--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'নাই গ্ৰাস কৰিছে বিজেপিৰ কাৰ্যালয়৷ ৰাজধানী দিল্লীস্থ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৫০জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ ‘মঙলবাৰে কৰা পৰীক্ষা অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰী, বিভিজি কৰ্মচাৰী (পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেৱাত নিয়োজিত), নিৰাপত্তা কৰ্মচাৰী আৰু মিডিয়াৰসহ ভাৰপ্ৰাপ্ত সঞ্জয় মায়ুখকে ধৰি প্ৰায় ৫০জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডত৷ ক'ভিড ধৰা পৰা আটায়ে ক'ভিড নিৰ্দেশনা মানি আছুতীয়াকৈ আছে৷

জানিব পৰা মতে কাৰ্যালয়টো ছেনিটাইজেচন কৰাৰ লগতে ক'ভিড-19 পৰীক্ষা নিয়মীয়াকৈ কৰা হৈছে৷ কেৱল কাৰ্যালয়ৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ কাৰ্যকলাপত নিয়োজিত থকা লোকহে মুখ্য কাৰ্যালয়লৈ আহিছে। মঙলবাৰে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ মূল সমিতিৰ এখন বৈঠক দলীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছিল। বৈঠকৰ দ্বিতীয় পৰ্যায় আজি অনুষ্ঠিত হ'ব।

সোমবাৰে, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জগত প্ৰকাশ নাড্ডা আক্ৰান্ত হৈছিল ক'ভিড ১৯ত৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, নিজকে পৃথক কৰি ৰাখিছে নাড্ডাই। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ এছ বোম্মাই, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভট্টৰ দেহতো সোমবাৰে ক'ভিড-১৯ৰ ধৰা পৰিছে। ইফালে, ভাৰতে যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৯৪,৭২০টা নতুন ক’ভিড-১৯ সংক্ৰমণ আৰু ৪৪২টা মৃত্যু নথিভুক্ত কৰিছে বুলি বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ