--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্ঞানবাপী মছজিদ বিতৰ্কই নিতে নতুন ৰূপ গ্ৰহণ দেখিবলৈ পোৱা গৈছে। মছজিদৰ অভ্যন্তৰত চলা জৰীপত মছজিদটোৰ ভিতৰত হিন্দু ধৰ্মীয় চিহ্ন কিছুমান দেখিবলৈ পোৱা বুলি দাবী কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই জৰীপৰ আনুষ্ঠানিক প্ৰতিবেদনতো ভালেমান তাৎপৰ্যপূৰ্ণ দিশৰ কথা উল্লেখ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই জৰীপৰ প্ৰতিবেদন দাখিল কৰা হৈছে আদালতত। দুই পৃষ্ঠাৰ প্ৰতিবেদনখনত প্ৰাক্তন আদালত আয়ুক্ত অজয় মিশ্ৰাই হিন্দু ধৰ্মৰ প্ৰতীক আৰু ধ্বংসাবশেষ আৱিষ্কাৰৰ কথা উল্লেখ কৰিছে। আদালতৰ নিৰ্দেশৰ পিছত ৬ আৰু ৭ মে'ত এই জৰীপ কৰা হৈছিল। প্ৰতিবেদনখনত মিশ্ৰাই কয় যে বিতৰ্কিত স্থানটোৰ উত্তৰ-পশ্চিম দেৱালৰ কোণত পুৰণি মন্দিৰৰ ধ্বংসাৱশেষ দেখা গৈছিল য'ত দেৱ-দেৱী আৰু পদুমৰ চিত্ৰ দেখা পোৱা বুলি দাবী কৰা হৈছিল। উত্তৰ-পশ্চিম কোণত থকা শিল, বালি চিমেণ্টেৰে নতুন নিৰ্মাণ কৰাৰ কথাও প্ৰকাশ পাইছে।

প্ৰতিবেদনখনত কোৱা হৈছিল যে কেন্দ্ৰীয় শিলা পাট্টাত শেষনাগৰ এটা নাগফনাসদৃশ শিল্পকৰ্ম আছিল, যি উত্তৰৰ পৰা পশ্চিমলৈ গতি কৰা সদৃশ আছিল। শিলাখণ্ডত সেন্দুৰৰ ৰঙেৰে বোলোৱা এটা শিল্পকৰ্ম দেখিবলৈ পোৱা গৈছিল। তাখাৰ তলত এটা ঘূৰণীয়া বক্ৰ আকৃতি খোদিত কৰা হৈছিল আৰু শিলাপাট্টাত সেন্দুৰৰ ৪টা শিল্পকৰ্ম দেখা গৈছিল। সকলো শিলাপাট্টা বহুদিন ধৰি মাটিত পৰি থকা যেন লাগিছিল। এই সকলোবোৰ প্ৰথম দৃষ্টিত এটা ডাঙৰ অট্টালিকাৰ খণ্ডিত অংশ যেন ধাৰণা হয় বুলি প্ৰকাশ পাইছ। পূব দিশত বেৰিকেডিঙৰ ভিতৰত আৰু মছজিদৰ পশ্চিম দেৱালৰ মাজত ধ্বংসাৱশেষৰ স্তূপ আছে। এই শিলাখণ্ডও সেইবোৰৰ অংশ বুলি ধাৰণা কৰা হৈছে।  

উল্লেখ্য যে, বাৰাণসী জিলা আদালতে আজি জ্ঞানৱাপী মছজিদ গোচৰত দুখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছে। নন্দীৰ সন্মুখৰ দেৱালখন ভাঙিবলৈ, বাজুজখানা আৰু শৌচাগাৰ স্থানান্তৰ কৰিবলৈ আবেদন কৰা হৈছে। গোচৰটোৰ শুনানি কালি হ'ব পৰা নাছিল। বাৰাণসী আদালতত শুনানিৰ আগতে আন এখন আবেদন দাখিল কৰা হৈছে। হিন্দু পক্ষই  উদ্ধাৰ হোৱা বুলি দাবী কৰা শিৱলিংগৰ উপাসনা কৰাৰ অনুমতিৰ বাবে এখন আবেদন দাখিল কৰিছে। জ্ঞানৱাপী বিতৰ্কত মা শ্ৰীংগৰ গৌৰীৰ নিয়মীয়া উপাসনা বিচাৰি কৰা আবেদনৰ শুনানি আজি বাৰাণসী আদালতত হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, অঞ্জুমান ইণ্টাজানিয়া মছজিদ সমিতিৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল বাতিন নোমানীয়ে দাবী কৰিছে যে জ্ঞানৱাপী মছজিদ আকবৰৰ যুগৰে। ঔৰঙ্গজেবে কেতিয়াও মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা নাছিল। জ্ঞানৱাপী মন্দিৰ-মছজিদ গোচৰৰ শুনানি আজি দুপৰীয়া ১২ বজাত উচ্চতম ন্যায়ালয়ত হ'ব। হৈ যোৱা শুনানিত, আদালতে শিৱলিংগ বুলি দাবী কৰা স্থানখিনি সংৰক্ষণ কৰিবলৈ কৈছিল।
বুধবাৰে, উচ্চতম ন্যায়ালয়ত শুনানিৰ এদিন আগতে, হিন্দু সেনাই উত্তৰ দাখিল কৰে আৰু মছজিদ সমিতিৰ আবেদন খাৰিজ কৰিবলৈ বিচাৰি কয় যে, সমিতিখনে আদালতৰ পৰা ভালেমান তথ্য লুকুৱাই ৰাখিছে। একে সময়তে, সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন পৰিষদে উপাসনা স্থান আইন, ১৯৯১ পুনৰীক্ষণৰ বাবে এখন আইনী সমিতি গঠন কৰিছে। পৰিষদে কৈছিল যে মুছলমানসকলে মছজিদৰ পবিত্রতাত হস্তক্ষেপ কৰাটো সহ্য কৰা নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ