--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিম্বদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰাৰ অভিযোগত কেইমাহমান পূৰ্বে অভিযোগত গ্ৰেপ্তাৰ হোৱা শিৱসাগৰৰ ৱাজিদ হুছেইনে জামিন লাভ কৰিছে৷ ৱাজিদৰ জামিনৰ পাছতেই ফাদিল হ’ল শিৱসাগৰ আৰক্ষীৰ মিথ্যাচাৰ৷ বিগত ২ মাহে শিৱসাগৰ আৰক্ষীয়ে আদালতত দাখিল কৰিব নোৱাৰিলে চাৰ্জশ্বিট৷ আৰৱৰ পৰা মাৰাডোনাৰ ঘড়ী চুৰিৰ কোনো নথি-পত্ৰ আৰু তথ্য আদালতত জমা দিব নোৱাৰিলে শিৱসাগৰ আৰক্ষীয়ে৷ অথচ, ৯ ডিচেম্বৰত মাৰাডোনাৰ ঘড়ী চুৰি কৰা ৱাজিদ হুছেইনক গ্ৰেপ্তাৰৰ সময়ত ডুবাই আৰক্ষীয়ে অসম আৰক্ষীক যোগাযোগ কৰা বুলিও সংবাদমেলত সদম্ভে ঘোষণা কৰিছিল শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে আনকি সেয়া শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা বুলিও সংবাদ মাধ্যমযোগে সদৰী কৰিছিল৷ অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰা বুলি টুইটযোগে সদৰী কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙেও৷ টুইটযোগে অসমৰ মূখ্যমন্ত্ৰীয়েও আৰক্ষীয়ে মাৰাডোনাৰ ঘড়ী উদ্ধাৰৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ উল্লেখ্য যে, International Cooperation Act অনুসৰি Indian Federal LEAৰ জৰিয়তে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীক মাৰাডোনাৰ ঘড়ী চুৰিত জড়িত ৱাজিদক কৰায়ত্ত কৰা বুলিও দাবী কৰিছিল শিৱসাগৰ আৰক্ষীয়ে৷ কিন্তু, দুমাহেও ডুবাই আৰক্ষীৰ কোনো তথ্য তথা ঘড়ী চুৰিৰ সম্পৰ্কত ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰকে ধৰি কোনো তথ্য আদালতত দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ যাৰবাবে আজি আদালতে জামিনত মুকলি কৰি দিয়ে ৱাজিদ হুছেইনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক