--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্ঞানবাপী মছজিদ বিতৰ্কই নিতে নতুন ৰূপ গ্ৰহণ দেখিবলৈ পোৱা গৈছে। মছজিদৰ অভ্যন্তৰত চলা জৰীপত মছজিদটোৰ ভিতৰত হিন্দু ধৰ্মীয় চিহ্ন কিছুমান দেখিবলৈ পোৱা বুলি দাবী কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই জৰীপৰ আনুষ্ঠানিক প্ৰতিবেদনতো ভালেমান তাৎপৰ্যপূৰ্ণ দিশৰ কথা উল্লেখ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই জৰীপৰ প্ৰতিবেদন দাখিল কৰা হৈছে আদালতত। দুই পৃষ্ঠাৰ প্ৰতিবেদনখনত প্ৰাক্তন আদালত আয়ুক্ত অজয় মিশ্ৰাই হিন্দু ধৰ্মৰ প্ৰতীক আৰু ধ্বংসাবশেষ আৱিষ্কাৰৰ কথা উল্লেখ কৰিছে। আদালতৰ নিৰ্দেশৰ পিছত ৬ আৰু ৭ মে'ত এই জৰীপ কৰা হৈছিল। প্ৰতিবেদনখনত মিশ্ৰাই কয় যে বিতৰ্কিত স্থানটোৰ উত্তৰ-পশ্চিম দেৱালৰ কোণত পুৰণি মন্দিৰৰ ধ্বংসাৱশেষ দেখা গৈছিল য'ত দেৱ-দেৱী আৰু পদুমৰ চিত্ৰ দেখা পোৱা বুলি দাবী কৰা হৈছিল। উত্তৰ-পশ্চিম কোণত থকা শিল, বালি চিমেণ্টেৰে নতুন নিৰ্মাণ কৰাৰ কথাও প্ৰকাশ পাইছে।

প্ৰতিবেদনখনত কোৱা হৈছিল যে কেন্দ্ৰীয় শিলা পাট্টাত শেষনাগৰ এটা নাগফনাসদৃশ শিল্পকৰ্ম আছিল, যি উত্তৰৰ পৰা পশ্চিমলৈ গতি কৰা সদৃশ আছিল। শিলাখণ্ডত সেন্দুৰৰ ৰঙেৰে বোলোৱা এটা শিল্পকৰ্ম দেখিবলৈ পোৱা গৈছিল। তাখাৰ তলত এটা ঘূৰণীয়া বক্ৰ আকৃতি খোদিত কৰা হৈছিল আৰু শিলাপাট্টাত সেন্দুৰৰ ৪টা শিল্পকৰ্ম দেখা গৈছিল। সকলো শিলাপাট্টা বহুদিন ধৰি মাটিত পৰি থকা যেন লাগিছিল। এই সকলোবোৰ প্ৰথম দৃষ্টিত এটা ডাঙৰ অট্টালিকাৰ খণ্ডিত অংশ যেন ধাৰণা হয় বুলি প্ৰকাশ পাইছ। পূব দিশত বেৰিকেডিঙৰ ভিতৰত আৰু মছজিদৰ পশ্চিম দেৱালৰ মাজত ধ্বংসাৱশেষৰ স্তূপ আছে। এই শিলাখণ্ডও সেইবোৰৰ অংশ বুলি ধাৰণা কৰা হৈছে।  

উল্লেখ্য যে, বাৰাণসী জিলা আদালতে আজি জ্ঞানৱাপী মছজিদ গোচৰত দুখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছে। নন্দীৰ সন্মুখৰ দেৱালখন ভাঙিবলৈ, বাজুজখানা আৰু শৌচাগাৰ স্থানান্তৰ কৰিবলৈ আবেদন কৰা হৈছে। গোচৰটোৰ শুনানি কালি হ'ব পৰা নাছিল। বাৰাণসী আদালতত শুনানিৰ আগতে আন এখন আবেদন দাখিল কৰা হৈছে। হিন্দু পক্ষই  উদ্ধাৰ হোৱা বুলি দাবী কৰা শিৱলিংগৰ উপাসনা কৰাৰ অনুমতিৰ বাবে এখন আবেদন দাখিল কৰিছে। জ্ঞানৱাপী বিতৰ্কত মা শ্ৰীংগৰ গৌৰীৰ নিয়মীয়া উপাসনা বিচাৰি কৰা আবেদনৰ শুনানি আজি বাৰাণসী আদালতত হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, অঞ্জুমান ইণ্টাজানিয়া মছজিদ সমিতিৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল বাতিন নোমানীয়ে দাবী কৰিছে যে জ্ঞানৱাপী মছজিদ আকবৰৰ যুগৰে। ঔৰঙ্গজেবে কেতিয়াও মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা নাছিল। জ্ঞানৱাপী মন্দিৰ-মছজিদ গোচৰৰ শুনানি আজি দুপৰীয়া ১২ বজাত উচ্চতম ন্যায়ালয়ত হ'ব। হৈ যোৱা শুনানিত, আদালতে শিৱলিংগ বুলি দাবী কৰা স্থানখিনি সংৰক্ষণ কৰিবলৈ কৈছিল।
বুধবাৰে, উচ্চতম ন্যায়ালয়ত শুনানিৰ এদিন আগতে, হিন্দু সেনাই উত্তৰ দাখিল কৰে আৰু মছজিদ সমিতিৰ আবেদন খাৰিজ কৰিবলৈ বিচাৰি কয় যে, সমিতিখনে আদালতৰ পৰা ভালেমান তথ্য লুকুৱাই ৰাখিছে। একে সময়তে, সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন পৰিষদে উপাসনা স্থান আইন, ১৯৯১ পুনৰীক্ষণৰ বাবে এখন আইনী সমিতি গঠন কৰিছে। পৰিষদে কৈছিল যে মুছলমানসকলে মছজিদৰ পবিত্রতাত হস্তক্ষেপ কৰাটো সহ্য কৰা নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ