--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঘোষণা কৰা হ’ল পশ্চিমবংগ বিধানসভা আৰু লোকসভাৰ উপ নিৰ্বাচনৰ দিন। বংগৰ উপ-নিৰ্বাচনত মা-মাটি-মানুহৰ গান গাবলৈ সাজু ‘বিহাৰী বাবু’। অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ এখন আসন আৰু বিধানসভাৰ এখন আসনৰ বাবে ভোটগ্ৰহণ। তাৎপৰ্যপূৰ্ণভাৱে লোকসভাৰ আসনখনত প্ৰতিদ্বন্দ্বিতাৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছে নিৰ্বাচন কৰিছে শত্ৰুঘ্ন সিনহাক। ‘বিহাৰী বাবু’ হিচাপে পৰিচিত শত্ৰুঘ্ন সিনহাই এইবাৰ গাব মা-মাটি মানুহৰ গান। সিনহাই প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। আনহাতে সুপ্ৰিয়ক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ আগুৱাই দিছে মমতাই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অভিনেতা শত্ৰুঘ্ন সিনহাই তৃণমূল কংগ্ৰেছৰ টিকটত পশ্চিম বংগৰ আছানছোল সমষ্টিৰ পৰা লোকসভা উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। টিএমচিৰ মুৰব্বী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে টুইটাৰত এই বিষয়ে ঘোষণা কৰে। প্ৰাক্তন বিজেপি নেতা প্ৰখ্যাত অভিনেতা শত্ৰুঘ্ন সিনহাৰ প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰি তেওঁ লিখিছে, ‘তৃণমূল কংগ্ৰেছৰ হৈ এই ঘোষণা কৰিবলৈ পাই মই সুখী হৈছোঁ যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিখ্যাত অভিনেতা শত্ৰুঘ্ন সিনহাই আছানছোলৰ পৰা লোকসভা উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব।’ আনহাতে পশ্চিমবংগৰ বালিগঞ্জ বিধানসভা সমষ্টিৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ, টিএমচিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু গায়ক বাবুল সুপ্ৰিয়ক মনোনীত কৰিছে। আন এটা টুইটযোগে মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে, ‘প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জনপ্ৰিয় গায়ক বাবুল সুপ্ৰিয়ই বালিগঞ্জ সমষ্টিৰ পৰা বিধানসভা উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব। জয় হিন্দ, জয় বাংলা, জয় মা-মাটি-মানুষ!’ শনিবাৰে, নিৰ্বাচন আয়োগে বালিগঞ্জ বিধানসভা আৰু আছানছোল লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল। ভোটগণনা ১৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। ‘বিহাৰী বাবু’ শত্ৰুঘ্ন সিনহাই বংগত মা-মাটি-মানুহৰ গীত গাবলৈ অগ্ৰসৰ হোৱা এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য