--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ড়েস্কঃ  বাবৰ আজমে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা নেতৃত্ব এৰিলে। তেওঁ এই ঘোষণা ছচিয়েল মিডিয়াত পোষ্ট কৰে। বিশ্বকাপত বেয়া ফলাফলৰ পিছত বাবৰে নেতৃত্ব এৰিলে। এইবাৰ বিশ্বকাপ খেলিবলৈ অহাৰ আগতে পাকিস্তান এদিন এদিনীয়া ক্ৰিকেটত এক নম্বৰ দল আছিল। সেই দলটোৱেই বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। বেটিং, বলিং আৰু ফিল্ডিঙে তিনিওটা শাখাতে ব্যৰ্থ হয় বাবৰে। দেশলৈ উভতি অহাৰ পিছত তেওঁ নেতৃত্ব ত্যাগ কৰে।

তেওঁ লিখিছে, ‘ক্ৰিকেটৰ তিনিটা ফৰ্মেটত পাকিস্তানৰ নেতৃত্ব এৰিলো। সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিল যদিও সময় সঠিক বুলি ভাবো। নেতৃত্ব এৰিলেও তিনিওটা ফৰ্মেটতে পাকিস্তানৰ হৈ ক্ৰিকেট খেলিম। নতুন অধিনায়কক মই সকলো প্ৰকাৰে সহায় কৰিম। মোৰ সকলো অভিজ্ঞতা তেওঁৰ সৈতে ভাগ কৰিম।”

২০১৯ চনত বাবৰক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। সেই ঘটনাৰ কথাও তেওঁ নিজৰ পোষ্টত উল্লেখ কৰিছে। বাবৰে লিখিছে, "২০১৯ চনত মোক পাকিস্তান ক্ৰিকেট ব'ৰ্ডে মাতিছিল। সেই ঘটনাটো মোৰ স্পষ্টকৈ মনত আছে। মোক দায়িত্ব দিয়া হ’ল। চাৰি বছৰ ধৰি নেতৃত্ব দিছো। খেলপথাৰৰ ভিতৰত আৰু বাহিৰত ভাল বেয়া সময়ৰ মাজেৰে পাৰ হৈ গৈছে। সদায় ক্ৰিকেট জগতত পাকিস্তানক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিছিলো।"

বাবৰে তেওঁৰ পোষ্টত পাকিস্তানী অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে। সোঁৱৰাই দিলে যে তেওঁৰ নেতৃত্বতেই পাকিস্তান বগা বল ক্ৰিকেটত এক নম্বৰ হৈছিল। লগতে তেওঁক নেতৃত্বৰ দায়িত্ব দিয়াৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ধন্যবাদ জ্ঞাপন কৰে।

অধিনায়ক বাবৰে ইডেনত শেষ মেচ খেলিছিল। ইংলেণ্ডৰ বিৰুদ্ধে সেই মেচতো পাকিস্তান পৰাস্ত হৈছিল। সেই মেচৰ আগতে বাবৰে নেতৃত্ব এৰি যোৱাৰ জল্পনা-কল্পনা আৰম্ভ হৈছিল। গম পোৱা গৈছিল যে বাবৰে আৰু নেতৃত্ব দিব নিবিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক