--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাত হামাছে যুদ্ধত অসামৰিক লোকসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। ইজৰাইলে আৰম্ভণিৰে পৰা এনে ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে। জিহাদীসকলে ইহুদী ৰাষ্ট্ৰ খনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে নিজকে ৰক্ষা কৰিবলৈ   গাজা ষ্ট্ৰিপৰ একাধিক চিকিৎসালয় ব্যৱহাৰ কৰি আছে। তেনে এখন চিকিৎসালয়তে হামাছৰ এজন শীৰ্ষ নেতা আহমেদ ছিয়ামে  ৰোগী আৰু অসামৰিক লোককে ধৰি মুঠ ১,০০০ লোকক বন্দী কৰি ৰাখিছিল বুলি ইজৰাইলে অভিযোগ কৰিছিল। এইবাৰ জেহাদী নেতাজনক ইজৰাইলী সেনাই হত্যা কৰা বুলি দাবী কৰিছে  ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে । 

আইডিএফে এক বিবৃতিত কয়, "হামাছৰ অন্যতম শীৰ্ষ নেতা আহমেদ ছিয়াম ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ বিমান আক্ৰমণত নিহত হৈছে।" আহমেদ ছিয়ামে গাজাত ৰোগী আৰু অসামৰিক লোকসহ মুঠ ১,০০০ লোকক ৰেণ্টচি চিকিৎসালয়ত বন্দী কৰি ৰাখিছিল। একে সময়তে নেতাজনে  উত্তৰ গাজাৰ বাসিন্দাসকলক দক্ষিণলৈ স্থানান্তৰ কৰাত বাধা প্ৰদান কৰিছিল। ছিয়াম কুখ্যাত নাছেৰ ৰাদৱান কোম্পানীৰ এজন শীৰ্ষ কমাণ্ডাৰ আছিল।  জিহাদীজন ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল। 

কেৱল ৰেণ্টচি চিকিৎসালয়েই  নহয়,  হামাছে গাজাৰ কেইবাখনো চিকিৎসালয়ত ঘাটি স্থাপন কৰাৰ অভিযোগ উঠিছে। ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা ইজৰাইলৰ সামৰিক বাহিনীয়ে হামাছক নিপাত  বাবে  নিৰন্তৰ অভিযান চলাই আহিছে। ইহুদী ৰাষ্ট্ৰ খনে  জিহাদীসকলৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ  গাজাৰ সৰ্ববৃহৎ চিকিৎসালয় আল-চিফাত আক্ৰমণ কৰিছে। ইজৰাইলী সেনাৰ নিৰন্তৰ আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। আল চিফা চিকিৎসালয়ত ইতিমধ্যে তিনিটা নৱজাতকৰ মৃত্যু হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কৈছে যে মৃত্যুৰ সংখ্যাটো দ্ৰুতগতিত বৃদ্ধি পাব। এজন ইজৰাইলী সামৰিক মুখপাত্ৰই নিশ্চিত কৰিছে যে তেওঁলোকে ৰোগীসকলৰ  স্থানান্তৰ প্ৰক্ৰিয়াত সহায় কৰিব।
 ইজৰাইলে ইতিমধ্যে সমগ্ৰ গাজাৰ  বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি দিছে।ফলত চিকিৎসালয়ৰ ইনকিউবেটৰত থকা অসহায় শিশুসকলৰ বাবে মৃত্যু  ঘণ্টা বাজিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ