--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই আঁচনিখনৰ দ্বাৰা প্ৰতিগৰাকী শিক্ষার্থীয়ে প্রতি মাহে ৩০০ টকাকৈ ছমাহ অর্থাৎ মুঠ ১৮০০ টকা লাভ কৰিব। অৱশ্যে, শিক্ষার্থীসকলৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ'ব লাগিব।

ডিজিটেল ডেস্ক : অহা এক নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে 'প্ৰেৰণা' নামৰ এখন নতুন আঁচনি প্রযোজ্য হ'ব। এই আঁচনিয়ে চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা আদর্শ বিদ্যালয়সমূহকো সামৰি ল'ব।


অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (খণ্ড-১) আৰু চি বি এছ ইৰ অধীনত ১০ম ব'ৰ্ড পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱা আদর্শ বিদ্যালয়ৰ সকলো ছাত্র-ছাত্রীক অধ্যয়ন সামগ্রী, কিতাপ আৰু পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰিব পৰাকৈ শৈক্ষিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখনৰ দ্বাৰা প্ৰতিগৰাকী শিক্ষার্থীয়ে প্রতি মাহে ৩০০ টকাকৈ ছমাহ অর্থাৎ মুঠ ১৮০০ টকা লাভ কৰিব। অৱশ্যে, শিক্ষার্থীসকলৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ ৭৫ শতাংশ হ'ব লাগিব।


দৰিদ্ৰতা আৰু গ্রাম্য ছাত্ৰ-ছাত্ৰীৰ মাজত ড্রপআউটৰ হাৰ হ্ৰাস কৰা, ব'ৰ্ড পৰীক্ষাত সফলতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাস গঢ়ি তুলি উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰা, প্ৰাদেশীকৃত আৰু আদর্শ বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰা, পৰীক্ষাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যত এই আঁচনিখন গ্ৰহণ কৰা হৈছে।


২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাবে ৩০০ টকাকৈ মাহিলি জলপানি প্রদান কৰিব শিক্ষা বিভাগে। বিদ্যালয় শিক্ষা বিভাগে ১০ ছেপ্টেম্বৰত জাৰি কৰা জাননী অনুসৰি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষার্থীসকলে এই জলপানি লাভ কৰিবলৈ আৱেদন জনাব লাগিব। কোনো অভিভাৱকে এই আঁচনিৰ সুবিধা ল'বলৈ অনিচ্ছুক হ'লে আঁচনিখনৰ পৰা নিজ সন্তানক আঁতৰত ৰাখিব পাৰিব। জাৰি কৰা জাননী অনুসৰি হিতাধিকাৰী শিক্ষাৰ্থীসকলে অনুশাসন বজাই ৰাখিব লাগিব আৰু নিজ নিজ শিক্ষা প্রতিষ্ঠানে নিৰ্ধাৰণ কৰা সকলো নিয়ম-নীতি মানি চলিব লাগিব।


ইয়াৰ ভিতৰত নিয়মিতভাৱে শ্ৰেণীত উপস্থিত থকা, বিদ্যালয়ৰ সম্পত্তিক সন্মান কৰা, শিক্ষক আৰু কৰ্মচাৰীৰ নিৰ্দেশনা অনুসৰণ কৰা, সমনীয়া আৰু প্ৰতিষ্ঠানৰ অন্যান্য শিক্ষার্থীৰ প্ৰতি সৎ আচৰণ কৰা আদি অন্তর্ভুক্ত। ৰেগিং, বিদ্যালয়ৰ সম্পত্তি ভাঙি-ছিঙি পেলোৱা বা যিকোনো ধৰণৰ অসৎ আচৰণ কৰি এই নিয়মসমূহৰ উলংঘন কৰিলে সুবিধা প্রত্যাহাৰ কৰা হ'ব।


দশম ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্র-ছাত্রী যোগ্য বিবেচিত হ'ব। ছাত্র-ছাত্রীসকলে বেংকৰ সবিশেষ শুদ্ধকৈ উল্লেখ কৰি নিৰ্ধাৰিত আৱেদন-পত্ৰ পূৰণ কৰি বৰ্তমান নামভৰ্তি কৰা নিজ নিজ শিক্ষানুষ্ঠানত তথ্যখিনি জমা দিব। উক্ত প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে চলিব। প্রধান শিক্ষক, অধ্যক্ষসকলে নিজ নিজ প'ৰ্টেলৰ জৰিয়তে আৱেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰি পৰীক্ষণ কৰিব আৰু প'ৰ্টেলত অটো ভেৰিফিকেশ্যনৰ বাবে সঠিক তথ্য দাখিল কৰিব। প্ৰতিষ্ঠানৰ সকলো মুৰব্বীয়ে

নিজ নিজ প্রতিষ্ঠানত আঁচনি ৰূপায়ণৰ বাবে এজন বা দুজন ন'ডেল শিক্ষকক অৱগত কৰিব লাগিব। অভিভাৱকসকলে তেওঁলোকৰ পুত্র-কন্যাই সুবিধা লাভৰ বাবে আৱেদন দাখিল কৰিব নে নকৰে সেই কথা নিজে সিদ্ধান্ত ল'ব পাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু