--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'নাই গ্ৰাস কৰিছে বিজেপিৰ কাৰ্যালয়৷ ৰাজধানী দিল্লীস্থ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৫০জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ ‘মঙলবাৰে কৰা পৰীক্ষা অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰী, বিভিজি কৰ্মচাৰী (পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেৱাত নিয়োজিত), নিৰাপত্তা কৰ্মচাৰী আৰু মিডিয়াৰসহ ভাৰপ্ৰাপ্ত সঞ্জয় মায়ুখকে ধৰি প্ৰায় ৫০জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডত৷ ক'ভিড ধৰা পৰা আটায়ে ক'ভিড নিৰ্দেশনা মানি আছুতীয়াকৈ আছে৷

জানিব পৰা মতে কাৰ্যালয়টো ছেনিটাইজেচন কৰাৰ লগতে ক'ভিড-19 পৰীক্ষা নিয়মীয়াকৈ কৰা হৈছে৷ কেৱল কাৰ্যালয়ৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ কাৰ্যকলাপত নিয়োজিত থকা লোকহে মুখ্য কাৰ্যালয়লৈ আহিছে। মঙলবাৰে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ মূল সমিতিৰ এখন বৈঠক দলীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছিল। বৈঠকৰ দ্বিতীয় পৰ্যায় আজি অনুষ্ঠিত হ'ব।

সোমবাৰে, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জগত প্ৰকাশ নাড্ডা আক্ৰান্ত হৈছিল ক'ভিড ১৯ত৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, নিজকে পৃথক কৰি ৰাখিছে নাড্ডাই। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ এছ বোম্মাই, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভট্টৰ দেহতো সোমবাৰে ক'ভিড-১৯ৰ ধৰা পৰিছে। ইফালে, ভাৰতে যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৯৪,৭২০টা নতুন ক’ভিড-১৯ সংক্ৰমণ আৰু ৪৪২টা মৃত্যু নথিভুক্ত কৰিছে বুলি বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন