--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৰা কৰ্মকাণ্ডৰ বাবে সততে সংবাদ শিৰোনাম দখল কৰি থাকে৷ গোলকীয় বিশ্বখনত এককভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো দিশৰ প্ৰতি সাধাৰণ মানুহে চকু ৰাখে৷

শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা এক কৰ্মৰ বাবে আকৌ এবাৰ ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ উল্লেখ্য যে, স্কটলেণ্ডৰ গ্লাছ’গত পৰিৱেশ সমন্ধীয় এখন শীৰ্ষ সন্মিলন হৈছিল, য’ত প্ৰায় সংখ্যক ৰাষ্ট্ৰপ্ৰধান, শীৰ্ষ ৰাজনীতিবিদ, পৰিৱেশ বিজ্ঞানীসকলে অংশগ্ৰহণ কৰিছিল৷ সন্মিলনখনত দিনক-দিনে বৃদ্ধি পাই অহা সঘন জলবায়ু পৰিৱৰ্তন, অবাধ গতিত চলি থকা বন ধ্বংসযজ্ঞা কেনেদৰে ৰোধ কৰিব পাৰি তাক লৈ আলোচনা চলি আছিল আৰু সকলো ৰাষ্ট্ৰৰ শীৰ্ষ নেতাসকলে নিজৰ মত ব্যক্ত কৰিছিল৷ সন্মিলনখনৰ মাজভাগতে দুপৰীয়া আহাৰ খোৱাৰ সময় হৈছিল আৰু তেতিয়াই ঘটিছল অঘটনটো৷ আহাৰ গ্ৰহণ কৰাৰ পাছত আকৌ সন্মিলনৰ বাকী থকা অংশ আৰম্ভ হৈছিল আৰু সেই সময়তে ৰাষ্ট্ৰপতি জ’বাইডেনৰ ভাত-ঘুমটি আহিছিল আৰু তেওঁ শুই পৰিছিল৷ ৰাষ্ট্ৰপতি শুই থকাৰ সমগ্ৰ ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইয়াক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷ অৱশ্যে বাইডেনে কৰা এনে কৰ্ম-কাণ্ড কোনো নতুন নহয়, পূৰ্বতেও তেওঁ বিমানৰ চিৰি বগাওতে বাগৰি পৰা ভিডিঅ’ ইণ্টাৰনেটত ব্যপক চৰ্চা লাভ কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ