--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বহিষ্কৃত ছাত্ৰকেইজন হৈছে এছ কে শ্বাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, সজ্জাদ হুছেইন ৰফি, মহম্মদ নূৰ হুছেইন।

ডিজিটেল ডেস্কঃ অসমৰ শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (NIT)ত কেম্পাছৰ হিংসাত্মক ঘটনাৰ বাবে সাময়িকভাৱে নিলম্বন কৰা হৈছে পাঁচগৰাকী বাংলাদেশী ছাত্ৰক। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ বৃত্তিত অধ্যয়ন কৰি থকা এই ছাত্ৰসকলৰ ৰূমৰ পৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা বুলিও খবৰ পোৱা গৈছে।


বহিষ্কৃত ছাত্ৰকেইজন হৈছে এছ কে শ্বাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, সজ্জাদ হুছেইন ৰফি, মহম্মদ নূৰ হুছেইন। ৫ গৰাকী মূল অভিযুক্তক এটা শিক্ষাবৰ্ষৰ বাবে নিলম্বন কৰাৰ লগতে ১২ ছেপ্টেম্বৰত তেওঁলোকৰ হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে।


যোৱা ৮ ছেপ্টেম্বৰৰ নিশা সংঘটিত হয় এই ঘটনা। তৃতীয় বৰ্ষৰ এইকেইজন বাংলাদেশী ছাত্ৰই সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয়। সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ছাত্ৰ‌কেইজন।


প্ৰতিষ্ঠানটোৰ পৰিচালক অধ্যাপক দিলীপ কুমাৰ বৈদ্যই কয় যে তেওঁলোকৰ হাতত যথেষ্ট প্ৰমাণ আছে যে বাংলাদেশী ছাত্ৰ কেইজন কেম্পাছত ব্যাপক হিংসাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ইয়াৰ বাবে তেওঁলোকক দুটা ষান্মাসিকৰ বাবে নিলম্বন কৰা হৈছে। যিহেতু তেওঁলোকে ক্লাছত উপস্থিত থাকিব নোৱাৰিব, গতিকে অতি সোনকালে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব।


ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এখন তদন্ত কমিটী গঠন কৰা হয় আৰু তদন্ত অনুসৰি বাংলাদেশী ছাত্ৰকেইজনৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱা যায়। এই ঘটনা হিন্দু-মুছলমান সাম্প্ৰদায়িক ঘটনা নাছিল বৰঞ্চ সহপাঠীৰ মাজত সংঘটিত হৈছিল। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আহতসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ