--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক। আজিকালি বজাৰত ধাতু, কাঠ, বাঁহ আদিৰে নিৰ্মাণ কৰা জাহাজৰ বিভিন্ন ধৰণৰ সুদৃশ্য প্ৰতিকৃতি কিনিবলৈ পোৱা যায় । এনেধৰণৰ প্ৰতিকৃতি যদি ঘৰৰ বিভিন্ন কোঠাত সজাই ৰখা হয় তেন্তে সেয়া সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হৈ পৰে। থকা ঘৰৰ লগতে কাৰ্যালয় আদিতো যদি জাহাজৰ প্ৰতিকৃতি ৰখা হয় তেন্তে অতি বিস্ময়কৰভাৱে সুখ আৰু সমৃদ্ধিয়ে আহি সকলোৰে লগ দিব।

অৱশ্যে জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব। 

সেয়ে জাহাজৰ সন্মুখভাগ ঘৰৰ ভিতৰৰ দিশে ৰাখিব লাগে যেন জাহাজখন ঘৰৰ ভিতৰলৈহে আহি আছে। টাইটানিক জাহাজৰ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু ঘ
টিছিল। আজিকালি বজাৰত টাইটানিক জাহাজৰ বহু প্ৰতিকৃতি পোৱা যায়। কিন্তু এনে টাইটানিক জাহাজৰ প্ৰতিকৃতি ঘৰত কেতিয়াও নাৰাখিব। দুৰ্ঘটনাত পতিত হোৱা জাহাজৰ প্ৰতিকৃতিয়ে শুভ ফলৰ সলনি অশুভ ফলহে দিব। 

সেয়ে জাহাজৰ মডেল নির্বাচন কৰোঁতে সাৱধান হ'ব। ঘৰত ৰাখিব বিচৰা জাহাজখনৰ আহি যাত্রীবাহী জাহাজৰ সলনি মাল পৰিবাহী জাহাজৰ আহি হ'লে বেছি ভাল হয়। জাহাজৰ লগত আপুনি কেতবোৰ নকল সোণৰ মুদ্ৰাও একেলগে ৰাখিব পাৰে । যদি নকল সোণৰ মুদ্ৰা পোৱা নাযায় তেন্তে সাধাৰণ মুদ্রাকেই জাহাজৰ সৈতে সজাই থ'লে লক্ষ্মী দেৱীয়ে ঘৰত সহজে প্ৰৱেশ কৰিব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ