--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজীৱন কাৰাবাসৰ শাস্তিৰ সন্মুখীন হ’ল য়াছিন মালিক। জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী কাম-কাজ আৰু চিন্তা চৰ্চাৰ জীৱন্ত প্ৰতিমূৰ্তিস্বৰূপ য়াছিন মালিকক বুধবাৰে নিয়াৰ আদালতে আজীৱন কাৰাবাসৰ শাস্তি বিহে। এসময়ত জম্মু-কাশ্মীৰক অস্থিৰ-অশান্ত কৰি ৰখা এই য়াছিন মালিকে তেওঁৰ বাকীছোৱা জীৱন কটাব লাগিব কাৰাবন্দীৰ জীৱন। লগতে তেওঁক ১০ লাখ টকাৰ জৰিমণাও বিহিছে আদালতে। দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত নিয়াৰ আদালতে এই যুগান্তকাৰী শাস্তিৰ ৰায় ঘোষণা কৰে। কিন্তু মালিকক শাস্তি ঘোষণাৰ পাছতে পুনৰ জম্মু-কাশ্মীৰকে ধৰি দেশৰ ভালেমান অঞ্চলত পুনৰ অস্থিৰতাই বিৰাজ কৰাৰ আশংকাৰ কৰা হৈছে। এই ৰায়ৰ পাছতে দেশজুৰি কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগে।

জানিব পৰা মতে, দিল্লীত এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে জম্মু-কাশ্মীৰৰ কিছুমান স্পৰ্শকাতৰ অঞ্চলত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। ইফালে, য়াছিন মালিকৰ শাস্তি ঘোষণাৰ পাছতে জম্মু-কাশ্মীৰৰ পৰা কূটাঘাতৰ বাতৰি পোৱা গৈছে। ‘গ্ৰেটাৰ কাশ্মীৰ’ নামৰ কাকতখনত প্ৰকাশ পোৱা মতে, মালিকৰ শাস্তিৰ ৰায়ৰ সময়ত জম্মু-কাশ্মীৰৰ একাংশ যুৱকে দেশবিৰোধী শ্লোগান দিয়াৰ লগতে নিৰাপত্তা বাহিনীলৈ শিল দলিওৱাৰ ঘটনা সংঘটিত কৰিছিল। য়াছিন মালিকৰ ঘৰৰ সন্মুখত এই কাৰ্য সংঘটিত কৰা ১০জন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে আন আন অঞ্চলবোৰ সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ হৈ থকা বুলি প্ৰকাশ কৰা হৈছে। অৱশ্যে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপে যদি পৰিস্থিতিৰ অৱনতি ঘটাব নোৱাৰে তাৰ বাবে তীব্ৰ সতৰ্কতামূলক ব্যৱস্থা গঢ়ি তোলা হৈছে।

এই কথা কাৰো অবিদিত নহয় যে, য়াছিন মালিকৰ দৰে নেতাৰ নেতৃত্বতে জম্মু-কাশ্মীৰত চলিছিল বিচ্ছিন্নতাবাদী কাম-কাজ। সকলোধৰণৰ সন্ত্ৰাসবাদমূক কাম-কাজক উচতনি দিয়াৰ লগতে সন্ত্ৰাসবাদীক ধন যোগানলৈকে সকলোতে হাত আছিল য়াছিন মালিকৰ দৰে লোকৰ। সুদীৰ্ঘ সময় ধৰি জম্মু-কাশ্মীৰক অস্থিৰ, অশান্ত কৰি ৰখাৰ ষড়যন্ত্ৰত সফল হৈছিল এইসকল লোক। কিন্তু এতিয়া ভাৰতবিৰোধী কাম-কাজৰ মূলোচ্ছেদ কৰা হৈছে ভূস্বৰ্গ কাশ্মীৰৰ পৰা। আৰু এতিয়া এইসকল লোকক পিঞ্জৰাবদ্ধ কৰি দাঁত-নখহীন কৰি তোলা হৈছে। 

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছতে য়াছিন মালিকৰ দৰে বিচ্ছিন্নতাবাদী নেতাৰ ভেটি উচন হোৱাটো স্পষ্ট হৈ পৰিছিল। দেশদ্ৰোহকে ধৰি বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল য়াছিন মালিকক। তাৰ পাছত বিচ্ছিন্নতাবাদী নেতাজনৰ বিৰুদ্ধে দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ পাছত তেওঁ কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলোৱা সম্পৰ্কীয় গোচৰত দিল্লীৰ আদালতত তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ স্বীকাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগবোৰৰ ভিতৰত আছে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত থকা গোচৰো। সকলো গোচৰতে দোষী সাব্যস্ত হোৱা য়াছিন মালিকক মৃত্যুদণ্ড দিয়াৰ বাবে নিয়াই দাবী কৰিছিল যদিও তেওঁ আজীৱন কাৰাবাসৰ শাস্তি বিহে আদালতে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন