--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফেচবুক লাইভ কৰি এটা পৰিয়ালৰ তিনিজন সদস্যই কৰিলে আত্মহত্যা। এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ বাকখালী গাঁৱৰ এটা পৰিয়ালৰ তিনিগৰাকী সদস্যই এটা এন জি অ'ৰ কৰ্মকৰ্তাসকলে কৰা অপমানৰ পাছত ফেচবুকত লাইভ কৰি এডাল গছত চিপ লৈ আত্মহত্যা কৰে। যোৱা ৮ জানুৱাৰীত এই ঘটনাটো সংঘটিত হয়। আত্মহ্ত্যা কৰা লোককেইগৰাকী অশোক নাস্কাৰ, তেওঁৰ পত্নী ৰীতা আৰু পুত্ৰ অভিষেক বুলি চিনাক্ত কৰা হৈছে। অভিষেকে ফেচবুকত এই কাণ্ডৰ লাইভ কৰি তেওঁৰ বায়েকে কাম কৰা এটা এন জি অ'ৰ সদস্যসকলৰ মানসিক নিৰ্যাতনৰ বাবেই চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰে বুলি সদৰী কৰিছে।

অভিষেকৰ বায়েক পুনমে এন জি অটোৰ প্ৰায় ১৪ লাখ টকাৰ খেলিমেলি কৰা বুলি অভিযোগ তুলি সদস্যসকলে ৮ জানুৱাৰীত নাস্কাৰৰ ঘৰত সমবেত হয় আৰু পৰিয়ালটোৰ সদস্যসকলক নানাধৰণৰ অকথ্য কৈ মানসিক নিৰ্যাতন চলায়।এনেগৰে অপমান কৰাৰ লগতে এন জি অ'টোৰ মহিলা সদস্যকেইগৰাকীমানে অশোক নাস্কাৰৰ ঘৰলৈ আহি তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিয়াৰ লগতে ঘৰটোত তলা লগাই দিয়ে।

মহিলা সদস্যকেইগৰাকীয়ে পুনমক তেওঁলোকৰ লগত লৈ যায়। পুনম আৰু তেওঁৰ স্বামীক এন জি অ'টোৰ সদস্যসকলে হাত বান্ধি ৰাস্তাত খোজকঢ়াই লৈ ফুৰাৰো অভিযোগ উঠিছে। সকলো মানুহৰ সন্মুখত এনেদৰে অপমান কৰা বাবে তেওঁলোক আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰা বুলি কয়। এই আত্মহত্যাৰ ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত কৰিছে আৰু এন জি অ'টোৰ সদস্যসকলক জেৰাৰ বাবে আটক কৰিছে।

আৰু পঢ়কঃ বিলাহীৰ কেজি ২০০ টকা, জলকীয়াৰ কেজি ৭০০ টকা! দেউলিয়া হোৱাৰ দিশে এইখন দেশ


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন