--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মাটিত জাপানৰ দৰে বুলেট ট্ৰেইন চলোৱা সম্ভৱপৰ নহয়। বৃহস্পতিবাৰে লোকসভাত এই দাবী উত্থাপন কৰে তৃণমূল নেতা সুদীপ বেনাৰ্জীয়ে। উল্লেখ্য যে, ২০১৭ চনৰ নৱেম্বৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবেয়ে গুজৰাটৰ চাবৰমতী ষ্টেচনত ভাৰতৰ প্ৰথমবুলেট ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মোডীৰ সপোন মুম্বাই-আহমেদাবাদৰ বুলেট ট্ৰেইনৰ প্ৰকল্পটো ১ লাখ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ৰে'লৱে সংসদীয় স্থায়ী সমিতিৰ প্ৰাক্তন অধ্যক্ষ সুদীপে বুধবাৰে তেওঁৰ ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সম্বোধন কৰি কয়, "আপুনি মোক যোৱাবাৰ ৰে'লৱেৰ স্থায়ী (স্থায়ী) সমিতিৰ অধ্যক্ষৰ দাযিত্ব অৰ্পণ কৰিছিল। মই সেই পদত তিনি বছৰ ধৰি কাম কৰিছিলো। মই ভাৰতীয় ৰেলপথৰ বিষয়ে বহু ভালকৈয়ে জানো। তেওঁৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সুদীপে কয়, "মই এতিয়াও কওঁ ভাৰতৰ মাটিত জাপানৰ দৰে বুলেট ট্ৰেইন চলোৱা সম্ভৱ নহয় বা অনুকূল নহয়। মঙলবাৰে সুদীপ আৰু আন এজন তৃণমূল সাংসদ নুছৰত জাহানে ৰে'লমন্ত্ৰী অশ্বিনী প্ৰশ্ন কৰে যে, দেশৰ মাটিত তীব্ৰ গতিৰ বুলেট ট্ৰেইন ধৰি ৰখাৰ ক্ষমতা আছে নে? ইয়াৰ প্ৰত্যুত্তৰত, ৰে'ল মন্ত্ৰীয়ে বুধবাৰে তৃণমূলৰ ওপৰত "ৰাজনৈতিক আক্ৰমণ" আৰম্ভ কৰে। সুদীপে বৃহস্পতিবাৰে লোকসভাত কয় যে বুলেট ট্ৰেইন বিতৰ্কক লৈ চৰকাৰৰ সৈতে সংঘৰ্ষ কৰাৰ কোনো পৰিকল্পনা নাই। ৰে'লমন্ত্ৰী অশ্বিনীক সম্বোধন কৰি তেওঁ কয়, "আমি আপোনাৰ বা আপোনাৰ দলৰ সৈতে কোনো বিৰোধীতা নকৰো। ইয়াৰ পৰিৱৰ্তে, আমি ৰে'লৱেৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম। BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে