--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ উত্‍কন্ঠাৰ অৱসান। ঘৰৰ ল’ৰা ঘৰলৈ উভতিল। আদালৰ কথামতেই শনিবাৰে ঘৰলৈ উভতিল শ্বাহৰূখ তনয়। বৃহস্পতিবাৰে আৰিয়ানৰ জামিন মঞ্জুৰ কৰিছিল বম্বে হাইকৰ্টে। সুদীৰ্ঘ ২৭ দিনৰ মূৰত ‘মন্নত’লৈ উভতিছে শ্বাহৰূখ তনয় আৰিয়ান। প্ৰিয় পুত্ৰক কাষত পাই উলাহে নধৰা হিয়া শ্বাহৰুখ-গৌৰীৰ। শেহতীয়াকৈ বলীউডত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে। উল্লেখ্য যে, শনিবাৰে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে আৰিয়ান। এই আনন্দময় মুহূৰ্তৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শ্বাহৰূখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ।

অমৰ সিঙৰ চকুত চয়তানৰ ছাঁ দেখা বুলিি সদৰী কৰিছিল শ্বাহৰূখ খানে। এই কথা প্ৰকাশ পোৱাৰ পাছতে অমৰ সিঙৰ সমৰ্থকসকল উত্তেজিত হৈ পৰে। উত্তেজিত অমৰ সিঙৰ সমৰ্থকসকলে শ্বাহৰূখৰ প্ৰাসাদ ‘মন্নত’ৰ বাহিৰত সমবেত হৈছিল। সমৰ্থকৰ চিঞৰত ভয় খাইছিল শ্বাহৰূখৰ বুকুৰ কুটুম আৰিয়ান আৰু সুহানা। ‘মন্নত’ৰ দুৱাৰমুখত সৃষ্টিহোৱা এই উত্তেজনাময় পৰিস্থিতিতো চম্ভালিবৰ বাবে আৰক্ষীকো খবৰ দিবলগীয়া হৈছিল। শ্বাহৰূখ ঘৰত নথকা অৱস্থাত সংঘটিত হৈছিল ঘটনাটো । বাতৰিটো শুনাৰ পাছত জৰুৰী কাম এৰি ততাতৈয়াকৈ ঘৰলৈ উভতিছিল শ্বাহৰূখ।

সেই সময়ত শ্বাহৰূখে কৈছিল,‘মোক ৰঙা চকু দেখুৱাই লাভ নাই। ক্ষতি কৰালৈ মই ভয় নকৰো। কিন্তু যদি মোৰ ল'ৰা-ছোৱালীক কোনোবাই ভয় খুৱাবলৈ চেষ্টা কৰে তেতিয়া মই মনে মনে বহি নাথাকিম। আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে যদি মই আহি পালোহেঁতেন তেতিয়া সকলোকে কন্দুৱাই খেদিলোহেঁতেন।’ খঙত ‌অগ্নিশৰ্মা শ্বাহৰূখে লগতে কৈছিল যে, মোৰ সৈতে যদি কাৰোবাৰ কিবা সমস্যা আছে তেতিয়া পোনপটীয়াকৈ কথা পাতক। দুষ্কৃতিকাৰীৰ কোৰ্হালত কান্দি উঠিছিল মোৰ সৰু ছোৱালীজনী। এইবোৰ মই কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰো। মই পাঠান, মই মোৰ পৰিয়ালক কেনেদৰে সুৰক্ষা দিব লাগে সেয়া ভালদৰে জানো।’ স্মৰ্তব্য যে, শ্বাহৰূখ তনয়ক চলিত মাহৰ ২ অক্টোবৰত আটক কৰা হৈছিল। ওৰে নিশা সোধা-পোছা কৰাৰ পাছত ৩ অক্টোবৰৰ দুপৰীয়া এনচিবিয়ে গ্ৰেপ্তাৰ কৰে আৰু ৭ অক্টোবৰত শ্বাহৰূখ তনয়ক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। জামিন আবেদন প্ৰেৰণ আৰু খাৰিজৰ এই ভাকুটকুটৰ মাজতে অৱশেষত মুকলি আকাশৰ তললৈ আৰিয়ান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ