--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টাটা ছনচে সোমবাৰে এয়াৰ ইণ্ডিয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালকৰ নাম ঘোষণা কৰে৷ তেওঁ হৈছে মেহমেত ইলকাৰ আইচিক৷ মেহমেতে ১ এপ্ৰিলত বা তাৰ আগতে দায়িত্ব ল'ব বুলি আশা কৰা হৈছে৷ আইচি অলপতে টাৰ্কিছ এয়াৰলাইনছৰ অধ্যক্ষ আছিল আৰু তাৰ আগতে ইয়াৰ পৰিচালক মণ্ডলীতো আছিল বুলি জানিবলৈ পোৱা গৈছে। সোমবাৰে এয়াৰ ইণ্ডিয়াৰ ব'ৰ্ড মিটিত নিযুক্তিৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ য'ত টাটা ছনচৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন উপস্থিত আছিল। আইচিৰ নিযুক্তি কোম্পানীটোৰ নিয়ম অনুমোদন সাপেক্ষে হ'ব। 'আমি আইচিক টাটা গ্ৰুপলৈ স্বাগতম জনাই আনন্দিত য'ত তেওঁ এয়াৰ ইণ্ডিয়াক নতুন যুগলৈ লৈ যাব বুলি আশা কৰিছো'- চন্দ্ৰশেখৰনে কয়। এই নিযুক্তিৰ কথা স্বীকাৰ কৰি আইচিয়ে কয় যে, 'এটা আইকনিক এয়াৰলাইনৰ নেতৃত্ব দিয়া আৰু টাটা গ্ৰুপত যোগদান কৰাৰ বিশেষাধিকাৰ স্বীকাৰ কৰি আনন্দিত আৰু সন্মানিত হৈছো।' আইচিয়ে লগতে কয়, 'এআইত মোৰ সহকৰ্মী আৰু টাটা গ্ৰুপৰ নেতৃত্বৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ পাই মই সুখী৷, আমি এয়াৰ ইণ্ডিয়াৰ শক্তিশালী ঐতিহ্যক ব্যৱহাৰ কৰি ইয়াক এক অনন্য উৎকৃষ্ট উৰণ অভিজ্ঞতাৰ সৈতে বিশ্বৰ শ্ৰেষ্ঠ এয়াৰলাইনসমূহৰ ভিতৰত এটা কৰি তুলিম যি ভাৰতীয় উষ্ণতা আৰু আতিথ্য প্ৰতিফলিত কৰে৷' ১৯৭১ চনত ইস্তাম্বুলত জন্মগ্ৰহণ কৰা আইচি এসময়ত দেশখনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰ টি এৰ্ডোগানৰ উপদেষ্টা হিচাপে কাম কৰিছিল৷ তেওঁ ২০১৫ চনৰ পৰা পদত্যাগ কৰালৈকে টাৰ্কিছ এয়াৰলাইনছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক