--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছৰ আভ্যন্তৰীণ কলহে এতিয়া ব্যাপক ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। এফালে, গান্ধী পৰিয়াল আৰু তেওঁলোকৰ অনুগত শীৰ্ষ নেতৃত্ব আৰু আনফালে কংগ্ৰেছত নেতৃত্বৰ পৰিৱৰ্তন বিচৰা জ্যেষ্ঠ নেতাসকল। এই দুই পক্ষৰ মুকলি সংঘাতে এতিয়া দলটোৰ তলৰ পৰ্যায়ৰ নেতা কৰ্মীক অসন্তুষ্ট আৰু হতাশ কৰি তোলা পৰিলক্ষিত হৈছে। দলটো পুনৰ বিভাজিত হোৱাৰো আশংকা দেখিবলৈ পোৱা গৈছে। গোলাম নবী আজাদৰবুধবাৰে, জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ ঘৰত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলটোৰ বিসম্বাদী নেতাসকল মিলিত হৈ দলটোৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যিধৰণে দলটো পৰিচালনা কৰিছে তাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। কপিল ছিবাব, ভূপিন্দৰ হুডা, শশী থাৰুৰ, আনন্দ শৰ্মা আদিৰ দৰে জ্যেষ্ঠ নেতা উপস্থিত থকা এই বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ প্ৰতি মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়। অৱশ্যে দলটোত বিভাজন অনাৰ পক্ষপাতী নহয় এইসকল নেতা। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ শোচনীয় পৰাজয় পাছত কংগ্ৰেছৰ বিসম্বাদী নেতাসকলৰ এই বৈঠকে ব্যাপক চৰ্চা লাভ কৰিছিল আৰু কংগ্ৰেছ পুনৰ বিভক্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছিল। কিন্তু সেই আশংকা নস্যাৎ কৰি দলৰ নেতাসকলে কয় যে, দল বিভাজিত হ’লে পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম নহ’ব দলটো। তাৰ সলনি তেওঁলোকে সামূহিক নেতৃত্বৰ প্ৰসংগ উত্থাপন কৰে। গোলাম নবী আজাদৰনেতৃত্বৰ পুনৰ নিৰ্বাচনৰ দাবীক লৈ যথেষ্ট সৰৱ হৈ থকা জি-২৩ নেতাসকলে বৈঠকৰ পাছত কয় যে ‘কংগ্ৰেছৰ বাবে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হৈছে সকলো স্তৰতে সামূহিক আৰু সামগ্ৰিক নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ এক আৰ্হি গ্ৰহণ কৰা।’ বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে নিজে গা টঙাই লোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি নেতাসকলে কয় যে, ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমভাৱাপন্ন শক্তিবোৰৰ সৈতে কথা পতা আৰম্ভ কৰিব লাগে আৰু এটা শক্তিশালী বিকল্প সৃষ্টিৰ প্ৰচেষ্টা নেতৃত্বই কৰিব লাগে। তাৎপৰ্যপূৰ্ণভাৱে দলটোৰ জ্যেষ্ঠ নেতা শংকৰ সিং বাঘেলাই ৰাহুল গান্ধীৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই বুলি চাঞ্চল্যকৰ মন্তব্য কৰে। ‘ৰাহুল গান্ধীৰ ওপৰত আমাৰ বিশ্বাস নাই। আজাদে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি তেওঁক আমাৰ দাবীসমূহ জনাব। নতুন নেতৃত্ব আহিব লাগে। আমি কংগ্ৰেছৰ উন্নতি বিচাৰোঁ। আন নেতাসকলে সোনকালেই আমাৰ সৈতে যোগ দিব।’ তেওঁৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ এই বিসম্বাদী শিবিৰৰ বল বৃদ্ধি পাই গৈ থকাটো গান্ধী নেতৃত্বৰ প্ৰতি প্ৰত্যাহ্বান হৈ পৰিলেও কংগ্ৰেছৰ বাবে শুভ লক্ষণো বিবেচিত হ’ব পাৰে বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে। উল্লেখ্য যে, বৃহস্পতিবাৰে ১০ জনপথত দলৰ মুৰব্বী ছোনিয়া গান্ধীক লগ কৰাৰ সম্ভাৱনা আছে। ইফালে, জি-২৩ গোটৰ বৈঠকত বিতং তথ্য প্ৰকাশ কৰি এটা সূত্ৰই কয়, ইয়াৰ নেতাসকলে দলটো বিভাজনৰ পক্ষপাতী কোনোপধ্যে নহয়। নেতৃত্বৰ সংস্কাৰ আৰু গতিশীলতাহে তেওঁলোকৰ কাম্য। এতিয়া গান্ধী পৰিয়ালে এই বৈঠকক কিদৰে গ্ৰহণ কৰে সেয়া তাৎপৰ্যপূ্ৰ্ণ বিবেচিত হ’ব। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন