--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজীৱন কাৰাবাসৰ শাস্তিৰ সন্মুখীন হ’ল য়াছিন মালিক। জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী কাম-কাজ আৰু চিন্তা চৰ্চাৰ জীৱন্ত প্ৰতিমূৰ্তিস্বৰূপ য়াছিন মালিকক বুধবাৰে নিয়াৰ আদালতে আজীৱন কাৰাবাসৰ শাস্তি বিহে। এসময়ত জম্মু-কাশ্মীৰক অস্থিৰ-অশান্ত কৰি ৰখা এই য়াছিন মালিকে তেওঁৰ বাকীছোৱা জীৱন কটাব লাগিব কাৰাবন্দীৰ জীৱন। লগতে তেওঁক ১০ লাখ টকাৰ জৰিমণাও বিহিছে আদালতে। দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত নিয়াৰ আদালতে এই যুগান্তকাৰী শাস্তিৰ ৰায় ঘোষণা কৰে। কিন্তু মালিকক শাস্তি ঘোষণাৰ পাছতে পুনৰ জম্মু-কাশ্মীৰকে ধৰি দেশৰ ভালেমান অঞ্চলত পুনৰ অস্থিৰতাই বিৰাজ কৰাৰ আশংকাৰ কৰা হৈছে। এই ৰায়ৰ পাছতে দেশজুৰি কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগে।

জানিব পৰা মতে, দিল্লীত এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে জম্মু-কাশ্মীৰৰ কিছুমান স্পৰ্শকাতৰ অঞ্চলত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। ইফালে, য়াছিন মালিকৰ শাস্তি ঘোষণাৰ পাছতে জম্মু-কাশ্মীৰৰ পৰা কূটাঘাতৰ বাতৰি পোৱা গৈছে। ‘গ্ৰেটাৰ কাশ্মীৰ’ নামৰ কাকতখনত প্ৰকাশ পোৱা মতে, মালিকৰ শাস্তিৰ ৰায়ৰ সময়ত জম্মু-কাশ্মীৰৰ একাংশ যুৱকে দেশবিৰোধী শ্লোগান দিয়াৰ লগতে নিৰাপত্তা বাহিনীলৈ শিল দলিওৱাৰ ঘটনা সংঘটিত কৰিছিল। য়াছিন মালিকৰ ঘৰৰ সন্মুখত এই কাৰ্য সংঘটিত কৰা ১০জন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে আন আন অঞ্চলবোৰ সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ হৈ থকা বুলি প্ৰকাশ কৰা হৈছে। অৱশ্যে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপে যদি পৰিস্থিতিৰ অৱনতি ঘটাব নোৱাৰে তাৰ বাবে তীব্ৰ সতৰ্কতামূলক ব্যৱস্থা গঢ়ি তোলা হৈছে।

এই কথা কাৰো অবিদিত নহয় যে, য়াছিন মালিকৰ দৰে নেতাৰ নেতৃত্বতে জম্মু-কাশ্মীৰত চলিছিল বিচ্ছিন্নতাবাদী কাম-কাজ। সকলোধৰণৰ সন্ত্ৰাসবাদমূক কাম-কাজক উচতনি দিয়াৰ লগতে সন্ত্ৰাসবাদীক ধন যোগানলৈকে সকলোতে হাত আছিল য়াছিন মালিকৰ দৰে লোকৰ। সুদীৰ্ঘ সময় ধৰি জম্মু-কাশ্মীৰক অস্থিৰ, অশান্ত কৰি ৰখাৰ ষড়যন্ত্ৰত সফল হৈছিল এইসকল লোক। কিন্তু এতিয়া ভাৰতবিৰোধী কাম-কাজৰ মূলোচ্ছেদ কৰা হৈছে ভূস্বৰ্গ কাশ্মীৰৰ পৰা। আৰু এতিয়া এইসকল লোকক পিঞ্জৰাবদ্ধ কৰি দাঁত-নখহীন কৰি তোলা হৈছে। 

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছতে য়াছিন মালিকৰ দৰে বিচ্ছিন্নতাবাদী নেতাৰ ভেটি উচন হোৱাটো স্পষ্ট হৈ পৰিছিল। দেশদ্ৰোহকে ধৰি বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল য়াছিন মালিকক। তাৰ পাছত বিচ্ছিন্নতাবাদী নেতাজনৰ বিৰুদ্ধে দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ পাছত তেওঁ কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলোৱা সম্পৰ্কীয় গোচৰত দিল্লীৰ আদালতত তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ স্বীকাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগবোৰৰ ভিতৰত আছে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত থকা গোচৰো। সকলো গোচৰতে দোষী সাব্যস্ত হোৱা য়াছিন মালিকক মৃত্যুদণ্ড দিয়াৰ বাবে নিয়াই দাবী কৰিছিল যদিও তেওঁ আজীৱন কাৰাবাসৰ শাস্তি বিহে আদালতে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ