--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বিশ্বকাপৰ অন্তিমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে। এইখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। দীপিকা পাডুকন,ৰণবীৰ সিং আৰু শ্বাহৰুখ খানৰ দৰে বহু তাৰকান টীম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হৈছে। এতিয়া অভিনেতা অজয় ​​দেৱগনেও টীম ইণ্ডিয়াক নিজ গৃহৰ পৰা সমৰ্থন কৰা দেখা গৈছে।


অজয় দেৱগনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ছবি শ্বেয়াৰ কৰিছে। য’ত তেওঁক পৰিয়ালৰ সৈতে টীম ইণ্ডিয়াক জয়ৰ বাবে কামনা কৰা দেখা গৈছিল। এই ছবিখনত অজয় ​​দেৱগন, তেওঁৰ পত্নী কাজোল আৰু সন্তানৰ সৈতে অভিনেতা বৎসল ছেঠকো দেখা গৈছে।এই ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত অজয় ​​দেৱগনেও লিখিছে বিশেষ কেপচন। অভিনেতাজনে লিখিছে – ‘টীম ইণ্ডিয়াৰ বাবে দেৱগনৰ পৰিয়ালৰ শুভকামনা থাকিল...ট্ৰফী ঘৰলৈ লৈ আহক...’ উল্লেখ্য যে ছবিখনত থকা সকলোৱে টীম ইণ্ডিয়াৰ জাৰ্চি পিন্ধিছে। অভিনেতাগৰাকীৰ এই পোষ্টটোৰ ওপৰত অনুৰাগীসকলে যথেষ্ট মন্তব্য কৰা দেখা গৈছে। কম সময়ৰ ভিতৰতে ছবি সমূহে এক লাখৰো অধিক লাইক লাভ কৰিছে। ইয়াৰ লগতে অনুৰাগীসকলেও টীম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰিছে।


অভিনেত্ৰী কৃতি খৰবণ্ডায়ো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত খেলখন চাই থকা এখন ছবি শ্বেয়াৰ কৰিছে। যাৰ কেপচনত তেওঁ লিখিছে – ‘ইণ্ডিয়া...’৷উল্লেখ্য যে আজিৰ খেলখনত ইতিমধ্যে ভাৰতে প্ৰথমে বেটিং কৰি ২৪১ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক