--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিছুদিন পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সংসদলৈ এখন হাইড্ৰ’জেনচালিত গাড়ীত উঠি আহিছিল। এই কথাটোৱে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। গাডকাৰীয়ে হাইড্ৰ’জেনচালিত গাড়ীত উঠি অহাটো একধৰণৰ চমক হিচাপেই চিহ্নিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্লীন এনাৰ্জী বা পৰিৱেশ অনুকূল ইন্ধনৰ সপক্ষে প্ৰচাৰ কৰাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছিল। তেওঁ এনে ইন্ধনৰ উপযোগিতা তথা সুলভতা সম্পৰ্কতো প্ৰকাশ কৰিছিল। কিন্তু এই পদক্ষেপে ভালেমান প্ৰশ্নবোধকৰো সৃ্ষ্টি কৰিছিল।

 

দেশত এতিয়া পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ দামে জলা-কলা খুৱাইছে জনগণক। দৈনিক বৃদ্ধি পাইছে এই অত্যাৱশ্যকীয় ইন্ধনৰ দাম। দৈনিক বৃদ্ধি পাই থকা এই ইন্ধন দুবিধৰ দামে এতিয়া স্পৰ্শ কৰিছে শতকৰ ঘৰ। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীয়ে বিকল্প ইন্ধনক লৈ প্ৰচাৰ চলোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। অৰ্থাৎ পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ দামৰ ওপৰত নিয়ন্ত্ৰণ নাইকিয়া হৈ পৰা কেন্দ্ৰীয় চৰকাৰে এতিয়া বিকল্প ইন্ধনৰ জৰিয়তে সকাহ দিব বিচাৰিছে সাধাৰণ ৰাইজক। অৱশ্যে হাইড্ৰ’জেনচালিত গাড়ী বা অন্য ইলেক্ট্ৰনিক বাহনৰ বিকল্পই দেশক নিসন্দেহে দিব পাৰিব এক নতুন কম খৰচী আৰু পৰিৱেশ অনুকূল যাত্ৰাৰ সুবিধা।

 

এতিয়া প্ৰশ্ন হৈছে যে, এই হাইড্ৰ’জেনচালিত বাহনক ভাৰতীয় পৰিৱেশত চলোৱাৰ বাবে উপযুক্ত বিবেচনা কৰা হৈছে নেকি? এই প্ৰশ্ন বিভিন্নজন প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়া লোকেই কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্নজনে এতিয়া প্ৰশ্ন কৰিছে যে, গডকাৰী উঠি অহা হাইড্ৰ’জেন গাড়ীখন ভাৰতীয় পৰিৱেশৰ বাবে অনুকূল হয়নে অথবা ইয়াক পথত চলোৱাৰ অনুমতি দিয়া হৈছে নেকি? উল্লেখ্য যে, গাডকাৰীয়ে আৰোহন কৰি অহা হাইড্ৰ’জেন গাড়ীখন আছিল টয়’টাই নিৰ্মাণ কৰা মিৰাই নামৰ গাড়ীখন। এই গাড়ীখন পথত চলোৱাৰ অনুমোদন পোৱা বুলি কৰ্তৃত্বশীল পক্ষৰ পৰা জানিব পৰা হোৱা নাই। গতিকে স্বাভাৱিকতে গাডকাৰীৰ দৰে এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এই কাৰ্যক লৈ প্ৰশ্নবোধকৰো সৃ্ষ্টি হৈছে।

 

এতিয়া প্ৰশ্ন হৈছে বিকল্প ইন্ধনৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা নিশ্চয় আছে আৰু এই ইন্ধনক দেশত জনপ্ৰিয় তথা সুলভ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটোও এটা ইতিবাচক কথা। কিন্তু তাকে কৰিবলৈ যাওঁতে কাৰিকৰী তথা অন্যান্য দিশ বিবেচনা কৰাটোও নিশ্চয় প্ৰয়োজন আছে। সাতে সোতৰই মিলি গাডকাৰীৰ এই ষ্টাণ্টে এক মিশ্ৰিত প্ৰতিক্ৰিয়াহে দেশত সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'