--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ সৰৱ হৈছে কেন্দ্ৰৰ প্ৰতি। কেন্দ্ৰ চৰকাৰক হিন্দু-মুছলিমৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে বৰ্ষীয়ান অভিনেতাগৰাকীয়ে। অভিনেতা শ্বাহে কয় যে ধৰ্মক লৈ লাগি থাকিলে অতি সোনকালে দেশত গৃহযুদ্ধ হ'ব। নাছিৰুদ্দিন শ্বাহে এক সাক্ষাৎকাৰত কৈছিল যে ''এতিয়া দেশত কি হৈ আছে দেখি মই অতি আচৰিত হৈছো। ভাৰতত ২০ কোটি মুছলমান আছে। এই ২০ কোটি মুছলমানৰ মাতৃভূমি ভাৰতবৰ্ষ। আমাৰ ইয়াতেই জন্ম হৈছে। প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি ভাৰততেই আমি বসবাস কৰি আহিছো। এই দেশৰ মাটি-পানী খায়েই আমাৰ পূৰ্বপুৰুষসকলে মৃত্যুবৰণ কৰিছে।''

তেওঁ লগতে কয় যে ''ভাৰতত বৰ্তমান মুছলমানসকলক ভীতিগ্ৰস্ত কৰি ৰাখিব বিচৰা হয়। আমাৰ ওপৰত যিমান ঘৃণা বিয়পাই দিলেও এই দেশ এৰি আমি ক’তো নাযাওঁ। আমি মুছলমান লোকসকলে হাৰ নামানো। যিকোনো পৰিস্থিতিত আমি যুঁজিব লাগিব। আমি আমাৰ ঘৰ আৰু মাতৃভূমিক সুৰক্ষিত কৰি ৰাখিব লাগিব। আমি আমাৰ পৰিয়াল আৰু সন্তানক বচাব লাগিব। মোক যিসকলে পাকিস্তান যাবলৈ কয় সেইসকলে প্ৰথমে কৈলাশ পৰ্বতলৈ গৈ দেখুৱাক।''

ইফালে নাছিৰুদ্দিন শ্বাহে মোগলক 'শৰণাৰ্থী' বুলি কৈ টুইটাৰত ট্ৰ’লৰ সন্মুখীন হৈছে। তেওঁ এটা সাক্ষাৎকাৰ দিছিল। সাক্ষাৎকাৰটোত নাছিৰুদ্দিন শ্বাহে কৈছিল ''মোগলৰ অত্যাচাৰখিনিকে সকলো সময়তে আলোকপাত কৰা হৈছে। আমি পাহৰি যাওঁ যে মোগলসকল এনে লোক যিয়ে দেশলৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁলোক এনে লোক যিয়ে দেশত বহু স্থায়ী স্মাৰক এৰি থৈ গৈছে। দেশত নৃত্য, সংগীত, চিত্ৰাংকন, সাহিত্যৰ পৰম্পৰা দি থৈ গৈছে।''

উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে নাছিৰুদ্দিন শ্বাহে প্ৰদান কৰা এক মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কৈছিল যে ''একাংশ মুছলমানে তালিবানৰ উত্থানক লৈ আনন্দ উদযাপন কৰাটো অতি ভয়ংকৰ। যিসময়ত আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত সমগ্ৰ বিশ্বৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে, সেই সময়ত ভাৰতৰ একাংশ মুছলমান লোকে আনন্দ উদযাপন কৰাটো অতি বিপজ্জনক। তালিবানক বৰ্বৰ বুলিও আখ্যা দিয়ে নাছিৰুদ্দিন শ্বাহে। তেওঁ কয়- যিসকলে তালিবানৰ পুনৰোত্থানক লৈ আনন্দ কৰিছে, নিজকে প্ৰশ্ন কৰা উচিত যে তেওঁলোকে তেওঁলোকৰ ধৰ্মক আধুনিক কৰি তুলিব কৰিব নে পুৰণা বৰ্বৰ ধৰ্মীয় ব্যৱস্থা এটাতে থাকিব। তদুপৰি তেওঁ ভাৰতীয় মুছলমানসকলক ‘হিন্দুস্তানী মুছলমান’ বুলিও অভিহিত কৰে। তেওঁ কয় যে হিন্দুস্তানী ইছলাম আৰু বিশ্বৰ অন্যান্য ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত পাৰ্থক্য আছে। নিজকে হিন্দুস্তানী মুছলমান বুলি আখ্যা দি অভিনেতাজনে কয় যে ঈশ্বৰৰ স’তে তেওঁৰ সম্পৰ্ক অনানুষ্ঠানিক আৰু এইক্ষেত্ৰত প্ৰতিষ্ঠিত ৰাজনৈতিক ধৰ্ম তেওঁৰ প্ৰয়োজন নাই।''

আৰু পঢ়কঃ পাৰ্টীত মদ বুলি খালে এচিড! ৩ জনৰ মৃত্যু,৭ জনৰ অৱস্থা সংকটজনক


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ