--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিতব্য বিশ্বকাপৰ ফাইনেল মেচখনক লৈ বিশ্বৰ ক্ৰিকেটানুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা৷ একেসময়তে ছুপাৰ চেলিব্ৰিটিৰ আগমনক লৈও বৃদ্ধি পাইছে ফাইনেলৰ উত্তাপ, দুগুণে চৰিছে শিহৰণ৷ 

টীম ইণ্ডিয়াই ফাইনেলত উপনীত হোৱাৰ পাছৰে পৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে এই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু শেহতীয়াকৈ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী নোহোৱা ভাৰতীয়সকলেও এই দিনটোৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছে। 

পিছে ইয়াৰ কাৰণ কি?
প্ৰকৃততে এই অপেক্ষা দুৱা লিপাৰ বাবে, যিয়ে বিশ্বকাপৰ ফাইনেলত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ আহি আছে দুৱা লিপা। লিপা ভাৰতলৈ অহাৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰিছে। তেওঁৰ প্ৰৱেশে বিশ্বকাপৰ উত্তেজনা দুগুণে বৃদ্ধি কৰিছে।

বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা দুৱা লিপাৰ বয়স মাত্ৰ ২৮ বছৰ৷ কিন্তু সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগী আছে। ফুটবলৰ বৃহৎ প্ৰতিযোগিতাবোৰৰ উদ্বোধনী অনুষ্ঠানতো অনুষ্ঠান পৰিৱেশন কৰিছে দুৱাই৷ অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে ক্ৰিকেট অনুষ্ঠানত অনুষ্ঠান প্ৰদৰ্শন কৰিব দুৱাই৷

দুৱা লিপা এগৰাকী আলবেনীয় বংশোদ্ভুত ব্ৰিটিছ কণ্ঠশিল্পী৷ তেওঁ মডেলিঙো মডেলিঙো কৰিছে আৰু গান লিখিছে। তেওঁ খুব কম বয়সতে তেওঁৰ সংগীত জীৱন আৰম্ভ কৰিছিল। ১৪ বছৰ বয়সত তেওঁ ইউটিউবত গান মুকলি কৰিছিল৷ ২০১৫ত দুৱাই তেওঁৰ প্ৰথমটো বৃহৎ প্ৰস্তাৱ লাভ কৰিছিল। তেওঁৰ সৈতে ৱাৰ্ণাৰ মিউজিক গ্ৰুপে চুক্তি স্বাক্ষৰিত কৰিছিল। ইয়াৰ ঠিক পাছতে দুৱাই পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক