--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ লক্ষী পূজা। ধনৰ দেৱী লক্ষীক সন্তুষ্ট কৰিবলৈ ধৰ্ম, জ্যোতিষ, বাস্তু শাস্ত্ৰ আদিত বহু উপায়ৰ পৰামৰ্শ দিয়া হৈছে। লক্ষী দেৱীক পূজা কৰাৰ কিছুমান নিয়মৰ কথাও উল্লেখ কৰা আছে। লক্ষী দেৱীৰ আৰাধনাত ভুল হ’লে লক্ষী দেৱীৰ খং উঠিব পাৰে আৰু ফলত আপুনি দুখীয়া হৈ পৰিব পাৰে। লক্ষী দেৱীক পূজা কৰোতে কোনবোৰ ভুল কৰিব নালাগে জানো আহক।

১) তুলসীক মাতৃ লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয় যদিও তুলসীক কেতিয়াও মাতৃ লক্ষ্মীৰ পূজাত ব্যৱহাৰ কৰা উচিত নহয়। এনে কৰিলে হয়তো দেৱী লক্ষ্মীয়ে খং কৰি আপোনাক দুখীয়া কৰি তুলিব পাৰে।

২) লক্ষ্মী দেৱীৰ পূজাত কেতিয়াও বগা ফুল নিবেদন নকৰিব। ৰঙা ফুল তেওঁ বৰ ভাল পায়। যদি আপুনি দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে পূজাৰ সময়ত তেওঁক সদায় ৰঙা ফুল আগবঢ়াওক।

৩) পদুমত বহি থকা লক্ষ্মী দেৱীক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি দেৱী লক্ষ্মীৰ ছবিৰ দুয়োফালে হাতী থাকে, তেন্তে তেনে ছবি পূজা কৰাটো লাভজনক বুলি বিবেচিত হয়। কিন্তু ভুলতো কেতিয়াও ফেঁচা বাহনৰ ওপৰত উঠি থকা দেৱী লক্ষ্মীক পূজা নকৰিব। এনে কৰিলে টকা অহাৰ বাট বন্ধ হৈ যাব পাৰে।

৪) লক্ষ্মী দেৱীক সন্তুষ্ট কৰাৰ সৰ্বোত্তম উপায় হ'ল তেওঁৰ লগতে বিষ্ণু ভগৱানক পূজা কৰা। সেয়েহে শুকুৰবাৰে মাতৃ লক্ষ্মীৰ প্ৰতি উৎসৰ্গিত লক্ষ্মী-নাৰায়ণক পূজা কৰাৰ পৰম্পৰা আছে।

৫) লক্ষ্মী দেৱীক সন্তুষ্ট কৰাৰ এটা ক্ষীপ্ৰ উপায় হ’ল পূজাৰ সময়ত জ্বলোৱা চাকি সদায় লক্ষ্মী দেৱীৰ ছবি বা মূৰ্তিৰ সোঁফালে ৰাখক। এই কথাত দেৱী সুখী হৈ পৰে। বাওঁফালে চাকি ৰাখি ভুল নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা