--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : পোহৰৰ উৎসৱ দেৱালী সমাগত৷ এই সময়ছোৱাত নিষিদ্ধ আতচবাজী বিক্ৰী, প্ৰস্তুত তথা ব্যৱহাৰ ৰোধ কৰিবলৈ শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক দেশৰ সৰ্বোচ্চ আদালতে যাৱতীয় নিৰ্দেশনা মানিবলৈ সকীয়াই দিছে।

উৎসৱ উদযাপনৰ নামত আইন ভংগ কৰিব নোৱাৰিব। যদিহে এই নিৰ্দেশনা পালনত ব্যৰ্থ হয় তেতিয়া সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক বা আৰক্ষী বিষয়াসকলে ব্যক্তিগতভাৱে দায়িত্ব ল’ব লাগিব। ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এছ বোপান্নাৰ খণ্ড বিচাৰপীঠে জনায় যে আদালতে যি নিৰ্দেশ দিছে সেয়া কোনেও ভংগ কৰিব নোৱাৰিব।

উল্লেখ্য যে সকলোধৰণৰ আতচবাজী নিষিদ্ধ নহয়। উৎসৱৰ সময়ত গ্ৰীণ আতচবাজী ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷ ইপিনে, এনে নিৰ্দেশৰ মাজতে দিল্লীত প্ৰদূষণ ৰোধৰ বাবে অহা ১ জানুৱাৰীলৈকে গ্ৰীণ আতচবাজীকে ধৰি সকলোধৰণৰ আতচবাজী নিষিদ্ধ কৰা হৈছে। ক'ভিডৰ বাবে উৰিষ্যাতো সকলোধৰণৰ আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু