--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰিয়ান খান গোচৰক লৈ আজিও চৰ্চা অব্যাহত আছে। মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডত নাম সাঙোৰ খাই পৰাৰ পাছত যোৱা বছৰৰ অক্টোবৰ মাহটো অতি দুৰ্যোগৰ মাজেৰে কটাবলগীয়া হৈছিল আৰিয়ানে। এনচিবিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত আৰিয়ানে নানা বিপৰ্যয় আৰু দুৰ্ভাৱনাৰ মাজেৰে পাৰ কৰিছে সময়। শেহতীয়াকৈ এনচিবিৰ বিশেষ তদন্তকাৰী গোটে আৰিয়ান খানক ড্ৰাগছৰ গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰিছে যদিও তেওঁক লৈ চৰ্চাৰ অন্ত পৰা নাই।

শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে গোচৰ জাপি দিয়া কাৰ্যৰ ন্যয্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে। কেৱল এয়াই নহয় তেওঁক লৈ আন এটা চৰ্চাও চলিছে। এনচিবি-এ আৰিয়ান খানক ক্লীন শ্বীট প্ৰদানেৰে যি চাৰ্জ শ্বীট দাখিল কৰিছে তাত তেওঁ এনচিবি আৰু সংস্থাটোৰ বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিৰ আগত দিয়া ভাষ্য বেলেগ বেলেগ হোৱাটো স্পষ্ট হৈ পৰিছে। আৰিয়ানে মুম্বাই এনচিবিৰ আগত মন্তব্য কৰিছে যে, তেওঁ ফূৰ্তিৰ বাবে গাঞ্জা সেৱন কৰিছিল। তেওঁ টোপনিজনিত সমস্যা থকাৰ বাবেও এই নিচা গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰে। কিন্তু এনচিবিৰ এছআইটিৰ আগত তেওঁ কৈছে যে, তেওঁ কেতিয়াও ড্ৰাগছ গ্ৰহণ কৰা নাই। অৱশ্যে, লছ এঞ্জেলছত তেওঁ মাৰিজুৱানা গ্ৰহণ কৰিছিল।

এনচিবি মু্ম্বাইৰ তদন্তকাৰীয়া দাখিল কৰা ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত আৰিয়ানৰ উদ্ধৃতিৰে লিখা হৈছে যে, আমেৰিকাত থকা সময়ত ২০১৮ চনত মই গাঞ্জা সেৱন আৰম্ভ কৰিছিলোঁ আৰু এয়া ধেমালি-ধুমুলাৰ বাবে কৰিছিলোঁ। গাঞ্জা সেৱন তাত যিহেতু অবৈধ নহয় সেয়েহে বিনোদনৰ বাবেই মই গাঞ্জা সেৱন কৰিছিলোঁ। তদুপৰি মোৰ শ্লিপিং ডিছ’অৰ্ডাৰো আছিল আৰু ইণ্টাৰনেটত মই গাঞ্জাই মোক ইয়াৰ পৰা উপশম দিব পাৰে বুলি লিখা থকা ভালেমান লেখা পঢ়িছিলোঁ। ২০২০ চনৰ মাৰ্চত মই মোৰ শিক্ষা সমাপ্ত কৰি মুম্বাইলৈ উভতি আহিলোঁ। তাৰ পাছত মোৰ এগৰাকী বন্ধু আদেশ ডুগ্গলৰ জৰিয়তে মই আমদানিকৃত গাঞ্জা সেৱন আৰম্ভ কৰিছিলোঁ। প্ৰতি গ্ৰামৰ বাবে মই তেওঁ ৩ৰ পৰা চাৰি হাজাৰ টকা আদায় দিছিলোঁ।

তেওঁৰ আন এজন বন্ধু আৰবাজ মাৰ্চেণ্ট সম্পৰ্কে আৰিয়ানে স্বীকাৰোক্তি দিছিল যে, তেওঁ ৭ৰ পৰা ৮ বছৰ ধৰি মোৰ বন্ধু। তেৱোঁ গাঞ্জা আৰু ছাৰস সেৱন কৰিছিল। মই বেছিকৈ ছাৰস সেৱন কৰা নাছিলোঁ যদিও আৰবাজৰ সৈতে একাধিকবাৰ মই ছাৰসো সেৱন কৰিছিলোঁ। আৰিয়ানৰ এই স্বীকাৰোক্তিৰ কথা পোহৰলৈ অহাৰ পাছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। মুম্বাইৰ কৰ্ডেলিয়া প্ৰমোদ তৰীত এনচিবিএ তালাচী চলোৱাৰ সময়ত আৰিয়ানৰ সৈতে কোনো ধৰণৰ ড্ৰাগছ উদ্ধাৰ কৰা হোৱা নাছিল। তেওঁ ড্ৰাগছ সেৱনৰো কোনো প্ৰমাণ পোৱা হোৱা নাছিল। কেৱল হোৱাটছএপ চাটৰ তথ্যৰ আধাৰতে তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত চলোৱা হৈছিল আৰিয়ানক দোষী সাব্যস্ত কৰাটো সম্ভৱ নহ’ল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন