--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত দুয়োখন দেশৰ মুঠ ক্ষতি কিমান হৈছে সেয়া সঠিককৈ জানিব পৰা নাযায় যদিও সমগ্ৰ বিশ্বতে বিভিন্ন দেশে চূড়ান্ত লোকচানৰ সন্মুখীন হৈছে। পেট্ৰ’ল ডিজেল, ৰন্ধন গেছৰ দৰে ইন্ধনৰ মূল্যবৃদ্ধিয়ে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে বজাৰত।

বিশ্বৰ সকলো দেশেই ভয়াৱহ আৰ্থিক সমস্যাত ভুগিছে। উল্লেখযোগ্য যে ইতিহাসত প্ৰথম বাৰৰ বাবে বৰ্তমান ইউৰোপ সৰ্বাধিক মুদ্ৰাস্ফীতিৰ মাজত আছে। ভাৰতৰ অৱস্থা পৃথিৱীৰ বাকী অংশতকৈ অলপ ভাল যদিও বৰ বিশেষ ভাল পৰিস্থিতি ভাৰতৰো নহয়। গেছৰ মূল্যবৃদ্ধিৰ সমস্যাত ভুগিছে ​​দেশবাসী। কিন্তু এতিয়া প্ৰতিমাহে গেছৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব নালাগে। কিন্তু কেনেকৈ? সেই বিষয়ে কথা পাতো।

এটা সময় আছিল যেতিয়া মানুহে কাঠৰ চুলাৰত ৰন্ধা-বঢ়া কৰিছিল, সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰত গেছে সেই স্থান দখল কৰিছিল। এইবাৰ আকৌ গেছ চিলিণ্ডাৰটোৰ‌ ঠাই ল'ব সৌৰ চুলাৰে । এতিয়া আৰু প্ৰতিমাহে গেছৰ বাবে টকা খৰচ কৰিব নালাগে। বিনামূলীয়াকৈ সৌৰ অভেনেৰে নিজাকৈ ৰন্ধা-বঢ়া সম্পূৰ্ণ কৰিব পাৰিব।

এই চুলাৰটো ভাৰতৰ সৰ্ববৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইল (ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন)ৰ দ্বাৰা নিৰ্মিত। তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ নতুনকৈ নিৰ্মাণ কৰা অভেনত বিনামূলীয়াকৈ তিনিবাৰকৈ আহাৰ ৰান্ধিব পৰা যাব। কিন্তু চুলাটোৱে কেনেকৈ কাম কৰে? কোম্পানীটোৰ মতে, এই হিটাৰটো ঘৰৰ বাহিৰত ছ’লাৰ পেনেলত লগোৱা হ’ব। তাত সৌৰশক্তি সংগ্ৰহ কৰি কাম কৰা হ’ব।

ৰাতিও ইয়াক ব্যৱহাৰ কৰিব পাৰি। আচলতে এই তাপে অব্যৱহৃত শক্তি জমা কৰিব পাৰে। আৰু ফলস্বৰূপে ডাৱৰীয়া বতৰত বা ৰাতি এই চুলাৰটোৱে সহজে কাম কৰিব পাৰে। কোম্পানীটোৱে দাবী কৰিছে যে এই চুলাৰটো ক্ৰয় কৰাৰ সময়ত এককালীন খৰচ হ’ব। তেতিয়া একোৱেই তেনেকৈ খৰচ নহ’ব।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই অভূতপূৰ্ব অভেনটো উদ্বোধন কৰে। এই অভেন নাম সূৰ্য নুতন। কিন্তু বহুতে এই কুকাৰটোক সৌৰ কুকাৰৰ লগত বিভ্ৰান্ত কৰে, কিন্তু  ই সম্পূৰ্ণ বেলেগ। ছ’লাৰ কুকাৰত ৰান্ধিবলৈ হ’লে ৰ’দত থ’ব লাগিব, কিন্তু এই ক্ষেত্ৰত তেনে কোনো সমস্যা নাই।

ইণ্ডিয়ান অইল কোম্পানীৰ মতে, এই ছ’লাৰ কুকাৰে সহজে চাৰিজনীয়া পৰিয়াল এটাৰ বাবে তিনিবাৰকৈ আহাৰ প্ৰস্তুত কৰিব পাৰে। গতিকে মাত্ৰ এবাৰ কিনিলে আপোনাৰ ৰন্ধা খৰচ বহু পৰিমাণে হ্ৰাস হ’ব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সৌৰ অভেনৰ দাম ১৮ হাজাৰৰ পৰা ৩০ হাজাৰ টকা হ’ব পাৰে। এবাৰ খৰচ কৰি আজীৱন বিনামূলীয়াকৈ ৰান্ধিব পাৰিব।য়া-ইউক্ৰেইন যুদ্ধৰ ফলত দুয়োখন দেশৰ মুঠ ক্ষতি কিমান হৈছে সেয়া সঠিককৈ জানিব পৰা নাযায় যদিও সমগ্ৰ বিশ্বতে বিভিন্ন দেশে চূড়ান্ত লোকচানৰ সন্মুখীন হৈছে। পেট্ৰ’ল ডিজেল, ৰন্ধন গেছৰ দৰে ইন্ধনৰ মূল্যবৃদ্ধিয়ে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে বজাৰত।

বিশ্বৰ সকলো দেশেই ভয়াৱহ আৰ্থিক সমস্যাত ভুগিছে। উল্লেখযোগ্য যে ইতিহাসত প্ৰথম বাৰৰ বাবে বৰ্তমান ইউৰোপ সৰ্বাধিক মুদ্ৰাস্ফীতিৰ মাজত আছে। ভাৰতৰ অৱস্থা পৃথিৱীৰ বাকী অংশতকৈ অলপ ভাল যদিও বৰ বিশেষ ভাল পৰিস্থিতি ভাৰতৰো নহয়। গেছৰ মূল্যবৃদ্ধিৰ সমস্যাত ভুগিছে ​​দেশবাসী। কিন্তু এতিয়া প্ৰতিমাহে গেছৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব নালাগে। কিন্তু কেনেকৈ? সেই বিষয়ে কথা পাতো।

এটা সময় আছিল যেতিয়া মানুহে কাঠৰ চুলাৰত ৰন্ধা-বঢ়া কৰিছিল, সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰত গেছে সেই স্থান দখল কৰিছিল। এইবাৰ আকৌ গেছ চিলিণ্ডাৰটোৰ‌ ঠাই ল'ব সৌৰ চুলাৰে । এতিয়া আৰু প্ৰতিমাহে গেছৰ বাবে টকা খৰচ কৰিব নালাগে। বিনামূলীয়াকৈ সৌৰ অভেনেৰে নিজাকৈ ৰন্ধা-বঢ়া সম্পূৰ্ণ কৰিব পাৰিব।

এই চুলাটো ভাৰতৰ সৰ্ববৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইল (ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন)ৰ দ্বাৰা নিৰ্মিত। তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ নতুনকৈ নিৰ্মাণ কৰা অভেনত বিনামূলীয়াকৈ তিনিবাৰকৈ আহাৰ ৰান্ধিব পৰা যাব। কিন্তু চুলাটোৱে কেনেকৈ কাম কৰে? কোম্পানীটোৰ মতে, এই হিটাৰটো ঘৰৰ বাহিৰত ছ’লাৰ পেনেলত লগোৱা হ’ব। তাত সৌৰশক্তি সংগ্ৰহ কৰি কাম কৰা হ’ব।

ৰাতিও ইয়াক ব্যৱহাৰ কৰিব পাৰি। আচলতে এই তাপে অব্যৱহৃত শক্তি জমা কৰিব পাৰে। আৰু ফলস্বৰূপে ডাৱৰীয়া বতৰত বা ৰাতি এই চুলাটোৱে সহজে কাম কৰিব পাৰে। কোম্পানীটোৱে দাবী কৰিছে যে এই চুলাটো ক্ৰয় কৰাৰ সময়ত এককালীন খৰচ হ’ব। তেতিয়া একোৱেই তেনেকৈ খৰচ নহ’ব।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই অভূতপূৰ্ব অভেনটো উদ্বোধন কৰে। এই অভেন নাম সূৰ্য নুতন। কিন্তু বহুতে এই কুকাৰটোক সৌৰ কুকাৰৰ লগত বিভ্ৰান্ত কৰে, কিন্তু  ই সম্পূৰ্ণ বেলেগ। ছ’লাৰ কুকাৰত ৰান্ধিবলৈ হ’লে ৰ’দত থ’ব লাগিব, কিন্তু এই ক্ষেত্ৰত তেনে কোনো সমস্যা নাই।

ইণ্ডিয়ান অইল কোম্পানীৰ মতে, এই ছ’লাৰ কুকাৰে সহজে চাৰিজনীয়া পৰিয়াল এটাৰ বাবে তিনিবাৰকৈ আহাৰ প্ৰস্তুত কৰিব পাৰে। গতিকে মাত্ৰ এবাৰ কিনিলে আপোনাৰ ৰন্ধা খৰচ বহু পৰিমাণে হ্ৰাস হ’ব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সৌৰ অভেনৰ দাম ১৮ হাজাৰৰ পৰা ৩০ হাজাৰ টকা হ’ব পাৰে। এবাৰ খৰচ কৰি আজীৱন বিনামূলীয়াকৈ ৰান্ধিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু