--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুসকলৰ ধৰ্মীয় গ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাত ৭০০টা শ্লোক আৰু ১৮টা অধ্যায় আছে। গীতা এনে এক মহাপুৰাণ, য’ত এজন ব্যক্তিৰ কৰ্মৰ গুৰুত্বৰ বিষয়ে কোৱা হয়। গীতাত এনে শিক্ষাৰ কথা লিখা আছে, যিবোৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল। শাস্ত্ৰজ্ঞসকলে কয় যে ভাগৱত গীতাৰ কিছুমান কথা বুজিলে আৰু পালন কৰিলে মানুহৰ জীৱন সফল আৰু সুখী হয়। 

আপোনালোকক জনাও যে গীতাত কৰ্ম, জ্ঞান যোগ, ৰাজ আৰু ভক্তি যোগৰ কথা অতি সুন্দৰকৈ উল্লেখ কৰা হৈছে। জীৱনক সুখী আৰু সহজ কৰি তোলাৰ ৰহস্য গীতাৰ ৪টা শ্লোকত লুকাই আছে। সেইবোৰৰ অৰ্থ বুজি আৰু সেইবোৰ অনুসৰণ কৰি এজন ব্যক্তিয়ে নিজৰ জীৱনটো সুখী কৰি তুলিব পাৰে।

গীতাৰ এই শ্লোকবোৰ অনুসৰণ কৰক

১)যদ্যাদচৰতি শ্রেষ্ঠত্বদেৱেতৰো জনঃ।
সয়তপ্ৰমাণ কুৰুতে লোকস্তদ্নুৱৰ্ততে। (यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन:। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।)

গীতাত উল্লেখ কৰা এই শ্লোকটোৰ অৰ্থ হ’ল এজন নিখুঁত মানুহে মহান কাম কৰে, আনসকলে তেওঁৰ দৰে আচৰণ কৰে। কোৱা হয় যে শ্ৰেষ্ঠ মানুহৰ কৰ্ম দেখি সমগ্ৰ মানৱ সমাজেও তেওঁৰ দৰে একেবোৰ কথাকে অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। 

২)চিন্তয়া জয়তে দুখম ননয়থেহেতি নিশ্ৰয়ী।
তয়া হীনঃ সুখী শান্তঃ সৰ্বত্ৰ গলিতস্পৃহ।(चिन्तया जायते दुःखं नान्यथेहेति निश्चयी। तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः।।)

গীতাৰ এই শ্লোকটোৰ অৰ্থ হ’ল মানুহৰ জীৱনত দুখ-কষ্টৰ জন্ম হয় চিন্তাৰ পৰা। বেছি চিন্তা কৰি থাকিলে মানুহে নিজকে আঘাত দিয়াৰ দৰে হয়। সেয়ে জীৱনত বেছি চিন্তা কৰা এৰিব পাৰিলেহে মানুহ সুখী আৰু শান্ত হৈ থাকে। 

৩)কৰ্মনিয়েৱধিকাৰস্তে মা ফলেষু কদাচন।
মা কৰ্মফলহেতুৰ্ভূৰ্মা তে সদগোৎস্তত্বকৰ্মণি।(कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।)

অৰ্থাৎ মানুহৰ কেৱল নিজৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে। কৰ্মৰ ফলৰ বিষয়ে আপুনি নাজানে আৰু জানিবও নোৱাৰে। সেইবাবেই শ্ৰীকৃষ্ণই কৈছিল যে কামবোৰ কৰি থাকক, ফলাফলৰ বাবে চিন্তা নকৰিব। মাঁথো এলাহ নকৰি একাগ্ৰচিত্তে কাম কৰক।

৪)যৎসাংখ্য: প্ৰাপ্যতে স্থান তদ্যোগৰ্পি গম্যতে।
একম সাংখ্য চ যোগ চ য়ঃ পশ্যাতি চ পশ্যাতি।(यत्साङ्‍ख्यैः प्राप्यते स्थानं तद्यौगैरपि गम्यते। एकं साङ्‍ख्यं च योगं च यः पश्यति स पश्यति।।)

এই শ্লোকৰ অৰ্থ হ’ল সাংখ্য যোগীসকলে যি জ্ঞান লাভ কৰে, সেই জ্ঞানেই কৰ্মযোগীসকলেও লাভ কৰে। শ্ৰীকৃষ্ণৰ মতে যিজন ব্যক্তিয়ে সাংখ্য আৰু কৰ্মযোগক একে বুলি ভাবি কাম কৰে তেওঁৱেই সফল হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ