--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰেম এক স্বৰ্গীয় অনুভূতি। অন্তৰৰ নিভৃত কোণৰ পৰা কেৱল অনুভৱ কৰিব পৰা এক অনুভূতি নামেই হ’ল প্ৰেম। প্ৰেম আছে বাবেই সৃষ্টি আছে, প্ৰেমৰ বাবেই বিশ্বখন চলি আছে৷ প্ৰেমক কোনো ভাষাৰে প্ৰকাশ কৰাৰো প্ৰয়োজন নাই, মৌনতাই প্ৰকাশ কৰিব পাৰে হৃদয়ৰ হাজাৰটা গোপন কথা, দুচকুৰ নীলাভ চাৱনীয়ে প্ৰকাশ কৰিব পাৰে গভীৰ ভালপোৱা অনুভূতিক৷

অৱশ্যে বিংশ শতিকা আৰু ৮০/৯০ দশকৰ প্ৰেমৰ মাজত আকাশ-পাতাল পাৰ্থক্য পৰিলক্ষিত হয়, সেইয়া লাগিলে ভালপোৱা প্ৰকাশভংগীয়ে হওঁক বা প্ৰেমৰ গভীৰতাৰ ক্ষেত্ৰতে হওঁক৷ এটা সময় আছিল, যেতিয়া প্ৰেমিক যুগলে যোগা-যোগৰ মাধ্যম হিচাপে কেৱল এখন চিঠি ব্যৱহাৰ কৰিছিল, সেই সময়ত প্ৰেমিক-প্ৰেমিকাই এখন চিঠিৰ অপেক্ষাত ডাকোৱাল জনলৈ ৰৈ থকা যি মাদকতা সেইয়া সকলোতকৈ সুকীয়া৷ সময় সলনি হ’ল, সলনি হ’ল প্ৰেম কৰাৰ প্ৰকাশভংগীও৷ বৰ্তমান সময় ইণ্টাৰনেটৰ যুগ, ছচি’য়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ যোগেদি বহু যুৱক-যুৱতীয়ে গঢ়ি তোলে প্ৰথম প্ৰেমৰ প্ৰকাশ৷ আনকি অনলাইন প্ৰেম যোগেদিয়েই বহুতো প্ৰেমিক-প্ৰেমিকাই দেখা সাক্ষাত নোহোৱাকৈ বিয়া পৰ্যন্ত ঠিক কৰি পেলাই, ভালপোৱাৰ প্ৰকাশভংগী সেই মবাইল ফন’টোৱে একমাত্ৰ সাৰথি৷ মান-অভিমান, খং ৰাগ, হাঁহি-কান্দোন সকলোবোৰৰ সাক্ষী হৈ থাকে এই মবাইল ফন’টোৱে৷

কিন্তু এইবাৰ অনলাইন প্ৰেমৰ ক্ষেত্ৰত প্ৰকাশ পোৱা এটা সমীক্ষাই সকলোৰে মাজত চৰ্চা লাভ কৰিছে৷ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মেৰেজ ফাউণ্ডেচনৰ এটা অধ্যয়নত প্ৰকাশ পাইছে যে, যিসকল লোকে অনলাইন প্ৰেম কৰি বিবাহ-পাশত আবদ্ধ হৈছে তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা অধিক৷ সমীক্ষাটোত প্ৰকাশ পাইছে যে, যি সকললোকে প্ৰেম কৰি বিবাহ-পাশত আবদ্ধ হৈছে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আশংকা ১৭% লৈ বৃদ্ধি পোৱাৰ বিপৰীতে যি সকল লোকে ঘৰৰ পৰা চোৱা পাত্ৰ-পাত্ৰীৰ লগত বিবাহ-পাশত আবদ্ধ হ’য় তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আশংকা মাত্ৰ ২%৷ সমীক্ষাটোত মুঠ ২০০০ জন দম্পতীক লৈ কৰা হৈছিল আৰু তেওঁলোকৰ বয়স আছিল ৩০ বছৰৰ ওচৰত৷ তেওঁলোকৰ বেছিভাগেই অনলাইন এপৰ যোগেদি লগ পাইছিল আৰু কথা-বতৰা হৈছিল তাৰ পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে৷ অনলাইন মাধ্যমৰ যোগেদি ভালপোৱাক যদিও একেবাৰে ওচৰ চপাই আনিলে তথাপিও কিন্তু ভালপোৱাৰ পৰিসৰৰ ক্ষেত্ৰত এতিয়াও কৰবাত যেন সুৰুঙা ৰৈ যায় বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু