--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানি প্লেণ্টে ধন-সম্পদ বৃদ্ধিত যাদুকৰী কাম কৰে বুলি ফেংছুই বিশাৰদসকলে কৈ আহিছে৷ কিন্তু ঘৰৰ সঠিক স্থানত মানি প্লেণ্ট ৰাখিলেহে সুফল পোৱা যায়৷ কেৱল  মানি প্লেণ্ট স্থাপনেই নহয়, ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে আন কেইমান  বিধি-বিধানো মানি চলিলে সুফল পাব৷

ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেংচুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ । 

সেইবাবে এই দিশত মানি   প্লেন্ট ৰোপন কৰা ঢালটো ৰাখিলে লাভ কৰিব। এনেধৰণৰ পূব বা দক্ষিণ দিশতো ৰাখিলে একে ফলেই লাভ কৰিব পাৰি। আলহী বহা ঘৰৰ উপৰি কাৰ্যালয়গুহটো এনে গছ ৰাখিব পাৰি। কিন্তু এটা কথা মনত ৰাখিব যে এনেধৰণৰ গছ কেতিয়াও স্নানাগাৰ অথবা শুৱনি কোঠাত নাৰাখিব। মানি প্লেন্টৰ পাতবোৰ হৃদয় আকৃতিৰ সেউজীয়া বৰণৰ হয়।

ঘৰত সৌভাগ্য বৃদ্ধিৰ বাবে তিনিঠেঙীয়া ভেকুলী ৰাখিব লাগে। তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰখা হয়। এনে ভেকুলীৰ মুখত চীনা মুদ্রা থাকে। চীনা মুদ্ৰাৰ এটা ফালে 
চাবিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে।

এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ তিনিঠেঙীয়া ভেকুলী ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা কৌণিকভাৱে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি।এনেদৰে ফেংছুইৰ নিয়ম সমূহ যদি পালন কৰা হয় তেন্তে কম দিনৰ ভিতৰতে ইয়াৰ ফল লাভ কৰিব পাৰিব বুলি ফেংছুই বিশাৰদসকলে কৈ আহিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা