--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ সৰৱ হৈছে কেন্দ্ৰৰ প্ৰতি। কেন্দ্ৰ চৰকাৰক হিন্দু-মুছলিমৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে বৰ্ষীয়ান অভিনেতাগৰাকীয়ে। অভিনেতা শ্বাহে কয় যে ধৰ্মক লৈ লাগি থাকিলে অতি সোনকালে দেশত গৃহযুদ্ধ হ'ব। নাছিৰুদ্দিন শ্বাহে এক সাক্ষাৎকাৰত কৈছিল যে ''এতিয়া দেশত কি হৈ আছে দেখি মই অতি আচৰিত হৈছো। ভাৰতত ২০ কোটি মুছলমান আছে। এই ২০ কোটি মুছলমানৰ মাতৃভূমি ভাৰতবৰ্ষ। আমাৰ ইয়াতেই জন্ম হৈছে। প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি ভাৰততেই আমি বসবাস কৰি আহিছো। এই দেশৰ মাটি-পানী খায়েই আমাৰ পূৰ্বপুৰুষসকলে মৃত্যুবৰণ কৰিছে।''

তেওঁ লগতে কয় যে ''ভাৰতত বৰ্তমান মুছলমানসকলক ভীতিগ্ৰস্ত কৰি ৰাখিব বিচৰা হয়। আমাৰ ওপৰত যিমান ঘৃণা বিয়পাই দিলেও এই দেশ এৰি আমি ক’তো নাযাওঁ। আমি মুছলমান লোকসকলে হাৰ নামানো। যিকোনো পৰিস্থিতিত আমি যুঁজিব লাগিব। আমি আমাৰ ঘৰ আৰু মাতৃভূমিক সুৰক্ষিত কৰি ৰাখিব লাগিব। আমি আমাৰ পৰিয়াল আৰু সন্তানক বচাব লাগিব। মোক যিসকলে পাকিস্তান যাবলৈ কয় সেইসকলে প্ৰথমে কৈলাশ পৰ্বতলৈ গৈ দেখুৱাক।''

ইফালে নাছিৰুদ্দিন শ্বাহে মোগলক 'শৰণাৰ্থী' বুলি কৈ টুইটাৰত ট্ৰ’লৰ সন্মুখীন হৈছে। তেওঁ এটা সাক্ষাৎকাৰ দিছিল। সাক্ষাৎকাৰটোত নাছিৰুদ্দিন শ্বাহে কৈছিল ''মোগলৰ অত্যাচাৰখিনিকে সকলো সময়তে আলোকপাত কৰা হৈছে। আমি পাহৰি যাওঁ যে মোগলসকল এনে লোক যিয়ে দেশলৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁলোক এনে লোক যিয়ে দেশত বহু স্থায়ী স্মাৰক এৰি থৈ গৈছে। দেশত নৃত্য, সংগীত, চিত্ৰাংকন, সাহিত্যৰ পৰম্পৰা দি থৈ গৈছে।''

উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে নাছিৰুদ্দিন শ্বাহে প্ৰদান কৰা এক মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কৈছিল যে ''একাংশ মুছলমানে তালিবানৰ উত্থানক লৈ আনন্দ উদযাপন কৰাটো অতি ভয়ংকৰ। যিসময়ত আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত সমগ্ৰ বিশ্বৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে, সেই সময়ত ভাৰতৰ একাংশ মুছলমান লোকে আনন্দ উদযাপন কৰাটো অতি বিপজ্জনক। তালিবানক বৰ্বৰ বুলিও আখ্যা দিয়ে নাছিৰুদ্দিন শ্বাহে। তেওঁ কয়- যিসকলে তালিবানৰ পুনৰোত্থানক লৈ আনন্দ কৰিছে, নিজকে প্ৰশ্ন কৰা উচিত যে তেওঁলোকে তেওঁলোকৰ ধৰ্মক আধুনিক কৰি তুলিব কৰিব নে পুৰণা বৰ্বৰ ধৰ্মীয় ব্যৱস্থা এটাতে থাকিব। তদুপৰি তেওঁ ভাৰতীয় মুছলমানসকলক ‘হিন্দুস্তানী মুছলমান’ বুলিও অভিহিত কৰে। তেওঁ কয় যে হিন্দুস্তানী ইছলাম আৰু বিশ্বৰ অন্যান্য ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত পাৰ্থক্য আছে। নিজকে হিন্দুস্তানী মুছলমান বুলি আখ্যা দি অভিনেতাজনে কয় যে ঈশ্বৰৰ স’তে তেওঁৰ সম্পৰ্ক অনানুষ্ঠানিক আৰু এইক্ষেত্ৰত প্ৰতিষ্ঠিত ৰাজনৈতিক ধৰ্ম তেওঁৰ প্ৰয়োজন নাই।''

আৰু পঢ়কঃ পাৰ্টীত মদ বুলি খালে এচিড! ৩ জনৰ মৃত্যু,৭ জনৰ অৱস্থা সংকটজনক

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
'অপাৰেশ্যন সিন্দূৰ' শেষ হোৱা নাই, সন্ত্রাসবাদীক সমর্থন দি থাকিলে পৰিণাম বিষম হ'ব: ৰাজনাথ সিং
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত