--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আন এক চমৎকাৰিত্বৰ দিশে অগ্ৰসৰ হৈছে চিকিৎসা বিজ্ঞান। এইবাৰ মানৱ দেহত অন্য প্ৰাণীৰ বৃক্ক সংৰোপণৰ এক পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চিকিৎসা বিজ্ঞানীয়ে। যি সময়ত বৃক্ক বা কিডনীৰ ৰোগত বিশ্বৰ লক্ষ লক্ষ মানুহে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, প্ৰাণ হেৰুৱাবলগীয়া হৈছে অসংখ্য লোকে সেই সময়তে চিকিৎসা বিজ্ঞানৰ এই চমৎকাৰ পদক্ষেপে সঞ্চাৰ কৰিছে নতুন আশাৰ। এই সফল্যৰ লগে লগে অসমৰ এগৰাকী চিকিৎসকৰ প্ৰসংগও এতিয়া আহিছে ব্যাপক চৰ্চাৰ মাজলৈ। কিয়নো তেওঁৱেই আজিৰ পৰা প্ৰায় ২৫ বছৰ আগেয়ে এনে চিন্তাৰ উদগীৰণ ঘটাইছিল আৰু এক দুঃসাহসিক পৰীক্ষাও চলাইছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ মাধ্যমত শেহতীয়া এই খবৰে লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰথমবাৰৰ কাৰণে বিশ্বত আন এক মেডিকেল মিৰাকলৰ বাট মুকলি হৈছে। মানুহৰ দেহত গাহৰিৰ বৃক্ক সংৰোপনৰ বাবে চলোৱা এক পৰীক্ষাই সৰ্বপ্ৰথমবাৰৰ বাবে সফলতাৰ মুখ দেখিছে।

বিশেষজ্ঞৰ দল

আমেৰিকাৰ নিউয়ৰ্কৰ মহানগৰৰ ‘এন ৱাই ইউ লেংগোন হেলথ মেডিকেল চেণ্টাৰ’ৰ বিশেষজ্ঞসকলে এই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক পৰীক্ষাৰপৰা পোৱা গৈছে যে, মানৱ দেহত গাহৰিৰ বৃক্কই সঠিকভাৱেই কাম কৰিছে আৰু মানৱ শৰীৰৰ যান্ত্ৰিক প্ৰণালীৰ সৈতে ই খাপ খাই পৰা দেখা গৈছে।

ডাঃ ৰবাৰ্ট মণ্টেগমেৰি

এই পৰীক্ষাত বিশেষজ্ঞৰ দলটোক নেতৃত্ব দিছিল ডাঃ ৰবাৰ্ট মণ্টেগমেৰিয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ব্ৰেইন ডেথ হোৱা এজন ৰোগীৰ দেহত এই পৰীক্ষা চলোৱা হৈছিল। ব্ৰেইন ডেথ হ’লেও তেওঁৰ হৃদযন্ত্ৰকে ধৰি অন্যান্য অংগবোৰ সক্ৰিয় হৈ আছিল। ৰোগীজনৰ পৰিয়ালৰ লোকৰ পৰা বিশেষজ্ঞৰ দলটোৱে এই পৰীক্ষা কৰাৰ বাবে অনুমতি লাভ কৰাৰ পাছতে তেওঁৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপনৰ বাবে এই বিশেষ পৰীক্ষা কৰা হয়। বৃক্ক সংৰোপনৰ পাছত তাৰ ফলাফল দেখি চিকিৎসাবিজ্ঞানীসকল নিজেই অবাক হৈ পৰে। কাৰণ মানৱ দেহত গাহৰিৰ অংগই সঠিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হোৱা নাছিল।

মানুহৰ দেহত গাহৰিৰ বৃক্ক সংৰোপন

ৰবাৰ্ট মণ্টেগমেৰিয়ে প্ৰকাশ কৰা মতে, এই পৰীক্ষাৰ পূ্ৰ্বে কিডনী বিকল হোৱা ৰোগীজনৰ ক্ৰিয়েটিনাইনৰ মাত্ৰা স্বাভাৱিক নাছিল। কিন্তু সংৰোপন সফল হোৱাৰ পাছতে তেওঁৰ দেহত ইয়াৰ পৰিমাণ স্বাভাৱিক হৈ পৰে। ইয়াৰ অৰ্থ এইটোৱেই যে, গাহৰৰি বৃক্কটো মানৱ শৰীৰে স্বাভাৱিক অংগৰ ৰূপতে গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাইছে। এয়া চিকিৎসা বিজ্ঞানৰ বাবে এক অভূতপূৰ্ব সুখবৰ হিচাপে চিহ্নিত হৈছে।

অসমৰ চিকিৎসকৰ চমৎকাৰী পৰীক্ষা

মন কৰিবলগীয়া যে, কিডনী, লিভাৰকে মানৱ দেহৰ অতি অত্যাৱশ্যকীয় অংগৰ নাটনি চিকিৎসাবিজ্ঞানৰ বাবে এক প্ৰত্যাহ্বান হৈ ৰৈছে। এনে অভাৱৰ বাবেই মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এনে পৰিপ্ৰেক্ষিতত বিভিন্ন দেশৰ বিজ্ঞানীসকলে গাহৰিৰ অংগ প্ৰত্যংগ মানৱ শৰীৰত সংৰোপনৰ বাবে কৰি আহিছিল বিভিন্ন পৰীক্ষা-নিৰীক্ষা। তাৰেই এক অংশ হিচাপে চিকিৎসাবিজ্ঞানীয়ে লাভ কৰিছে এই সফলতা। পিছে, মাৰ্কিন চিকিৎসা বিজ্ঞানীৰ এই সাফল্যই বিশ্বত আলোড়ন তোলাৰ সময়তে অসমৰ এগৰাকী চিকিৎসকৰ কথাও চৰ্চালৈ আহিছে। কিয়নো আজিৰ পৰা কুৰি বছৰৰো আগেয়েই অসমৰ এগৰাকী চিকিৎসকে এনে এক চমৎকাৰী পৰীক্ষা চলাইছিল মানৱ দেহত।

ডাঃ ধনীৰাম বৰুৱা

অসমৰ ডাঃ ধনীৰাম বৰুৱাই ৯০ৰ দশকত এনে এটা প্ৰচেষ্টা চলাইছিল। ডাঃ বৰুৱাই তেওঁৰ সোণাপুৰত থকা হাৰ্ট চিটীত এজন লোকৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰিছিল। সেই সময়ত ডাঃ বৰুৱা সফল হোৱা নাছিল, আৰু ৰোগীজনৰ মৃত্যু হোৱাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁক ‘গাহৰিৰ ডাক্টৰ’ বুলি নানা তুচ্চ-চাচ্ছিল্যও কৰা হৈছিল, চলিছিল মানসিক নিৰ্যাতন। কিন্তু ডাঃ বৰুৱাই দাবী কৰি গৈছিল যে, মানৱ দেহৰ অংগৰ সৈতে গাহৰিৰ অংগ আৰু ইয়াৰ কাৰ্যপ্ৰণালীৰ আছে সাদৃশ্য। অদূৰ ভৱিষ্যতে মানৱ দেহত গাহৰিৰ অংগ সংৰোপনেৰে ৰোগীৰ জীৱন ৰক্ষা সম্ভৱ হৈ উঠিব।

ডাঃ ধনীৰাম বৰুৱা

কিন্তু তেওঁৰ এই অধ্যয়ন আৰু গৱেষণাক সহযোগ কৰিবলৈ কোনো নাছিল। ডাঃ বৰুৱাই অৱশ্যে দাবী কৰিছিল সেই লোকজনৰ শৰীৰতো প্ৰথমতে সংৰোপণ কৰা হৃদযন্ত্ৰই কাম কৰা বুলি, কিন্তু কোনেও তেওঁৰ কথা শুনা নাছিল৷ সমগ্ৰ বিশ্বজুৰি তেওঁৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, নীতিবিৰুদ্ধ কাৰ্য কৰাৰ অভিযোগত ডাঃ বৰুৱাই কাৰাবাস খাটিবলগীয়া হৈছিল। কিন্তু মাৰ্কিন চিকিৎসাবিজ্ঞানীৰ শেহতীয়া এই সাফল্যই ডাঃ ধনীৰাম বৰুৱাৰ অধ্যয়ন আৰু গৱেষণাৰ গ্ৰহণযোগ্যতাকে যেন প্ৰমাণ কৰি তুলিলে। সঠিক সহযোগ আৰু সমৰ্থন পোৱা হ’লে হয়তো মানৱ দেহত আন প্ৰাণীৰ অংগ সংৰোপন এনে চমৎকাৰ ঘটনা তেওঁৰ নেতৃত্বতে অসমতে ঘটিলেহেঁতেন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement