--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্তক্ষয়ী  যুদ্ধত বিধ্বস্ত হৈ পৰিছে গাজা।  পেলেষ্টাইনৰ  হামাছ আৰু ইজৰাইলৰ সেনাৰ  মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষই ২২ দিনত প্ৰৱেশ কৰিছে। মধ্য প্ৰাচ্যৰ এই যুঁজত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ  অধিৱেশনত যুদ্ধবিৰতিকলৈ এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। অৱশ্যে  ভাৰতে প্ৰস্তাৱটো গৃহীত কৰিবলৈ ভোটত অংশগ্ৰহণ নকৰিলে । নতুন দিল্লীৰ এই পদক্ষেপ প্ৰস্তাৱিত খচৰাত হামাছৰ বিষয়ে  নথকাৰ বাবে  গ্ৰহণ কৰা বুলি   কোৱা হৈছে। 

জৰ্ডানে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত গাজাত যুদ্ধ বিৰতিৰ প্ৰস্তাৱ উপস্থাপন কৰে। খচৰাখনত মানৱীয় উদ্দেশ্যৰ বাবে গাজাত যুদ্ধবিৰতিৰ আহ্বান জনোৱা হয়। কিন্তু ইজৰাইলৰ ওপৰত হামাছৰ  আক্ৰমণৰ বিষয়ে কোনো কথা প্ৰস্তাৱত  উল্লেখ কৰা হোৱা নাছিল।  ফলস্বৰূপে, ভাৰতে প্ৰস্তাৱটো গৃহীত কৰিবলৈ ভোটত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। কানাডাই খচৰাখনত সংশোধনৰ প্ৰস্তাৱ দিছিল।

ৰাষ্ট্ৰসংঘৰ  ১২০ খন সদস্য ৰাষ্ট্ৰই প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে । চৈধ্যখন দেশে ইয়াৰ বিৰুদ্ধে ভোট দিয়ে । ভাৰতকে ধৰি ৪৫ খন সদস্য ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকে। ভোটদানৰ পৰা বিৰত থকা দেশসমূহৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, জাপান, ইউক্ৰেইন আৰু ব্ৰিটেইনৰ দৰে দেশ।  

ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ স্থায়ী প্ৰতিনিধি যোজনা পেটেলে কয়, "৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ অতি গুৰুতৰ ঘটনা । আমি নিন্দা কৰা উচিত। আমি বন্দীসকলক তাৎক্ষণিকভাবে  আৰু চৰ্তহীন ভাৱে মুক্তি দিয়াৰ দাবী জনাইছো। সন্ত্ৰাসবাদৰ কোনো সীমা নাই, কোনো ৰাষ্ট্ৰীয়তা নাই। পৃথিৱীৰ কোনো দেশেই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কোনো যৌক্তিকতা স্বীকাৰ কৰা উচিত নহয়। সকলো মত পাৰ্থক্য আঁতৰাই ৰাখি, আমি সকলোৱে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰা উচিত।" তেওঁ লগতে কয়  "আমি সকলোৱে মানৱীয় সংকটৰ মোকাবিলা কৰিব লাগিব। আমি সেই দেশসমূহক প্ৰশংসা কৰো যিবোৰ দেশে এই যুঁজ বন্ধ কৰিবলৈ আৰু গাজালৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছে। ভাৰতেও একেই প্ৰচেষ্টা চলাই আছে।" অৱশ্যে বেছিভাগ সদস্য ৰাষ্ট্ৰৰ সমৰ্থনতগাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানৱীয় স্বাৰ্থত গ্ৰহণ কৰা হয়।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক