--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনতে হেঁপাহ আছিল ৰেষ্টুৰেণ্টলৈ গৈ অক্টোপাছেৰে তৈয়াৰ কৰা ব্যঞ্জনৰ জুতি ল’ব৷ কিন্তু সেই  সুস্বাদু খাদ্যই কাল হ’ল এগৰাকী বৃদ্ধৰ ৷  অক্টোপাছেৰে তৈয়াৰ কৰা ব্যঞ্জনৰ জুতি ল’ব লৈ থকাৰ সময়তে কৰুণ মৃত্যুক সাৱটিলে বৃদ্ধই৷  ৮২  বছৰীয়া বৃদ্ধগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে৷ 

ঘটনাটো দক্ষিণ কোৰিয়াৰ গোৱাংজুত সংঘটিত হৈছে। বৃদ্ধগৰাকীয়ে  "লাইভ অক্টোপাছ" বা "চান-নাকজী" নামৰ এবিধ বিশেষ  ব্যঞ্জন খাবলৈ ৰেষ্টুৰেণ্টলৈ গৈছিল৷ এই খাদ্য অক্টোপাছ তিল তেলত ভাজি    টুকুৰা টুকুৰকৈ  পৰিৱেশন কৰা হয় । বৃদ্ধগৰাকীয়ে  অক্টোপাছৰ পৰা তৈয়াৰ কৰা খাদ্য বিধ  যথেষ্ট সুস্বাদু  পাইছিল। কিন্তু সমস্যাটো হ'ল, হঠাতে এটা টুকুৰা তেওঁৰ ডিঙিত লাগি ধৰে। তেতিয়াই উশাহৰ সমস্যা  আৰম্ভ হয় ।লগে লগে তেওঁ হৃদৰোগত আক্ৰান্ত হয়  । তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  তেওঁক মৃত বুলি ঘোষণা কৰা হয়৷ ।

বিশেষজ্ঞসকলে কৈছে  যে এই 'জীৱিত অক্টোপাছ'ৰ টুকুৰা যিমানে সৰু হয় সিমানে ভাল৷ কাৰণ অক্টোপাছটো কটাৰ পিছতো চলাচল কৰিব পাৰে। গতিকে এই ব্যঞ্জনটো অতি সাৱধানে খাব লাগে।  ২০০৭ ৰ পৰা ২০১২ চনৰ ভিতৰত দক্ষিণ কোৰিয়াত এনে ব্যঞ্জন খোৱাৰ সময়ত  তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল৷ 

দক্ষিণ কোৰিয়াত 'লাইভ অক্টোপাছ' এটা অতি জনপ্ৰিয় ব্যঞ্জন। এই খাদ্য  দেশৰ সংস্কৃতিৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা