--°C
Loading...
Listen to Article
2 min read
80%

ধৰক আপুনি শ্বপিং মল বা মাল্টিপ্লেক্সৰ অন্ধকাৰ ক'ৰিডৰৰ মাজেৰে ৱাছৰুমলৈ গৈ আছে। সন্মুখৰ বোৰ্ডখনে সূচায় আছে যে সোঁফালে মহিলাৰ ৱাছৰুম আছে। তাৰপিছত আপুনি সোমাবলৈ লওতেই দেখিব যে অন্য এখন দুৱাৰ খুলি দীঘল দাড়িয়ে গোফে ভোবাকাৰ অলপ শকতকৈ এজন যুৱক ওলাই গৈছে। নিশ্চয় আপুনি চক খাই উঠিব বা হতবাক হৈ উঠিব। মহিলাৰ ৱাছৰূমত পুৰুষ কেনেকৈ সোমাল। কিন্তু তেওঁক প্ৰথমে দেখাত পুৰুষ যেন লাগিলেও প্ৰকৃততে তেওঁ এগৰাকী যুৱতী। এই যুৱতীগৰাকীৰ সৈতে এয়া সচৰাচৰ ঘটি থকা ঘটনা। মুখত দীঘল দীঘল দাড়ি থকা এইগৰাকী সুন্দৰী যুৱতীৰ নাম হৰনাম কৌৰ। ইংলেণ্ড নিৱাসী ভাৰতীয় মূলৰ হৰনামে নিজৰ শৰীৰৰ বিসংগতিৰ বাবেই জীৱনৰ ২৮ বছৰ বয়সত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মুখত দীঘল দাড়ি থকা তেওঁৱেই পৃথিৱীৰ কনিষ্ঠতম মহিলা। বৰ্তমান হৰনামৰ বয়স ৩০।

গীনিজ বুকে প্ৰদান কৰা সন্মানৰ সৈতে হৰনাম কৌৰ

জীৱনৰ ১১ বছৰ বয়সত হৰনামৰ জীৱনে ৰং সলাইছিল। সুন্দৰ, মসৃণ গালখনত গজি উঠিছিল দীঘল দীঘল দাড়ি। কোমল দুওঁঠৰ ওপৰত গোফ গজি উঠিছিল। নিজৰ এই ভয়ংকৰ ৰূপত আনৰ কথা বাদেই হৰনামে নিজেই খুব ভয় খাইছিল। নিজকে তাই ভূত দেখাদি দেখিছিল। দৰাচলতে হৰনাম Polycystic Ovary Syndrome ৰোগত ভূগিছিল। ইয়াৰ অৰ্থ হৈছে যে এণ্ড্ৰোজেন হৰমনৰ অত্যাধিক নিঃসৰণৰ ফলত হৰনামৰ শৰীৰৰ চুলি আৰু নোমৰ বিকাশ আন সাধাৰণ ছোৱালীৰ তুলনাত যথেষ্ট বেছি। যাৰ কোনো চিকিৎসা নাই। ভিন্ন চিকিৎসকৰ ওচৰলৈ গৈ গৈ ছোৱালীজনীৰ পিতৃ-মাতৃ ভাগৰি পৰিছিল। নাই কোনোৱে পৰা নাছিল সেই হৰমনৰ অত্যাধিক নিঃসৰণ বন্ধ কৰিবলৈ।

শৈশৱত হৰনাম

ফলত তেওঁলোকৰ কন্যা হৰনাম হৈ পৰিছিল দাড়ি আৰু মোচৰ অধিকাৰী। শৰীৰটো নাৰীৰ কিন্তু মুখত সেই দীঘল দাড়ি আৰু শৰীৰত দীঘল দীঘল ঘন নোম থকা হৰনামক দেখি মানুহে আচহুৱা প্ৰাণী চোৱাদি চাবলৈ ধৰিলে। নানা ঠাট্টা-মস্কৰাৰো বলি হ'ল ছোৱালীজনী। সহপাঠীসকলৰ বাবে তাই হৈ উঠিল এক আমোদজনক কাৰণ। মানসিকভাবে নানা হাৰাশাস্তি কৰা হৈছিল হৰনাম কৌৰক। কাৰো ঘৰলৈ বা ক'তো হৰনাম ফুৰিবলৈ যাব পৰা নাছিল..কেৱল জীৱ-জন্তু চোৱাদি তাইক নিৰীক্ষণ কৰা হৈছিল। ভাগি পৰিছিল তাই…কোঠাত সোমাই নীৰৱে উচুপিছিল…ভগৱানক বাৰে বাৰে প্ৰশ্ন কৰিছিল কিয় এনে হ'ল..।

অন্তৰাত্মাৰ পোহৰেৰে উদ্ভাসিত হৰনাম

লাহে লাহে কিন্তু তাই নিজক বুজি উঠিছিল। হৰনামে ভাবিছিল হয়তো শৰীৰৰ এই অদ্ভূত বিংসগতি মোৰ বাবে কিবা ইতিবাচক কাৰণো হ'ব পাৰে। হয়তো মোৰ জৰিয়তে ঈশ্বৰে সমাজলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। এই কথাখিনি মনলৈ অহাৰ পিছতেই সম্পূৰ্ণ ৰূপে সলনি হৈ পৰিছিল ছোৱালীজনী। এন্ধাৰৰ গহ্বৰৰ পৰা নিজকে খান্দি উলিয়াই পোহৰৰ বাট এটাত তাই ভৰি থৈছিল। হাঁহিবলৈ শিকিছিল…চকু,ওঁঠ,গালত ৰং বোলাবলৈ শিকিছিল অন্য ছোৱালীৰ দৰেই। মোৰ মুখত দাড়ি থাকক কোনো কথা নাই..এই ব্যতিক্ৰমীতাৰে মই এই পৃথিৱীত নিজৰ চিনাকি গঢ়ি তুলিম। এনেকুৱা মানসিক শক্তিক কোনে ৰুধিব পাৰে! আজিৰ তাৰিখত হৰনাম কৌৰ এগৰাকী এগৰাকী ছ'চিয়েল মিডিয়া তাৰকা, সফল অনুপ্ৰেৰণামূলক বক্তা আৰু ফ্ৰিলেন্স মডেল।

হাজাৰ জনৰ প্ৰেৰণাৰ উৎস হৰনাম কৌৰ

মডেলিং জগতত ভৰি থৈ হৰনাম কৌৰে দেখুৱাই দিলে সৌন্দৰ্যৰ অন্য এক পৰিচয়। হৰনামৰ অনুপ্ৰেৰণামূলক কথা শুনিবলৈ মানুহে তাইৰ আশে-পাশে ভিৰ কৰা হ'ল। ছ'চিয়েল মিডিয়াৰো ছেঞ্চেছন হৰনাম কৌৰ। বৰ্তমান সময়ত তেওঁ বিভিন্ন ফেশ্বন আলোচনীৰ বেটুপাত পৃষ্ঠা শুৱনি কৰি আছে।

বল্ড এণ্ড বিউটিফুল হৰনাম

হৰনাম কৌৰে কয়, ''আগতে যিসকলে মোক লৈ ঠাট্টা-মস্কৰা, উপহাস কৰিছিল, সেইসকলেই আজি মোক সন্মান দিয়ে। এই পৃথিৱীত সকলোৰে সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে। মই এটা কথাই ক'ব বিচাৰো যে, নিজক ভালপাবলৈ শিকক, আপুনি লাগে যেনেকুৱাই নহওক। মানুহে সদায় নিজৰ বাবে জীয়াবলৈ শিকিবলৈ লাগে। আনৰ কথা শুনি জীয়াবলৈ আমি এই পৃথিৱীলৈ অহা নাই। যদি আপোনাৰ মানসিক শক্তি প্ৰবল তেন্তে হাজাৰ নালাগে লাখ বাধা আহিলেও সকলো উফৰি যাব। নিজক চিনক..বুজক আৰু আগুৱাই যাওক। সাধাৰণতে ছোৱালীয়ে চেলাউৰিত দুই, এডাল অতিৰিক্ত নোম গজিলেই ধৰফৰাই উঠে। বিউটি পাৰ্লাৰলৈ দৌৰি যায়…কিন্তু একেখন পৃথিৱীতে হৰনামৰ দৰে যুৱতীও জীয়াই আছে মুখত দীঘল দীঘল দাড়ি লৈ…গতিকে মই পাৰিছো যেতিয়া আপুনিও পাৰিব…পিছলৈ নাচাই আগুৱাই যাওক…দেখিব এচমকা পোহৰ হৈ আপোনাৰ জীৱন উজলি উঠিছে আৰু আনকো পোহৰাইছে…..।''

-কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু