--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে মন্ত্ৰীসভাত বৃহৎ সালসলনি কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে। সুনকে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰনক ব্ৰিটেইনৰ নতুন বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰ লগতে ভাৰতীয় মূলৰ গৃহমন্ত্ৰী ছুৱেলা ব্ৰেভাৰমেনক সুনকে বৰ্খাস্ত কৰে। ছুৱেলাৰ ঠাইত জেমছ ক্লিভাৰলীক কমাণ্ড দিয়া হৈছে। ইয়াৰ আগতে ক্লিভাৰলে আছিল বৈদেশিক মন্ত্ৰী।

বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ সন্দৰ্ভত কেমেৰনে কয় যে প্ৰধানমন্ত্ৰীয়ে মোক তেওঁৰ বৈদেশিক মন্ত্ৰী হিচাপে কাম কৰিবলৈ কৈছে আৰু মই মানি লৈছো। ইউক্ৰেইনৰ যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ সংকটকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও কেমেৰনে মন্তব্য কৰে।তেওঁ কয় যে যোৱা সাত বছৰ ধৰি মই ৰাজনীতিৰ বাহিৰত আছো, মই আশা কৰিছো যে ১১ বছৰ ধৰি কনজাৰ্ভেটিভ নেতা আৰু ছবছৰ প্ৰধানমন্ত্ৰী হিচাপে মোৰ অভিজ্ঞতাই প্ৰধানমন্ত্ৰীক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব।

উল্লেখ্য যে ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেমেৰন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল। ব্রেক্সিট সন্দর্ভত গণভোটৰ পাছত তেওঁ প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰে৷ দৰাচলতে এই গণভোটত বেছিভাগ মানুহেই ইউৰোপীয় সংঘৰ পৰা ব্ৰিটেইন পৃথক হোৱাৰ সপক্ষে ভোটদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ