--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্তক্ষয়ী  যুদ্ধত বিধ্বস্ত হৈ পৰিছে গাজা।  পেলেষ্টাইনৰ  হামাছ আৰু ইজৰাইলৰ সেনাৰ  মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষই ২২ দিনত প্ৰৱেশ কৰিছে। মধ্য প্ৰাচ্যৰ এই যুঁজত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ  অধিৱেশনত যুদ্ধবিৰতিকলৈ এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। অৱশ্যে  ভাৰতে প্ৰস্তাৱটো গৃহীত কৰিবলৈ ভোটত অংশগ্ৰহণ নকৰিলে । নতুন দিল্লীৰ এই পদক্ষেপ প্ৰস্তাৱিত খচৰাত হামাছৰ বিষয়ে  নথকাৰ বাবে  গ্ৰহণ কৰা বুলি   কোৱা হৈছে। 

জৰ্ডানে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত গাজাত যুদ্ধ বিৰতিৰ প্ৰস্তাৱ উপস্থাপন কৰে। খচৰাখনত মানৱীয় উদ্দেশ্যৰ বাবে গাজাত যুদ্ধবিৰতিৰ আহ্বান জনোৱা হয়। কিন্তু ইজৰাইলৰ ওপৰত হামাছৰ  আক্ৰমণৰ বিষয়ে কোনো কথা প্ৰস্তাৱত  উল্লেখ কৰা হোৱা নাছিল।  ফলস্বৰূপে, ভাৰতে প্ৰস্তাৱটো গৃহীত কৰিবলৈ ভোটত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। কানাডাই খচৰাখনত সংশোধনৰ প্ৰস্তাৱ দিছিল।

ৰাষ্ট্ৰসংঘৰ  ১২০ খন সদস্য ৰাষ্ট্ৰই প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে । চৈধ্যখন দেশে ইয়াৰ বিৰুদ্ধে ভোট দিয়ে । ভাৰতকে ধৰি ৪৫ খন সদস্য ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকে। ভোটদানৰ পৰা বিৰত থকা দেশসমূহৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, জাপান, ইউক্ৰেইন আৰু ব্ৰিটেইনৰ দৰে দেশ।  

ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ স্থায়ী প্ৰতিনিধি যোজনা পেটেলে কয়, "৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ অতি গুৰুতৰ ঘটনা । আমি নিন্দা কৰা উচিত। আমি বন্দীসকলক তাৎক্ষণিকভাবে  আৰু চৰ্তহীন ভাৱে মুক্তি দিয়াৰ দাবী জনাইছো। সন্ত্ৰাসবাদৰ কোনো সীমা নাই, কোনো ৰাষ্ট্ৰীয়তা নাই। পৃথিৱীৰ কোনো দেশেই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কোনো যৌক্তিকতা স্বীকাৰ কৰা উচিত নহয়। সকলো মত পাৰ্থক্য আঁতৰাই ৰাখি, আমি সকলোৱে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰা উচিত।" তেওঁ লগতে কয়  "আমি সকলোৱে মানৱীয় সংকটৰ মোকাবিলা কৰিব লাগিব। আমি সেই দেশসমূহক প্ৰশংসা কৰো যিবোৰ দেশে এই যুঁজ বন্ধ কৰিবলৈ আৰু গাজালৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছে। ভাৰতেও একেই প্ৰচেষ্টা চলাই আছে।" অৱশ্যে বেছিভাগ সদস্য ৰাষ্ট্ৰৰ সমৰ্থনতগাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানৱীয় স্বাৰ্থত গ্ৰহণ কৰা হয়।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা