--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বহিষ্কৃত ছাত্ৰকেইজন হৈছে এছ কে শ্বাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, সজ্জাদ হুছেইন ৰফি, মহম্মদ নূৰ হুছেইন।

ডিজিটেল ডেস্কঃ অসমৰ শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (NIT)ত কেম্পাছৰ হিংসাত্মক ঘটনাৰ বাবে সাময়িকভাৱে নিলম্বন কৰা হৈছে পাঁচগৰাকী বাংলাদেশী ছাত্ৰক। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ বৃত্তিত অধ্যয়ন কৰি থকা এই ছাত্ৰসকলৰ ৰূমৰ পৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা বুলিও খবৰ পোৱা গৈছে।


বহিষ্কৃত ছাত্ৰকেইজন হৈছে এছ কে শ্বাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, সজ্জাদ হুছেইন ৰফি, মহম্মদ নূৰ হুছেইন। ৫ গৰাকী মূল অভিযুক্তক এটা শিক্ষাবৰ্ষৰ বাবে নিলম্বন কৰাৰ লগতে ১২ ছেপ্টেম্বৰত তেওঁলোকৰ হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে।


যোৱা ৮ ছেপ্টেম্বৰৰ নিশা সংঘটিত হয় এই ঘটনা। তৃতীয় বৰ্ষৰ এইকেইজন বাংলাদেশী ছাত্ৰই সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয়। সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ছাত্ৰ‌কেইজন।


প্ৰতিষ্ঠানটোৰ পৰিচালক অধ্যাপক দিলীপ কুমাৰ বৈদ্যই কয় যে তেওঁলোকৰ হাতত যথেষ্ট প্ৰমাণ আছে যে বাংলাদেশী ছাত্ৰ কেইজন কেম্পাছত ব্যাপক হিংসাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ইয়াৰ বাবে তেওঁলোকক দুটা ষান্মাসিকৰ বাবে নিলম্বন কৰা হৈছে। যিহেতু তেওঁলোকে ক্লাছত উপস্থিত থাকিব নোৱাৰিব, গতিকে অতি সোনকালে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব।


ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এখন তদন্ত কমিটী গঠন কৰা হয় আৰু তদন্ত অনুসৰি বাংলাদেশী ছাত্ৰকেইজনৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱা যায়। এই ঘটনা হিন্দু-মুছলমান সাম্প্ৰদায়িক ঘটনা নাছিল বৰঞ্চ সহপাঠীৰ মাজত সংঘটিত হৈছিল। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আহতসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু