--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টাটা ছনচে সোমবাৰে এয়াৰ ইণ্ডিয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালকৰ নাম ঘোষণা কৰে৷ তেওঁ হৈছে মেহমেত ইলকাৰ আইচিক৷ মেহমেতে ১ এপ্ৰিলত বা তাৰ আগতে দায়িত্ব ল'ব বুলি আশা কৰা হৈছে৷ আইচি অলপতে টাৰ্কিছ এয়াৰলাইনছৰ অধ্যক্ষ আছিল আৰু তাৰ আগতে ইয়াৰ পৰিচালক মণ্ডলীতো আছিল বুলি জানিবলৈ পোৱা গৈছে। সোমবাৰে এয়াৰ ইণ্ডিয়াৰ ব'ৰ্ড মিটিত নিযুক্তিৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ য'ত টাটা ছনচৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন উপস্থিত আছিল। আইচিৰ নিযুক্তি কোম্পানীটোৰ নিয়ম অনুমোদন সাপেক্ষে হ'ব। 'আমি আইচিক টাটা গ্ৰুপলৈ স্বাগতম জনাই আনন্দিত য'ত তেওঁ এয়াৰ ইণ্ডিয়াক নতুন যুগলৈ লৈ যাব বুলি আশা কৰিছো'- চন্দ্ৰশেখৰনে কয়। এই নিযুক্তিৰ কথা স্বীকাৰ কৰি আইচিয়ে কয় যে, 'এটা আইকনিক এয়াৰলাইনৰ নেতৃত্ব দিয়া আৰু টাটা গ্ৰুপত যোগদান কৰাৰ বিশেষাধিকাৰ স্বীকাৰ কৰি আনন্দিত আৰু সন্মানিত হৈছো।' আইচিয়ে লগতে কয়, 'এআইত মোৰ সহকৰ্মী আৰু টাটা গ্ৰুপৰ নেতৃত্বৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ পাই মই সুখী৷, আমি এয়াৰ ইণ্ডিয়াৰ শক্তিশালী ঐতিহ্যক ব্যৱহাৰ কৰি ইয়াক এক অনন্য উৎকৃষ্ট উৰণ অভিজ্ঞতাৰ সৈতে বিশ্বৰ শ্ৰেষ্ঠ এয়াৰলাইনসমূহৰ ভিতৰত এটা কৰি তুলিম যি ভাৰতীয় উষ্ণতা আৰু আতিথ্য প্ৰতিফলিত কৰে৷' ১৯৭১ চনত ইস্তাম্বুলত জন্মগ্ৰহণ কৰা আইচি এসময়ত দেশখনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰ টি এৰ্ডোগানৰ উপদেষ্টা হিচাপে কাম কৰিছিল৷ তেওঁ ২০১৫ চনৰ পৰা পদত্যাগ কৰালৈকে টাৰ্কিছ এয়াৰলাইনছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক