--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বিশ্বকাপৰ অন্তিমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে। এইখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। দীপিকা পাডুকন,ৰণবীৰ সিং আৰু শ্বাহৰুখ খানৰ দৰে বহু তাৰকান টীম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হৈছে। এতিয়া অভিনেতা অজয় ​​দেৱগনেও টীম ইণ্ডিয়াক নিজ গৃহৰ পৰা সমৰ্থন কৰা দেখা গৈছে।


অজয় দেৱগনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ছবি শ্বেয়াৰ কৰিছে। য’ত তেওঁক পৰিয়ালৰ সৈতে টীম ইণ্ডিয়াক জয়ৰ বাবে কামনা কৰা দেখা গৈছিল। এই ছবিখনত অজয় ​​দেৱগন, তেওঁৰ পত্নী কাজোল আৰু সন্তানৰ সৈতে অভিনেতা বৎসল ছেঠকো দেখা গৈছে।এই ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত অজয় ​​দেৱগনেও লিখিছে বিশেষ কেপচন। অভিনেতাজনে লিখিছে – ‘টীম ইণ্ডিয়াৰ বাবে দেৱগনৰ পৰিয়ালৰ শুভকামনা থাকিল...ট্ৰফী ঘৰলৈ লৈ আহক...’ উল্লেখ্য যে ছবিখনত থকা সকলোৱে টীম ইণ্ডিয়াৰ জাৰ্চি পিন্ধিছে। অভিনেতাগৰাকীৰ এই পোষ্টটোৰ ওপৰত অনুৰাগীসকলে যথেষ্ট মন্তব্য কৰা দেখা গৈছে। কম সময়ৰ ভিতৰতে ছবি সমূহে এক লাখৰো অধিক লাইক লাভ কৰিছে। ইয়াৰ লগতে অনুৰাগীসকলেও টীম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰিছে।


অভিনেত্ৰী কৃতি খৰবণ্ডায়ো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত খেলখন চাই থকা এখন ছবি শ্বেয়াৰ কৰিছে। যাৰ কেপচনত তেওঁ লিখিছে – ‘ইণ্ডিয়া...’৷উল্লেখ্য যে আজিৰ খেলখনত ইতিমধ্যে ভাৰতে প্ৰথমে বেটিং কৰি ২৪১ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান