--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিছুদিন পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সংসদলৈ এখন হাইড্ৰ’জেনচালিত গাড়ীত উঠি আহিছিল। এই কথাটোৱে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। গাডকাৰীয়ে হাইড্ৰ’জেনচালিত গাড়ীত উঠি অহাটো একধৰণৰ চমক হিচাপেই চিহ্নিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্লীন এনাৰ্জী বা পৰিৱেশ অনুকূল ইন্ধনৰ সপক্ষে প্ৰচাৰ কৰাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছিল। তেওঁ এনে ইন্ধনৰ উপযোগিতা তথা সুলভতা সম্পৰ্কতো প্ৰকাশ কৰিছিল। কিন্তু এই পদক্ষেপে ভালেমান প্ৰশ্নবোধকৰো সৃ্ষ্টি কৰিছিল।

 

দেশত এতিয়া পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ দামে জলা-কলা খুৱাইছে জনগণক। দৈনিক বৃদ্ধি পাইছে এই অত্যাৱশ্যকীয় ইন্ধনৰ দাম। দৈনিক বৃদ্ধি পাই থকা এই ইন্ধন দুবিধৰ দামে এতিয়া স্পৰ্শ কৰিছে শতকৰ ঘৰ। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীয়ে বিকল্প ইন্ধনক লৈ প্ৰচাৰ চলোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। অৰ্থাৎ পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ দামৰ ওপৰত নিয়ন্ত্ৰণ নাইকিয়া হৈ পৰা কেন্দ্ৰীয় চৰকাৰে এতিয়া বিকল্প ইন্ধনৰ জৰিয়তে সকাহ দিব বিচাৰিছে সাধাৰণ ৰাইজক। অৱশ্যে হাইড্ৰ’জেনচালিত গাড়ী বা অন্য ইলেক্ট্ৰনিক বাহনৰ বিকল্পই দেশক নিসন্দেহে দিব পাৰিব এক নতুন কম খৰচী আৰু পৰিৱেশ অনুকূল যাত্ৰাৰ সুবিধা।

 

এতিয়া প্ৰশ্ন হৈছে যে, এই হাইড্ৰ’জেনচালিত বাহনক ভাৰতীয় পৰিৱেশত চলোৱাৰ বাবে উপযুক্ত বিবেচনা কৰা হৈছে নেকি? এই প্ৰশ্ন বিভিন্নজন প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়া লোকেই কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্নজনে এতিয়া প্ৰশ্ন কৰিছে যে, গডকাৰী উঠি অহা হাইড্ৰ’জেন গাড়ীখন ভাৰতীয় পৰিৱেশৰ বাবে অনুকূল হয়নে অথবা ইয়াক পথত চলোৱাৰ অনুমতি দিয়া হৈছে নেকি? উল্লেখ্য যে, গাডকাৰীয়ে আৰোহন কৰি অহা হাইড্ৰ’জেন গাড়ীখন আছিল টয়’টাই নিৰ্মাণ কৰা মিৰাই নামৰ গাড়ীখন। এই গাড়ীখন পথত চলোৱাৰ অনুমোদন পোৱা বুলি কৰ্তৃত্বশীল পক্ষৰ পৰা জানিব পৰা হোৱা নাই। গতিকে স্বাভাৱিকতে গাডকাৰীৰ দৰে এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এই কাৰ্যক লৈ প্ৰশ্নবোধকৰো সৃ্ষ্টি হৈছে।

 

এতিয়া প্ৰশ্ন হৈছে বিকল্প ইন্ধনৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা নিশ্চয় আছে আৰু এই ইন্ধনক দেশত জনপ্ৰিয় তথা সুলভ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটোও এটা ইতিবাচক কথা। কিন্তু তাকে কৰিবলৈ যাওঁতে কাৰিকৰী তথা অন্যান্য দিশ বিবেচনা কৰাটোও নিশ্চয় প্ৰয়োজন আছে। সাতে সোতৰই মিলি গাডকাৰীৰ এই ষ্টাণ্টে এক মিশ্ৰিত প্ৰতিক্ৰিয়াহে দেশত সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন