--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিম্বদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰাৰ অভিযোগত কেইমাহমান পূৰ্বে অভিযোগত গ্ৰেপ্তাৰ হোৱা শিৱসাগৰৰ ৱাজিদ হুছেইনে জামিন লাভ কৰিছে৷ ৱাজিদৰ জামিনৰ পাছতেই ফাদিল হ’ল শিৱসাগৰ আৰক্ষীৰ মিথ্যাচাৰ৷ বিগত ২ মাহে শিৱসাগৰ আৰক্ষীয়ে আদালতত দাখিল কৰিব নোৱাৰিলে চাৰ্জশ্বিট৷ আৰৱৰ পৰা মাৰাডোনাৰ ঘড়ী চুৰিৰ কোনো নথি-পত্ৰ আৰু তথ্য আদালতত জমা দিব নোৱাৰিলে শিৱসাগৰ আৰক্ষীয়ে৷ অথচ, ৯ ডিচেম্বৰত মাৰাডোনাৰ ঘড়ী চুৰি কৰা ৱাজিদ হুছেইনক গ্ৰেপ্তাৰৰ সময়ত ডুবাই আৰক্ষীয়ে অসম আৰক্ষীক যোগাযোগ কৰা বুলিও সংবাদমেলত সদম্ভে ঘোষণা কৰিছিল শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে আনকি সেয়া শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা বুলিও সংবাদ মাধ্যমযোগে সদৰী কৰিছিল৷ অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰা বুলি টুইটযোগে সদৰী কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙেও৷ টুইটযোগে অসমৰ মূখ্যমন্ত্ৰীয়েও আৰক্ষীয়ে মাৰাডোনাৰ ঘড়ী উদ্ধাৰৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ উল্লেখ্য যে, International Cooperation Act অনুসৰি Indian Federal LEAৰ জৰিয়তে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীক মাৰাডোনাৰ ঘড়ী চুৰিত জড়িত ৱাজিদক কৰায়ত্ত কৰা বুলিও দাবী কৰিছিল শিৱসাগৰ আৰক্ষীয়ে৷ কিন্তু, দুমাহেও ডুবাই আৰক্ষীৰ কোনো তথ্য তথা ঘড়ী চুৰিৰ সম্পৰ্কত ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰকে ধৰি কোনো তথ্য আদালতত দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ যাৰবাবে আজি আদালতে জামিনত মুকলি কৰি দিয়ে ৱাজিদ হুছেইনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক