ডিজিটেল ডেস্কঃ ফেচবুক লাইভ কৰি এটা পৰিয়ালৰ তিনিজন সদস্যই কৰিলে আত্মহত্যা। এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ বাকখালী গাঁৱৰ এটা পৰিয়ালৰ তিনিগৰাকী সদস্যই এটা এন জি অ'ৰ কৰ্মকৰ্তাসকলে কৰা অপমানৰ পাছত ফেচবুকত লাইভ কৰি এডাল গছত চিপ লৈ আত্মহত্যা কৰে। যোৱা ৮ জানুৱাৰীত এই ঘটনাটো সংঘটিত হয়। আত্মহ্ত্যা কৰা লোককেইগৰাকী অশোক নাস্কাৰ, তেওঁৰ পত্নী ৰীতা আৰু পুত্ৰ অভিষেক বুলি চিনাক্ত কৰা হৈছে। অভিষেকে ফেচবুকত এই কাণ্ডৰ লাইভ কৰি তেওঁৰ বায়েকে কাম কৰা এটা এন জি অ'ৰ সদস্যসকলৰ মানসিক নিৰ্যাতনৰ বাবেই চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰে বুলি সদৰী কৰিছে।
অভিষেকৰ বায়েক পুনমে এন জি অটোৰ প্ৰায় ১৪ লাখ টকাৰ খেলিমেলি কৰা বুলি অভিযোগ তুলি সদস্যসকলে ৮ জানুৱাৰীত নাস্কাৰৰ ঘৰত সমবেত হয় আৰু পৰিয়ালটোৰ সদস্যসকলক নানাধৰণৰ অকথ্য কৈ মানসিক নিৰ্যাতন চলায়।এনেগৰে অপমান কৰাৰ লগতে এন জি অ'টোৰ মহিলা সদস্যকেইগৰাকীমানে অশোক নাস্কাৰৰ ঘৰলৈ আহি তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিয়াৰ লগতে ঘৰটোত তলা লগাই দিয়ে।
মহিলা সদস্যকেইগৰাকীয়ে পুনমক তেওঁলোকৰ লগত লৈ যায়। পুনম আৰু তেওঁৰ স্বামীক এন জি অ'টোৰ সদস্যসকলে হাত বান্ধি ৰাস্তাত খোজকঢ়াই লৈ ফুৰাৰো অভিযোগ উঠিছে। সকলো মানুহৰ সন্মুখত এনেদৰে অপমান কৰা বাবে তেওঁলোক আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰা বুলি কয়। এই আত্মহত্যাৰ ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত কৰিছে আৰু এন জি অ'টোৰ সদস্যসকলক জেৰাৰ বাবে আটক কৰিছে।
আৰু পঢ়কঃ বিলাহীৰ কেজি ২০০ টকা, জলকীয়াৰ কেজি ৭০০ টকা! দেউলিয়া হোৱাৰ দিশে এইখন দেশ