--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ পট পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে দেশৰ ৰাজনীতিত। দেশৰ বিৰোধী শক্তিৰ অভিকেন্দ্ৰ সলনিৰ কুচকাৱাজ আধাতে থমকি ৰোৱাৰ পাছত এতিয়া নতুন সমীকৰণ সৃষ্টিৰ সম্ভাৱনাৰ ইংগিত পোৱা গৈছে। মূলতঃ মমতা বেনাৰ্জীক কেন্দ্ৰ কৰি কংগ্ৰেছ ৰহিত এক বিকল্প ৰাজনৈতিক শক্তি গঠনৰ কুচকাৱাজ আৰম্ভ কৰা হৈছিল যদিও সেয়া সফল নহ’ল। বিৰোধী দলবোৰৰ মাজত কংগ্ৰেছৰ অনুপেক্ষণীয় প্ৰভাৱৰ বাবেই সফল নহ’ল মমতাৰ কৌশল। এনচিপি, শিৱসেনা, ডিএমকে আদিকে ধৰি বিভিন্ন গুৰুত্বপূ্ৰ্ণ বিৰোধী দলে কংগ্ৰেছৰ প্ৰতি নিজৰ আনুগত্য অটুত থকাৰ কথা প্ৰকাশ কৰাৰ পাছতে থমকিবলৈ বাধ্য হ’ল মমতা বেনাৰ্জী। বংগৰ পৰা দিল্লীলৈকে মমতাৰ সাম্ৰাজ্য বিস্তাৰৰ সপোনক সাৰ-পানী যোগোৱা দেশৰ প্ৰখ্যাত নিৰ্বাচনী কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰে মমতা দূৰত্ব বৃদ্ধিয়ে এতিয়া ৰাজনৈতি ক্ষেত্ৰখনত অন্য এক পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। তাৰ মাজতে এতিয়া আহিছে এক আশ্বৰ্যকৰ খবৰ। পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰৰে দূৰত্ব হ্ৰাস পাইছে প্ৰশান্ত কিশোৰৰ। মমতাৰ কাষৰ পৰা আঁতৰি আহি প্ৰশান্ত কিশোৰে পুনৰ তেওঁৰ পুৰণি ‘বছ’ নীতিশ কুমাৰৰ কাষলৈকে ঘূৰি যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। শুকুৰবাৰে নীতিশ কুমাৰৰ সৈতে প্ৰশান্ত কিশোৰৰ ‘ছাৰপ্ৰাউজ’ ডিনাৰে বিশেষ চৰ্চা লাভ কৰিছে দেশৰ ৰাজনীতিত। ২০২০চনত নীতিশ কুমাৰে তেওঁৰ দলৰ পৰা প্ৰশান্ত কিশোৰক অপসাৰণ কৰাৰ পাছত প্ৰথমবাৰলৈ দুয়ো লগ হৈছে। নীতিশ কুমাৰৰ দিল্লীৰ বাসগৃহত বিহাৰৰ মুখ্যমন্ত্ৰীৰে প্ৰশান্ত কিশোৰে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে। নীতিশ কুমাৰে প্ৰশান্ত কিশোৰৰ সৈতে তেওঁ নৈশ আহাৰ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে আৰু কৈছে যে, প্ৰশান্ত কিশোৰৰ সৈতে তেওঁ সম্পৰ্ক অতি পুৰণি। দুয়োৰে এই সাক্ষাতৰ বিষয়ে তেওঁ আন বিশেষ কথা প্ৰকাশ কৰা নাই। ইফালে, প্ৰশান্ত কিশোৰে নীতিশ কুমাৰৰ সৈতে তেওঁৰ সাক্ষাতৰ সৌজন্যমূলক বুলি আখ্যা দিছে। তেওঁ কয় যে, নীতিশ কুমাৰ অ’মিক্ৰন আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ ফোন কৰিছিল আৰু তেতিয়াই নীতিশ কুমাৰে তেওঁক লগ পাবলৈ ইচ্ছা কৰিছিল আৰু অৱশেষত তেওঁলোক কালি মিলিত হয়। এই বৈঠকৰ কোনো তাৎক্ষণিক ৰাজনৈতিক প্ৰভাৱৰ কথা অস্বীকাৰ কৰিছে প্ৰশান্ত কিশোৰে। কিন্তু নীতিশ কুমাৰ বা প্ৰশান্ত কিশোৰে অস্বীকাৰ কৰিলেও তেওঁলোকৰ এই বৈঠকক লৈ চৰ্চা চলিছে। বিভিন্ন ৰাজনৈতিক দৰে ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ ৰণকৌশল যুগুত কৰিবলৈ আৰম্ভ কৰাৰ সময়তে নীতিশ কুমাৰৰ দৰে পৰিপক্ব ৰাজনৈতিক নেতাই প্রশান্ত কিশোৰৰ দৰে লোকক এনেই যে সাক্ষাৎ নকৰে সেয়া নিশ্চিত বুলিব পাৰি। মন কৰিবলগীয়া যে, প্ৰশান্ত কিশোৰে নীতিশ কুমাৰৰ হাত ধৰিয়েই নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ জেডিইউৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ আসন লাভ কৰিছিল যদিও কেইমাহমানৰ পাছতে তেওঁক অপসাৰণ কৰিছিল নীতিশ কুমাৰে। তেওঁলোকৰ এই সম্পৰ্কৰ এই তিক্ততাৰ অৱসান ঘটাৰ উমান দিলে শুকুৰবাৰৰ এই বৈঠকে। ইয়াৰ পাছৰ পৰ্যায়টোৱে দুয়োগৰাকীৰ সম্পৰ্কই কি ৰূপ লয় সেয়া অচিৰেই স্পষ্ট হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন