--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰিয়ান খান গোচৰক লৈ আজিও চৰ্চা অব্যাহত আছে। মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডত নাম সাঙোৰ খাই পৰাৰ পাছত যোৱা বছৰৰ অক্টোবৰ মাহটো অতি দুৰ্যোগৰ মাজেৰে কটাবলগীয়া হৈছিল আৰিয়ানে। এনচিবিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত আৰিয়ানে নানা বিপৰ্যয় আৰু দুৰ্ভাৱনাৰ মাজেৰে পাৰ কৰিছে সময়। শেহতীয়াকৈ এনচিবিৰ বিশেষ তদন্তকাৰী গোটে আৰিয়ান খানক ড্ৰাগছৰ গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰিছে যদিও তেওঁক লৈ চৰ্চাৰ অন্ত পৰা নাই।

শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে গোচৰ জাপি দিয়া কাৰ্যৰ ন্যয্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে। কেৱল এয়াই নহয় তেওঁক লৈ আন এটা চৰ্চাও চলিছে। এনচিবি-এ আৰিয়ান খানক ক্লীন শ্বীট প্ৰদানেৰে যি চাৰ্জ শ্বীট দাখিল কৰিছে তাত তেওঁ এনচিবি আৰু সংস্থাটোৰ বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিৰ আগত দিয়া ভাষ্য বেলেগ বেলেগ হোৱাটো স্পষ্ট হৈ পৰিছে। আৰিয়ানে মুম্বাই এনচিবিৰ আগত মন্তব্য কৰিছে যে, তেওঁ ফূৰ্তিৰ বাবে গাঞ্জা সেৱন কৰিছিল। তেওঁ টোপনিজনিত সমস্যা থকাৰ বাবেও এই নিচা গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰে। কিন্তু এনচিবিৰ এছআইটিৰ আগত তেওঁ কৈছে যে, তেওঁ কেতিয়াও ড্ৰাগছ গ্ৰহণ কৰা নাই। অৱশ্যে, লছ এঞ্জেলছত তেওঁ মাৰিজুৱানা গ্ৰহণ কৰিছিল।

এনচিবি মু্ম্বাইৰ তদন্তকাৰীয়া দাখিল কৰা ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত আৰিয়ানৰ উদ্ধৃতিৰে লিখা হৈছে যে, আমেৰিকাত থকা সময়ত ২০১৮ চনত মই গাঞ্জা সেৱন আৰম্ভ কৰিছিলোঁ আৰু এয়া ধেমালি-ধুমুলাৰ বাবে কৰিছিলোঁ। গাঞ্জা সেৱন তাত যিহেতু অবৈধ নহয় সেয়েহে বিনোদনৰ বাবেই মই গাঞ্জা সেৱন কৰিছিলোঁ। তদুপৰি মোৰ শ্লিপিং ডিছ’অৰ্ডাৰো আছিল আৰু ইণ্টাৰনেটত মই গাঞ্জাই মোক ইয়াৰ পৰা উপশম দিব পাৰে বুলি লিখা থকা ভালেমান লেখা পঢ়িছিলোঁ। ২০২০ চনৰ মাৰ্চত মই মোৰ শিক্ষা সমাপ্ত কৰি মুম্বাইলৈ উভতি আহিলোঁ। তাৰ পাছত মোৰ এগৰাকী বন্ধু আদেশ ডুগ্গলৰ জৰিয়তে মই আমদানিকৃত গাঞ্জা সেৱন আৰম্ভ কৰিছিলোঁ। প্ৰতি গ্ৰামৰ বাবে মই তেওঁ ৩ৰ পৰা চাৰি হাজাৰ টকা আদায় দিছিলোঁ।

তেওঁৰ আন এজন বন্ধু আৰবাজ মাৰ্চেণ্ট সম্পৰ্কে আৰিয়ানে স্বীকাৰোক্তি দিছিল যে, তেওঁ ৭ৰ পৰা ৮ বছৰ ধৰি মোৰ বন্ধু। তেৱোঁ গাঞ্জা আৰু ছাৰস সেৱন কৰিছিল। মই বেছিকৈ ছাৰস সেৱন কৰা নাছিলোঁ যদিও আৰবাজৰ সৈতে একাধিকবাৰ মই ছাৰসো সেৱন কৰিছিলোঁ। আৰিয়ানৰ এই স্বীকাৰোক্তিৰ কথা পোহৰলৈ অহাৰ পাছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। মুম্বাইৰ কৰ্ডেলিয়া প্ৰমোদ তৰীত এনচিবিএ তালাচী চলোৱাৰ সময়ত আৰিয়ানৰ সৈতে কোনো ধৰণৰ ড্ৰাগছ উদ্ধাৰ কৰা হোৱা নাছিল। তেওঁ ড্ৰাগছ সেৱনৰো কোনো প্ৰমাণ পোৱা হোৱা নাছিল। কেৱল হোৱাটছএপ চাটৰ তথ্যৰ আধাৰতে তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত চলোৱা হৈছিল আৰিয়ানক দোষী সাব্যস্ত কৰাটো সম্ভৱ নহ’ল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ