--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিখন ঘৰৰ পাকঘৰত ইলাচি সহজে পোৱা যায়। সকলোৱে ইয়াক প্ৰায়ে মছলা হিচাপে ব্যৱহাৰ কৰে। বিশেষকৈ চাহ আৰু অন্যান্য খাদ্যৰ সোৱাদ বঢ়াবলৈ ইলাচী ব্যৱহাৰ কৰা হয়। কিন্তু অতি কমসংখ্যকেহে লোকেহে জানে যে ইয়াৰ সেৱনৰ পৰা বহুতো স্বাস্থ্যজনিত লাভলাভো আছে। ইলাচি এটা সৰু সামগ্ৰী, যিটো ভাৰতীয় পাকঘৰত অতি সহজেই পোৱা যায়। খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ বাবেও ই সমানেই উপকাৰী। 

ইলাচিৰ উপকাৰিতাৰ-

ইলাচি সেৱন শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। গুৰুতৰ ৰোগ দূৰ কৰাত ই সহায়ক। ইলাচিত থকা মিথাইল ইথাৰে ভাল টোপনি অহাত সহায় কৰে। ইলাচি সেৱনে হজম আৰু বদহজমৰ সমস্যা দূৰ কৰে। ইয়াৰ বাহিৰেও ইলাচিক গাঁঠিৰ বিষ উপশমৰ বাবে ঔষধ হিচাপে গণ্য কৰা হয়। ইয়াৰ সেৱনে আঁঠুৰ সমস্যাৰ পৰা সকাহ দিয়ে। কেৱল এয়াই নহয়, ইলাচীত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে শাৰীৰিক বিষ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। মুখৰ দুৰ্গন্ধ আঁতৰাবলৈও মানুহে ইয়াক ব্যৱহাৰ কৰে। তথ্য অনুসৰি ছাল আৰু চুলি স্বাস্থ্য ভাল কৰাত সহায় কৰে।

ইলাচিৰ ব্যৱহাৰ-

আমি যিকোনো ৰূপত ইলাচি সেৱন কৰিব পাৰো। যেনে-চাহ, গাখীৰ বা আন যিকোনো পানীয়ত ইলাচি মিহলাই। যিকোনো খাদ্যতো ইলাচি যোগ কৰিলে ইয়াৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি পায়। মনত ৰাখিব যে গৰ্ভৱতী মহিলা, শিশু আৰু এলাৰ্জি থকাসকলে ইলাচি সেৱনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ