--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাত হামাছে যুদ্ধত অসামৰিক লোকসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। ইজৰাইলে আৰম্ভণিৰে পৰা এনে ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে। জিহাদীসকলে ইহুদী ৰাষ্ট্ৰ খনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে নিজকে ৰক্ষা কৰিবলৈ   গাজা ষ্ট্ৰিপৰ একাধিক চিকিৎসালয় ব্যৱহাৰ কৰি আছে। তেনে এখন চিকিৎসালয়তে হামাছৰ এজন শীৰ্ষ নেতা আহমেদ ছিয়ামে  ৰোগী আৰু অসামৰিক লোককে ধৰি মুঠ ১,০০০ লোকক বন্দী কৰি ৰাখিছিল বুলি ইজৰাইলে অভিযোগ কৰিছিল। এইবাৰ জেহাদী নেতাজনক ইজৰাইলী সেনাই হত্যা কৰা বুলি দাবী কৰিছে  ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে । 

আইডিএফে এক বিবৃতিত কয়, "হামাছৰ অন্যতম শীৰ্ষ নেতা আহমেদ ছিয়াম ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ বিমান আক্ৰমণত নিহত হৈছে।" আহমেদ ছিয়ামে গাজাত ৰোগী আৰু অসামৰিক লোকসহ মুঠ ১,০০০ লোকক ৰেণ্টচি চিকিৎসালয়ত বন্দী কৰি ৰাখিছিল। একে সময়তে নেতাজনে  উত্তৰ গাজাৰ বাসিন্দাসকলক দক্ষিণলৈ স্থানান্তৰ কৰাত বাধা প্ৰদান কৰিছিল। ছিয়াম কুখ্যাত নাছেৰ ৰাদৱান কোম্পানীৰ এজন শীৰ্ষ কমাণ্ডাৰ আছিল।  জিহাদীজন ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল। 

কেৱল ৰেণ্টচি চিকিৎসালয়েই  নহয়,  হামাছে গাজাৰ কেইবাখনো চিকিৎসালয়ত ঘাটি স্থাপন কৰাৰ অভিযোগ উঠিছে। ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা ইজৰাইলৰ সামৰিক বাহিনীয়ে হামাছক নিপাত  বাবে  নিৰন্তৰ অভিযান চলাই আহিছে। ইহুদী ৰাষ্ট্ৰ খনে  জিহাদীসকলৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ  গাজাৰ সৰ্ববৃহৎ চিকিৎসালয় আল-চিফাত আক্ৰমণ কৰিছে। ইজৰাইলী সেনাৰ নিৰন্তৰ আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। আল চিফা চিকিৎসালয়ত ইতিমধ্যে তিনিটা নৱজাতকৰ মৃত্যু হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কৈছে যে মৃত্যুৰ সংখ্যাটো দ্ৰুতগতিত বৃদ্ধি পাব। এজন ইজৰাইলী সামৰিক মুখপাত্ৰই নিশ্চিত কৰিছে যে তেওঁলোকে ৰোগীসকলৰ  স্থানান্তৰ প্ৰক্ৰিয়াত সহায় কৰিব।
 ইজৰাইলে ইতিমধ্যে সমগ্ৰ গাজাৰ  বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি দিছে।ফলত চিকিৎসালয়ৰ ইনকিউবেটৰত থকা অসহায় শিশুসকলৰ বাবে মৃত্যু  ঘণ্টা বাজিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন