোৱা পাত্ৰ-পাত্ৰীৰ লগত বিবাহ-পাশত আবদ্ধ হ’য় তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আশংকা মাত্ৰ ২%৷ সমীক্ষাটোত মুঠ ২০০০ জন দম্পতীক লৈ কৰা হৈছিল আৰু তেওঁলোকৰ বয়স আছিল ৩০ বছৰৰ ওচৰত৷ তেওঁলোকৰ বেছিভাগেই অনলাইন এপৰ যোগেদি লগ পাইছিল আৰু কথা-বতৰা হৈছিল তাৰ পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে৷ অনলাইন মাধ্যমৰ যোগেদি ভালপোৱাক যদিও একেবাৰে ওচৰ চপাই আনিলে তথাপিও কিন্তু ভালপোৱাৰ পৰিসৰৰ ক্ষেত্ৰত এতিয়াও কৰবাত যেন সুৰুঙা ৰৈ যায় বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ