--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰম পানীৰ বাল্টি এটাত মাত্ৰ এচামুচ নিমখ দি গা ধুবলৈ চেষ্টা কৰক। বহু সমস্যাৰ পৰা মুক্তি পাব পাৰে। এয়া এক প্ৰাচীন কৌশল। আচলতে নিমখত থকা মেগনেছিয়াম, কেলচিয়াম, ছডিয়াম আদি খনিজ পদাৰ্থই শৰীৰক বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ৰাতিপুৱা নিমখীয়া পানীৰে (Salt Water Bath Benefits) গা ধুলে গোটেই দিনটো শক্তিশালী হৈ থাকে।

গা ধোৱা নিমখৰ বৈজ্ঞানিক নাম মেগনেছিয়াম ছালফেট, যিটো মেগনেছিয়াম-চালফাৰেৰে গঠিত। ইয়াক এপচম নিমখ আৰু সাগৰীয় নিমখ বুলিও কোৱা হয়। এই নিমখ পানীত অতি সহজে দ্ৰৱীভূত হৈ ছালফেট আৰু মেগনেছিয়াম আইৰণ নিৰ্গত হয়। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানি লওক।

১) মুখ জিলিকি থাকেঃ পানীত নিমখ মিহলাই গা ধুলে ছালৰ পৰা মলি সঠিকভাৱে পৰিষ্কাৰ হয়। ইয়াৰ ফলত মুখমণ্ডলত জিলিকি উঠে আৰু মৃত কোষবোৰ সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হয়। ইয়াৰ দ্বাৰা গৰমৰ দিনত ঘামচিৰ ফলত হোৱা ছালৰ সংক্ৰমণ যেনে ৰিংৱৰ্ম, খজুৱতি আৰু খৰ আদি দূৰ কৰিব পাৰি। শীতকালতো ইয়াৰ বহু উপকাৰ আছে।

২) গাঁঠিৰ বিষৰ পৰা সকাহঃ প্ৰতিদিনে যদি ইফালে সিফালে দৌৰাৰ ফলত শৰীৰত বিষ হয় তেন্তে গৰম পানীত এচামুচ নিমখ দি গা ধুব লাগে। ইয়াৰ ফলত বিষ নাইকিয়া হ’ব পাৰে। ইয়াৰ উপৰিও বাতবিষ, গাঁঠিৰ বিষ, আঁঠু আৰু কঁকালৰ বিষৰ পৰাও সকাহ দিয়ে। গৰম পানীত নিমখ দি গা ধুলেও দীৰ্ঘদিনীয়া ফুলা কমিব পাৰে।

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়কঃ নিমখীয়া পানীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী হিচাপে কাম কৰে। ইয়াৰ ফলত ৰোগবোৰ আঁতৰত থাকে। নিমখীয়া পানীত প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে শৰীৰক শক্তিশালী কৰে। নিমখীয়া পানীত থকা এন্টি-বেক্টেৰিয়েল গুণে বিপজ্জনক অণুজীৱ নিৰ্মূল কৰাত সহায় কৰে। এই পানীৰে গা ধুলে শৰীৰটো ফিট হৈ থাকে।

৪/ মানসিক চাপৰ পৰা মুক্তি পাবঃ নিমখীয়া পানীৰে গা ধুলে ভাগৰ আৰু মানসিক চাপৰ পৰা উপশম পোৱা যায়। অত্যধিক মানসিক চাপৰ ক্ষেত্ৰত নিমখীয়া পানীয়ে মানসিক চাপ বৃদ্ধিকাৰী হিচাপে কাম কৰে। এই পানীৰে স্নান কৰিলে হৃদয় আৰু মনত অতিশয় শান্তি পোৱা যায়। ইয়াৰ ফলত গোটেই দিনটো ভাগৰ দূৰ হ’ব পাৰে।

নিমখীয়া পানী কেনেকৈ বনাব
বাথটাবত গৰম পানী লৈ তাত দুকাপ এপচম নিমখ দি ১৫-২০ মিনিট তিয়াই থব। ইয়াৰ পিছত তাত এনেদৰে বহিব যাতে পিঠিখন তিতি যায়। এই ধৰণৰ চিকিৎসাৰ দ্বাৰা বহু উপকাৰ পোৱা যায়। অৱশ্যে ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ