--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : পোহৰৰ উৎসৱ দেৱালী সমাগত৷ এই সময়ছোৱাত নিষিদ্ধ আতচবাজী বিক্ৰী, প্ৰস্তুত তথা ব্যৱহাৰ ৰোধ কৰিবলৈ শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক দেশৰ সৰ্বোচ্চ আদালতে যাৱতীয় নিৰ্দেশনা মানিবলৈ সকীয়াই দিছে।

উৎসৱ উদযাপনৰ নামত আইন ভংগ কৰিব নোৱাৰিব। যদিহে এই নিৰ্দেশনা পালনত ব্যৰ্থ হয় তেতিয়া সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক বা আৰক্ষী বিষয়াসকলে ব্যক্তিগতভাৱে দায়িত্ব ল’ব লাগিব। ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এছ বোপান্নাৰ খণ্ড বিচাৰপীঠে জনায় যে আদালতে যি নিৰ্দেশ দিছে সেয়া কোনেও ভংগ কৰিব নোৱাৰিব।

উল্লেখ্য যে সকলোধৰণৰ আতচবাজী নিষিদ্ধ নহয়। উৎসৱৰ সময়ত গ্ৰীণ আতচবাজী ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷ ইপিনে, এনে নিৰ্দেশৰ মাজতে দিল্লীত প্ৰদূষণ ৰোধৰ বাবে অহা ১ জানুৱাৰীলৈকে গ্ৰীণ আতচবাজীকে ধৰি সকলোধৰণৰ আতচবাজী নিষিদ্ধ কৰা হৈছে। ক'ভিডৰ বাবে উৰিষ্যাতো সকলোধৰণৰ আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ