--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘড়ীৰ কাটা যিমানে ঘূৰিছে সিমানে বাঢ়িছে উৎকণ্ঠা। দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ বহু প্ৰতিক্ষীত  ফাইনেল খেল।  বিশ্বকাপৰ ফাইনেল খেলত কেৱল  খেলেই নাথাকে, থাকিব সংগীতৰ লগতে আন বহু বিনোদনৰ ব্যৱস্থা। অনুষ্ঠাত সংগীত পৰিবেশন কৰিব  প্ৰীতম আৰু জোনিতা গান্ধীয়ে ।খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত  থাকিব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেল খেলখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে কৈছে যে খেলখনৰ পূৰ্বে  দৰ্শকৰ বাবে বহু  কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ভাৰতৰ কিংবদন্তী গায়ক প্ৰীতম চক্ৰৱৰ্তী আৰু জোনিতা গান্ধীয়ে চূড়ান্ত খেলখনত সংগীত পৰিবেশন  কৰিব।কেৱল সেয়াই নহয়,  ভাৰতীয় বায়ু সেনাই চূড়ান্ত খেলখনৰ সময়ত এয়াৰ শ্ব' কৰিব।

বিচিচিআইয়ে প্ৰকাশ কৰা মতে  ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত  চূড়ান্ত খেলখনৰ পূৰ্বে  ভাৰতীয় বায়ু সেনাই এয়াৰ শ্ব' অনুষ্ঠিত কৰিব। ইয়াৰ পিছত, আদিত্য গাধৱীয়ে সংগীত পৰিেশন কৰিব। আদিত্যৰ এটা গান শেহতীয়াকৈ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। সেয়া  এটা গুজৰাটী গান।

চূড়ান্ত খেলখনৰ প্ৰথম ইনিংছ শেষ হোৱাৰ পিছত বহুতো শিল্পীয়ে নানান কাৰ্যসূচী প্ৰদৰ্শন কৰিব। শিল্পী  প্ৰীতম, জোনিতা, নাকাশ আজিজ, অমিত মিশ্ৰ, আকাচা সিং আৰু তুষাৰ যোশীয়ে সংগীত পৰিবেশন কৰিব। সংগীতৰ উপৰি  লেজাৰ আৰু লাইট শ্ব'ও প্ৰদৰ্শন   কৰা হ'ব।

উল্লেখ্য ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৭০ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাখনত ছেমি ফাইনেলৰ আগতে ৯ খন মেচ খেলিছিল আৰু আটাইকেইখনতে জিকিছিল। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা