--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘড়ীৰ কাটা যিমানে ঘূৰিছে সিমানে বাঢ়িছে উৎকণ্ঠা। দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ বহু প্ৰতিক্ষীত  ফাইনেল খেল।  বিশ্বকাপৰ ফাইনেল খেলত কেৱল  খেলেই নাথাকে, থাকিব সংগীতৰ লগতে আন বহু বিনোদনৰ ব্যৱস্থা। অনুষ্ঠাত সংগীত পৰিবেশন কৰিব  প্ৰীতম আৰু জোনিতা গান্ধীয়ে ।খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত  থাকিব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেল খেলখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে কৈছে যে খেলখনৰ পূৰ্বে  দৰ্শকৰ বাবে বহু  কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ভাৰতৰ কিংবদন্তী গায়ক প্ৰীতম চক্ৰৱৰ্তী আৰু জোনিতা গান্ধীয়ে চূড়ান্ত খেলখনত সংগীত পৰিবেশন  কৰিব।কেৱল সেয়াই নহয়,  ভাৰতীয় বায়ু সেনাই চূড়ান্ত খেলখনৰ সময়ত এয়াৰ শ্ব' কৰিব।

বিচিচিআইয়ে প্ৰকাশ কৰা মতে  ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত  চূড়ান্ত খেলখনৰ পূৰ্বে  ভাৰতীয় বায়ু সেনাই এয়াৰ শ্ব' অনুষ্ঠিত কৰিব। ইয়াৰ পিছত, আদিত্য গাধৱীয়ে সংগীত পৰিেশন কৰিব। আদিত্যৰ এটা গান শেহতীয়াকৈ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। সেয়া  এটা গুজৰাটী গান।

চূড়ান্ত খেলখনৰ প্ৰথম ইনিংছ শেষ হোৱাৰ পিছত বহুতো শিল্পীয়ে নানান কাৰ্যসূচী প্ৰদৰ্শন কৰিব। শিল্পী  প্ৰীতম, জোনিতা, নাকাশ আজিজ, অমিত মিশ্ৰ, আকাচা সিং আৰু তুষাৰ যোশীয়ে সংগীত পৰিবেশন কৰিব। সংগীতৰ উপৰি  লেজাৰ আৰু লাইট শ্ব'ও প্ৰদৰ্শন   কৰা হ'ব।

উল্লেখ্য ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৭০ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাখনত ছেমি ফাইনেলৰ আগতে ৯ খন মেচ খেলিছিল আৰু আটাইকেইখনতে জিকিছিল। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক