--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ উত্‍কন্ঠাৰ অৱসান। ঘৰৰ ল’ৰা ঘৰলৈ উভতিল। আদালৰ কথামতেই শনিবাৰে ঘৰলৈ উভতিল শ্বাহৰূখ তনয়। বৃহস্পতিবাৰে আৰিয়ানৰ জামিন মঞ্জুৰ কৰিছিল বম্বে হাইকৰ্টে। সুদীৰ্ঘ ২৭ দিনৰ মূৰত ‘মন্নত’লৈ উভতিছে শ্বাহৰূখ তনয় আৰিয়ান। প্ৰিয় পুত্ৰক কাষত পাই উলাহে নধৰা হিয়া শ্বাহৰুখ-গৌৰীৰ। শেহতীয়াকৈ বলীউডত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে। উল্লেখ্য যে, শনিবাৰে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে আৰিয়ান। এই আনন্দময় মুহূৰ্তৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শ্বাহৰূখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ।

অমৰ সিঙৰ চকুত চয়তানৰ ছাঁ দেখা বুলিি সদৰী কৰিছিল শ্বাহৰূখ খানে। এই কথা প্ৰকাশ পোৱাৰ পাছতে অমৰ সিঙৰ সমৰ্থকসকল উত্তেজিত হৈ পৰে। উত্তেজিত অমৰ সিঙৰ সমৰ্থকসকলে শ্বাহৰূখৰ প্ৰাসাদ ‘মন্নত’ৰ বাহিৰত সমবেত হৈছিল। সমৰ্থকৰ চিঞৰত ভয় খাইছিল শ্বাহৰূখৰ বুকুৰ কুটুম আৰিয়ান আৰু সুহানা। ‘মন্নত’ৰ দুৱাৰমুখত সৃষ্টিহোৱা এই উত্তেজনাময় পৰিস্থিতিতো চম্ভালিবৰ বাবে আৰক্ষীকো খবৰ দিবলগীয়া হৈছিল। শ্বাহৰূখ ঘৰত নথকা অৱস্থাত সংঘটিত হৈছিল ঘটনাটো । বাতৰিটো শুনাৰ পাছত জৰুৰী কাম এৰি ততাতৈয়াকৈ ঘৰলৈ উভতিছিল শ্বাহৰূখ।

সেই সময়ত শ্বাহৰূখে কৈছিল,‘মোক ৰঙা চকু দেখুৱাই লাভ নাই। ক্ষতি কৰালৈ মই ভয় নকৰো। কিন্তু যদি মোৰ ল'ৰা-ছোৱালীক কোনোবাই ভয় খুৱাবলৈ চেষ্টা কৰে তেতিয়া মই মনে মনে বহি নাথাকিম। আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে যদি মই আহি পালোহেঁতেন তেতিয়া সকলোকে কন্দুৱাই খেদিলোহেঁতেন।’ খঙত ‌অগ্নিশৰ্মা শ্বাহৰূখে লগতে কৈছিল যে, মোৰ সৈতে যদি কাৰোবাৰ কিবা সমস্যা আছে তেতিয়া পোনপটীয়াকৈ কথা পাতক। দুষ্কৃতিকাৰীৰ কোৰ্হালত কান্দি উঠিছিল মোৰ সৰু ছোৱালীজনী। এইবোৰ মই কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰো। মই পাঠান, মই মোৰ পৰিয়ালক কেনেদৰে সুৰক্ষা দিব লাগে সেয়া ভালদৰে জানো।’ স্মৰ্তব্য যে, শ্বাহৰূখ তনয়ক চলিত মাহৰ ২ অক্টোবৰত আটক কৰা হৈছিল। ওৰে নিশা সোধা-পোছা কৰাৰ পাছত ৩ অক্টোবৰৰ দুপৰীয়া এনচিবিয়ে গ্ৰেপ্তাৰ কৰে আৰু ৭ অক্টোবৰত শ্বাহৰূখ তনয়ক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। জামিন আবেদন প্ৰেৰণ আৰু খাৰিজৰ এই ভাকুটকুটৰ মাজতে অৱশেষত মুকলি আকাশৰ তললৈ আৰিয়ান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু