--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঘোষণা কৰা হ’ল পশ্চিমবংগ বিধানসভা আৰু লোকসভাৰ উপ নিৰ্বাচনৰ দিন। বংগৰ উপ-নিৰ্বাচনত মা-মাটি-মানুহৰ গান গাবলৈ সাজু ‘বিহাৰী বাবু’। অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ এখন আসন আৰু বিধানসভাৰ এখন আসনৰ বাবে ভোটগ্ৰহণ। তাৎপৰ্যপূৰ্ণভাৱে লোকসভাৰ আসনখনত প্ৰতিদ্বন্দ্বিতাৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছে নিৰ্বাচন কৰিছে শত্ৰুঘ্ন সিনহাক। ‘বিহাৰী বাবু’ হিচাপে পৰিচিত শত্ৰুঘ্ন সিনহাই এইবাৰ গাব মা-মাটি মানুহৰ গান। সিনহাই প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। আনহাতে সুপ্ৰিয়ক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ আগুৱাই দিছে মমতাই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অভিনেতা শত্ৰুঘ্ন সিনহাই তৃণমূল কংগ্ৰেছৰ টিকটত পশ্চিম বংগৰ আছানছোল সমষ্টিৰ পৰা লোকসভা উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। টিএমচিৰ মুৰব্বী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে টুইটাৰত এই বিষয়ে ঘোষণা কৰে। প্ৰাক্তন বিজেপি নেতা প্ৰখ্যাত অভিনেতা শত্ৰুঘ্ন সিনহাৰ প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰি তেওঁ লিখিছে, ‘তৃণমূল কংগ্ৰেছৰ হৈ এই ঘোষণা কৰিবলৈ পাই মই সুখী হৈছোঁ যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিখ্যাত অভিনেতা শত্ৰুঘ্ন সিনহাই আছানছোলৰ পৰা লোকসভা উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব।’ আনহাতে পশ্চিমবংগৰ বালিগঞ্জ বিধানসভা সমষ্টিৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ, টিএমচিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু গায়ক বাবুল সুপ্ৰিয়ক মনোনীত কৰিছে। আন এটা টুইটযোগে মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে, ‘প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জনপ্ৰিয় গায়ক বাবুল সুপ্ৰিয়ই বালিগঞ্জ সমষ্টিৰ পৰা বিধানসভা উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব। জয় হিন্দ, জয় বাংলা, জয় মা-মাটি-মানুষ!’ শনিবাৰে, নিৰ্বাচন আয়োগে বালিগঞ্জ বিধানসভা আৰু আছানছোল লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল। ভোটগণনা ১৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। ‘বিহাৰী বাবু’ শত্ৰুঘ্ন সিনহাই বংগত মা-মাটি-মানুহৰ গীত গাবলৈ অগ্ৰসৰ হোৱা এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক