--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনতে হেঁপাহ আছিল ৰেষ্টুৰেণ্টলৈ গৈ অক্টোপাছেৰে তৈয়াৰ কৰা ব্যঞ্জনৰ জুতি ল’ব৷ কিন্তু সেই  সুস্বাদু খাদ্যই কাল হ’ল এগৰাকী বৃদ্ধৰ ৷  অক্টোপাছেৰে তৈয়াৰ কৰা ব্যঞ্জনৰ জুতি ল’ব লৈ থকাৰ সময়তে কৰুণ মৃত্যুক সাৱটিলে বৃদ্ধই৷  ৮২  বছৰীয়া বৃদ্ধগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে৷ 

ঘটনাটো দক্ষিণ কোৰিয়াৰ গোৱাংজুত সংঘটিত হৈছে। বৃদ্ধগৰাকীয়ে  "লাইভ অক্টোপাছ" বা "চান-নাকজী" নামৰ এবিধ বিশেষ  ব্যঞ্জন খাবলৈ ৰেষ্টুৰেণ্টলৈ গৈছিল৷ এই খাদ্য অক্টোপাছ তিল তেলত ভাজি    টুকুৰা টুকুৰকৈ  পৰিৱেশন কৰা হয় । বৃদ্ধগৰাকীয়ে  অক্টোপাছৰ পৰা তৈয়াৰ কৰা খাদ্য বিধ  যথেষ্ট সুস্বাদু  পাইছিল। কিন্তু সমস্যাটো হ'ল, হঠাতে এটা টুকুৰা তেওঁৰ ডিঙিত লাগি ধৰে। তেতিয়াই উশাহৰ সমস্যা  আৰম্ভ হয় ।লগে লগে তেওঁ হৃদৰোগত আক্ৰান্ত হয়  । তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  তেওঁক মৃত বুলি ঘোষণা কৰা হয়৷ ।

বিশেষজ্ঞসকলে কৈছে  যে এই 'জীৱিত অক্টোপাছ'ৰ টুকুৰা যিমানে সৰু হয় সিমানে ভাল৷ কাৰণ অক্টোপাছটো কটাৰ পিছতো চলাচল কৰিব পাৰে। গতিকে এই ব্যঞ্জনটো অতি সাৱধানে খাব লাগে।  ২০০৭ ৰ পৰা ২০১২ চনৰ ভিতৰত দক্ষিণ কোৰিয়াত এনে ব্যঞ্জন খোৱাৰ সময়ত  তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল৷ 

দক্ষিণ কোৰিয়াত 'লাইভ অক্টোপাছ' এটা অতি জনপ্ৰিয় ব্যঞ্জন। এই খাদ্য  দেশৰ সংস্কৃতিৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক