--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই আঁচনিখনৰ দ্বাৰা প্ৰতিগৰাকী শিক্ষার্থীয়ে প্রতি মাহে ৩০০ টকাকৈ ছমাহ অর্থাৎ মুঠ ১৮০০ টকা লাভ কৰিব। অৱশ্যে, শিক্ষার্থীসকলৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ'ব লাগিব।

ডিজিটেল ডেস্ক : অহা এক নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে 'প্ৰেৰণা' নামৰ এখন নতুন আঁচনি প্রযোজ্য হ'ব। এই আঁচনিয়ে চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা আদর্শ বিদ্যালয়সমূহকো সামৰি ল'ব।


অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (খণ্ড-১) আৰু চি বি এছ ইৰ অধীনত ১০ম ব'ৰ্ড পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱা আদর্শ বিদ্যালয়ৰ সকলো ছাত্র-ছাত্রীক অধ্যয়ন সামগ্রী, কিতাপ আৰু পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰিব পৰাকৈ শৈক্ষিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখনৰ দ্বাৰা প্ৰতিগৰাকী শিক্ষার্থীয়ে প্রতি মাহে ৩০০ টকাকৈ ছমাহ অর্থাৎ মুঠ ১৮০০ টকা লাভ কৰিব। অৱশ্যে, শিক্ষার্থীসকলৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ'ব লাগিব।


দৰিদ্ৰতা আৰু গ্রাম্য ছাত্ৰ-ছাত্ৰীৰ মাজত ড্রপআউটৰ হাৰ হ্ৰাস কৰা, ব'ৰ্ড পৰীক্ষাত সফলতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাস গঢ়ি তুলি উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰা, প্ৰাদেশীকৃত আৰু আদর্শ বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰা, পৰীক্ষাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যত এই আঁচনিখন গ্ৰহণ কৰা হৈছে।


২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাবে ৩০০ টকাকৈ মাহিলি জলপানি প্রদান কৰিব শিক্ষা বিভাগে। বিদ্যালয় শিক্ষা বিভাগে ১০ ছেপ্টেম্বৰত জাৰি কৰা জাননী অনুসৰি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষার্থীসকলে এই জলপানি লাভ কৰিবলৈ আৱেদন জনাব লাগিব। কোনো অভিভাৱকে এই আঁচনিৰ সুবিধা ল'বলৈ অনিচ্ছুক হ'লে আঁচনিখনৰ পৰা নিজ সন্তানক আঁতৰত ৰাখিব পাৰিব। জাৰি কৰা জাননী অনুসৰি হিতাধিকাৰী শিক্ষাৰ্থীসকলে অনুশাসন বজাই ৰাখিব লাগিব আৰু নিজ নিজ শিক্ষা প্রতিষ্ঠানে নিৰ্ধাৰণ কৰা সকলো নিয়ম-নীতি মানি চলিব লাগিব।


ইয়াৰ ভিতৰত নিয়মিতভাৱে শ্ৰেণীত উপস্থিত থকা, বিদ্যালয়ৰ সম্পত্তিক সন্মান কৰা, শিক্ষক আৰু কৰ্মচাৰীৰ নিৰ্দেশনা অনুসৰণ কৰা, সমনীয়া আৰু প্ৰতিষ্ঠানৰ অন্যান্য শিক্ষার্থীৰ প্ৰতি সৎ আচৰণ কৰা আদি অন্তর্ভুক্ত। ৰেগিং, বিদ্যালয়ৰ সম্পত্তি ভাঙি-ছিঙি পেলোৱা বা যিকোনো ধৰণৰ অসৎ আচৰণ কৰি এই নিয়মসমূহৰ উলংঘন কৰিলে সুবিধা প্রত্যাহাৰ কৰা হ'ব।


দশম ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্র-ছাত্রী যোগ্য বিবেচিত হ'ব। ছাত্র-ছাত্রীসকলে বেংকৰ সবিশেষ শুদ্ধকৈ উল্লেখ কৰি নিৰ্ধাৰিত আৱেদন-পত্ৰ পূৰণ কৰি বৰ্তমান নামভৰ্তি কৰা নিজ নিজ শিক্ষানুষ্ঠানত তথ্যখিনি জমা দিব। উক্ত প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে চলিব। প্রধান শিক্ষক, অধ্যক্ষসকলে নিজ নিজ প'ৰ্টেলৰ জৰিয়তে আৱেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰি পৰীক্ষণ কৰিব আৰু প'ৰ্টেলত অটো ভেৰিফিকেশ্যনৰ বাবে সঠিক তথ্য দাখিল কৰিব। প্ৰতিষ্ঠানৰ সকলো মুৰব্বীয়ে

নিজ নিজ প্রতিষ্ঠানত আঁচনি ৰূপায়ণৰ বাবে এজন বা দুজন ন'ডেল শিক্ষকক অৱগত কৰিব লাগিব। অভিভাৱকসকলে তেওঁলোকৰ পুত্র-কন্যাই সুবিধা লাভৰ বাবে আৱেদন দাখিল কৰিব নে নকৰে সেই কথা নিজে সিদ্ধান্ত ল'ব পাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ