--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ড়েস্কঃ  বাবৰ আজমে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা নেতৃত্ব এৰিলে। তেওঁ এই ঘোষণা ছচিয়েল মিডিয়াত পোষ্ট কৰে। বিশ্বকাপত বেয়া ফলাফলৰ পিছত বাবৰে নেতৃত্ব এৰিলে। এইবাৰ বিশ্বকাপ খেলিবলৈ অহাৰ আগতে পাকিস্তান এদিন এদিনীয়া ক্ৰিকেটত এক নম্বৰ দল আছিল। সেই দলটোৱেই বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। বেটিং, বলিং আৰু ফিল্ডিঙে তিনিওটা শাখাতে ব্যৰ্থ হয় বাবৰে। দেশলৈ উভতি অহাৰ পিছত তেওঁ নেতৃত্ব ত্যাগ কৰে।

তেওঁ লিখিছে, ‘ক্ৰিকেটৰ তিনিটা ফৰ্মেটত পাকিস্তানৰ নেতৃত্ব এৰিলো। সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিল যদিও সময় সঠিক বুলি ভাবো। নেতৃত্ব এৰিলেও তিনিওটা ফৰ্মেটতে পাকিস্তানৰ হৈ ক্ৰিকেট খেলিম। নতুন অধিনায়কক মই সকলো প্ৰকাৰে সহায় কৰিম। মোৰ সকলো অভিজ্ঞতা তেওঁৰ সৈতে ভাগ কৰিম।”

২০১৯ চনত বাবৰক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। সেই ঘটনাৰ কথাও তেওঁ নিজৰ পোষ্টত উল্লেখ কৰিছে। বাবৰে লিখিছে, "২০১৯ চনত মোক পাকিস্তান ক্ৰিকেট ব'ৰ্ডে মাতিছিল। সেই ঘটনাটো মোৰ স্পষ্টকৈ মনত আছে। মোক দায়িত্ব দিয়া হ’ল। চাৰি বছৰ ধৰি নেতৃত্ব দিছো। খেলপথাৰৰ ভিতৰত আৰু বাহিৰত ভাল বেয়া সময়ৰ মাজেৰে পাৰ হৈ গৈছে। সদায় ক্ৰিকেট জগতত পাকিস্তানক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিছিলো।"

বাবৰে তেওঁৰ পোষ্টত পাকিস্তানী অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে। সোঁৱৰাই দিলে যে তেওঁৰ নেতৃত্বতেই পাকিস্তান বগা বল ক্ৰিকেটত এক নম্বৰ হৈছিল। লগতে তেওঁক নেতৃত্বৰ দায়িত্ব দিয়াৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ধন্যবাদ জ্ঞাপন কৰে।

অধিনায়ক বাবৰে ইডেনত শেষ মেচ খেলিছিল। ইংলেণ্ডৰ বিৰুদ্ধে সেই মেচতো পাকিস্তান পৰাস্ত হৈছিল। সেই মেচৰ আগতে বাবৰে নেতৃত্ব এৰি যোৱাৰ জল্পনা-কল্পনা আৰম্ভ হৈছিল। গম পোৱা গৈছিল যে বাবৰে আৰু নেতৃত্ব দিব নিবিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক