--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাৰী কিমান সুৰক্ষিত? মুখেৰে আমি যিমানেই নাৰী সৱলীকৰণ বা সম-অধিকাৰৰ কথা নকওঁ কিয় নাৰীৰ সুৰক্ষা দিশটোৰ প্ৰতি সদায়েই কৰ’বাত সুৰুঙা ৰৈ যায়৷ নাৰী সুৰক্ষা, যৌন নিৰ্যাতন ৰোধ কৰা, অধিকাৰ, সৱলীকৰণ, ঘৰুৱা হত্যা-হিংসা, যৌতুক-প্ৰথা নিৰোধ, সতীদাহ, বাল্যবিবাহ, সমহাৰত দৰমহা আদিৰ ক্ষেত্ৰত বিভিন্ন দেশে বহু আইন প্ৰণয়ন কৰিছে। বিভিন্ন দেশে তেওঁলোকৰ সংবিধানতো নাৰীৰ অধিকাৰ, সুৰক্ষাৰ কথা কয় যদিও প্ৰকৃততে সেই আইনে নাৰীক কিমান ৰক্ষণা-বেক্ষণা দিছে, তাক লৈয়ো ৰৈ যায় এটা বিশাল প্ৰশ্নবোধক চিহ্ন৷ নাৰীকেন্দ্ৰিক এই সমস্যাসমূহে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰক জুৰুলা কৰিছে৷


শেহতীয়াকৈ নাৰীকেন্দ্ৰিক এক সমস্যাই উন্মোচন কৰিছে এক ভয়ংকৰ তথ্য৷ খবৰ অনুসৰি, অষ্ট্ৰেলিয়া সংসদৰ প্ৰায় ৩৩ শতাংশ মহিলা কৰ্মচাৰী যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে, দেশৰ য’ত নাৰীৰ সুৰক্ষাৰ কাৰণে আইন প্ৰণয়ন কৰা হয়, অৰ্থাৎ এখন দেশৰ নাগৰিকৰ কল্যাণৰ বাবে দেশখনৰ সংসদতে আইন প্ৰণয়ন কৰা হয়, কিন্তু তাতে যদি মহিলাসকল সুৰক্ষিত নহয় বুলি কোৱা যায়, কথাটো শুনিবলৈ আপোনাৰ-মোৰ নিশ্চয়কৈ আচহুৱা যেন লাগিব৷ অহা বছৰৰ আৰম্ভণিতে, অষ্ট্ৰেলিয়াত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে দেশখনৰ মহিলাসকলে এই অভিযোগ উত্থাপন কৰিছে৷

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়াৰ সংসদত কাম কৰা কৰ্মচাৰীৰ তিনিজনৰ ভিতৰত এজন যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে। বিষয়টো পোহৰলৈ অহাৰ পাছতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন অস্বস্তিত পৰিছে। যোৱা ফেব্ৰুৱাৰীত সংসদৰ কৰ্মচাৰীসকলৰ যৌন নিৰ্যাতনৰ ঘটনা বিষয়ে পোহৰলৈ আহিছে৷ তেতিয়াই মৰিছনে বিষয়টো গুৰুত্বসহকাৰে পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত, সংসদৰ এটা কাৰ্যালয়ৰ ভিতৰত ধৰ্ষণৰ কাণ্ডৰ খবৰো পোৱা গৈছিল।


মৰিছনে দেশখনৰ সংবাদ মাধ্যমক উদ্দেশ্যি আজি কয় যে, "এনে ঘটনাই সংসদৰ প্ৰতিজন সদস্য আৰু তেওঁলোকৰ দলৰ কামত প্ৰভাৱ পেলায়। এই কাণ্ডই দেশখনৰ সংসদ আৰু দেশৰ কাৰণে ক্ষতি কৰিলে। ঘটনাটো পোহৰলৈ অহাৰ পাছৰেপৰা বিৰোধীয়ে প্ৰধানমন্ত্ৰীক বিষয়টোৰ ওপৰত প্ৰত্যেক্ষ হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে৷ এই নিকৃষ্ট কাণ্ডটোক লৈ প্ৰধানমন্ত্ৰী মৰিছনৰ লগতে কনজাৰ্ভেটিভ দলৰ মিত্ৰজোঁট চৰকাৰৰ ওপৰতো চাপ বাঢ়িছে৷

আজি প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সংসদৰ তিনিজনসদস্যৰ ভিতৰত কমেও এজন কমেও যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে বা যৌন নিৰ্যাতনৰ চেষ্টা কৰা হৈছে। মৰিছনে আজি কয়, "এনে ঘটনাই সংসদৰ প্ৰতিজন সদস্য আৰু তেওঁলোকৰ দলৰ কামত প্ৰভাৱ পেলায়। এইটোৱে সংসদ আৰু সমগ্ৰ দেশৰ কাম-কাজ ক্ষতিগ্ৰস্ত কৰিছিল। ঘটনাটো পোহৰলৈ অহাৰ পাছৰে পৰা বিৰোধীয়ে বিচাৰিছে যে প্ৰধানমন্ত্ৰীয়ে নিজেই সংসদৰ কৰ্ম-সংস্কৃতিৰ ওপৰত কথা পাতিব। মৰিছনৰ কনজাৰ্ভেটিভ দলৰ মিত্ৰজোঁট চৰকাৰৰ ওপৰতো চাপ বাঢ়ি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement