--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিতব্য বিশ্বকাপৰ ফাইনেল মেচখনক লৈ বিশ্বৰ ক্ৰিকেটানুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা৷ একেসময়তে ছুপাৰ চেলিব্ৰিটিৰ আগমনক লৈও বৃদ্ধি পাইছে ফাইনেলৰ উত্তাপ, দুগুণে চৰিছে শিহৰণ৷ 

টীম ইণ্ডিয়াই ফাইনেলত উপনীত হোৱাৰ পাছৰে পৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে এই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু শেহতীয়াকৈ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী নোহোৱা ভাৰতীয়সকলেও এই দিনটোৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছে। 

পিছে ইয়াৰ কাৰণ কি?
প্ৰকৃততে এই অপেক্ষা দুৱা লিপাৰ বাবে, যিয়ে বিশ্বকাপৰ ফাইনেলত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ আহি আছে দুৱা লিপা। লিপা ভাৰতলৈ অহাৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰিছে। তেওঁৰ প্ৰৱেশে বিশ্বকাপৰ উত্তেজনা দুগুণে বৃদ্ধি কৰিছে।

বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা দুৱা লিপাৰ বয়স মাত্ৰ ২৮ বছৰ৷ কিন্তু সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগী আছে। ফুটবলৰ বৃহৎ প্ৰতিযোগিতাবোৰৰ উদ্বোধনী অনুষ্ঠানতো অনুষ্ঠান পৰিৱেশন কৰিছে দুৱাই৷ অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে ক্ৰিকেট অনুষ্ঠানত অনুষ্ঠান প্ৰদৰ্শন কৰিব দুৱাই৷

দুৱা লিপা এগৰাকী আলবেনীয় বংশোদ্ভুত ব্ৰিটিছ কণ্ঠশিল্পী৷ তেওঁ মডেলিঙো মডেলিঙো কৰিছে আৰু গান লিখিছে। তেওঁ খুব কম বয়সতে তেওঁৰ সংগীত জীৱন আৰম্ভ কৰিছিল। ১৪ বছৰ বয়সত তেওঁ ইউটিউবত গান মুকলি কৰিছিল৷ ২০১৫ত দুৱাই তেওঁৰ প্ৰথমটো বৃহৎ প্ৰস্তাৱ লাভ কৰিছিল। তেওঁৰ সৈতে ৱাৰ্ণাৰ মিউজিক গ্ৰুপে চুক্তি স্বাক্ষৰিত কৰিছিল। ইয়াৰ ঠিক পাছতে দুৱাই পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক