--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালৰ সাংসদসকলে দুৰ্নীতিক উদগনি দিয়াৰ অভিযোগত মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰিছে৷ কালি নেপালী সাংসদৰ এটা সজাঁতী দলে মুখ্য ন্যায়াধীশ চোলেন্দ্ৰ শুমছেৰ ৰাণাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰে। ৰাণাৰ সহযোগী ন্যায়াধীশ আৰু অধিবক্তাসকলৰ দ্বাৰা মুখ্য ন্যায়াধীশে ন্যায়পালিকাত দুৰ্নীতিক উদগনি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ অধিবক্তাসকলে এইটোও অভিযোগ কৰিছে যে তেওঁ ইচ্ছাকৃতভাৱে সশস্ত্ৰ আৰক্ষীবাহিনীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক ৰঞ্জন কৈৰালাৰ সৈতে জড়িত এটা হত্যাৰ গোচৰৰ পুনৰীক্ষণত পলম কৰিছিল। মুঠ ৯৮গৰাকী সাংসদে সংসদ সচিবালয়ত ৰাণাৰ বিৰুদ্ধে প্ৰস্তাৱ দাখিল কৰিছে। নেপালী কংগ্ৰেছ, নেপালৰ কমিউনিষ্ট পাৰ্টী(মাওবাদী কেন্দ্ৰ) আৰু নেপালৰ কমিউনিষ্ট পাৰ্টী(ইউনিফাইড ছ’চিয়েলিষ্ট)ৰ সাংসদসকলে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰিছে বুলি সংসদ সচিবালয়ৰ সচিব গোপাল নাথ যোগীয়ে সদৰী কৰিছে৷ জানিব পৰা মতে, মহাভিযোগ প্ৰস্তাৱত স্বাক্ষৰ কৰা সাংসদসকলৰ ভিতৰত আইন আৰু ন্যায় মন্ত্ৰী দীলেন্দ্ৰ প্ৰসাদ বাদু আৰু নেপালী কংগ্ৰেছৰ হুইপ পুষ্প ভুশালো আছিল। নেপালৰ সংবিধানৰ অধীনত সংসদৰ এক-চতুৰ্থাংশ সদস্যই সাংবিধানিক পদত যিকোনো বিষয়াৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ দাখিল কৰিব পাৰে। অৱশ্যে, প্ৰস্তাৱটো গৃহীত হোৱাৰ বাবে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। প্ৰস্তাৱটো গৃহীত হোৱাৰ বাবে ২৭১জনীয়া সংসদত মুঠ ১৮১টা ভোটৰ প্ৰয়োজন। যদি এনে হয়, কাঠমাণ্ডু পোষ্টৰ মতে মুখ্য ন্যায়াধীশক স্বয়ংক্ৰিয়ভাৱে তেওঁৰ পদৰ পৰা নিলম্বিত কৰা হ’ব। উল্লেখযোগ্য যে, ২০১২ চনত আৰক্ষী বিষয়া ৰঞ্জন কৈৰালাই তেওঁৰ পত্নীক হত্যা কৰিছিল আৰু তাৰ পাছত কাঠমাণ্ডুৰ উপকণ্ঠৰ এখন অৰণ্যত তেওঁৰ মৃতদেহ নিষ্কাশন কৰিছিল। ২০১৪ৰ ২০ এপ্ৰিলত তাৰিখে কাঠমাণ্ডু জিলা আদালতে তেওঁক দোষী সাব্যস্ত কৰে আৰু যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। পৰৱৰ্তী সময়ত, মুখ্য ন্যায়াধীশ ৰাণা আৰু ন্যায়াধীশ তেজ বাহাদুৰ কেচিক লৈ গঠিত এখন বিচাৰপীঠে শাস্তিটো আঠ বছৰলৈ হ্ৰাস কৰে। উচ্চতম ন্যায়ালয়ৰ এখন পৃথক বিচাৰপীঠে পাছত ৰায়টো পুনৰীক্ষণ কৰাৰ অনুমতি প্ৰদান কৰিছিল। অৱশ্যে, পোন্ধৰ মাহৰ পাছত বিষয়টোত কোনো শুনানি ৰখা হোৱা নাই। প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ নেতৃত্বত কেবিনেটত মুখ্য ন্যায়াধীশ ৰাণাৰ এজন আত্মীয়ক মন্ত্ৰী হিচাপে নিযুক্ত কৰাৰ পাছত ৰাণা নেপাল বাৰ এছ’চিয়েশ্যনৰ সমালোচনাৰ সন্মুখীন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক