--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেমি ফাইনেলত ভাৰতৰ ইনিংছ শেষ হোৱাৰ পিছতে টেলিভিছনত ধৰা পৰিছিল বিৰাট কোহলী। শচীন টেণ্ডুলকাৰৰ সন্মুখত নিজৰ বিশ্ব অভিলেখ ভংগ কৰাৰ অনুভৱ ক’লে।

"ভাল লাগিছে, ভাৱ হৈছে..." অনুভৱ ব্যক্তৰ আৰম্ভণিতেই কোহলীয়ে উচ্ছাসতে কথা হেৰুৱাই পেলালে। অলপ সময় ৰৈ আকৌ আৰম্ভ কৰিলে- ''গেলেৰীত আছিল শচীন পাজী। সেই মুহূৰ্তত মোৰ কেনে লাগিছিল বুজাব পৰা নাই। গেলেৰীত আছিল মোৰ জীৱনসংগী। আৰু ৱানখেদেৰ ইমানবোৰ অনুৰাগী। নাই, কেনে সুন্দৰ অনুভৱ মই ক'ব নোৱাৰো।''

শচীন টেণ্ডুলকাৰৰ অভিনন্দন সন্দৰ্ভত কোহলীয়ে কয়, ''আকৌ এবাৰ এই মহান ব্যক্তিজনে মোক অভিনন্দন জনালে। সপোনৰ দৰে। আমাৰ বাবে মেচখন অতি গুৰুত্বপূৰ্ণ আছিল। মই মোৰ ভূমিকা পালন কৰিবলৈ চেষ্টা কৰিলোঁ। যাতে আনসকলেও উইকেটলৈ আহি আৰামত থাকিব পাৰে। চাওক মোৰ বাবে দলীয় জয়ৰ বাহিৰে একোৱেই গুৰুত্বপূৰ্ণ নহয়। এই প্ৰতিযোগিতাত মোক যি দায়িত্ব দিয়া হৈছে তাক মই ভালদৰে কৰিবলৈ চেষ্টা কৰিছো। মেচৰ চৰ্ত আৰু দলৰ প্ৰয়োজন অনুসৰি খেলিব পৰাটো।’’

কোহলীয়ে নিজৰ দৃষ্টান্তমূলক দিনটোতো সতীৰ্থসকলক উপযুক্ত কৃতিত্ব দিবলৈ পাহৰা নাছিল- ''শ্ৰেয়াছ আয়াৰৰ কৃতিত্বও কম নহয়। তেওঁ অতি বেগেৰে ৰান কৰিছিল আৰু লোকেশ ৰাহুলে উজ্জ্বলভাৱে শেষ কৰিলে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক