--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২ অক্টোবৰঃ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)-য়ে মায়ানগৰী মুম্বাইৰ কৰ্ডেলিয়াত অভিযান চলায়। আৰিয়ান খানকে ধৰি আটক ৮।
৩ অক্টোবৰ: আৰিয়ান খান, তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাক নিৰন্তৰ জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয়। দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ আৰিয়ানক। পৰৱৰ্তী দিনলৈকে আৰিয়ানক জিম্মাত ৰখাৰ নিৰ্দেশ এনচিবিক।
৪ অক্টোবৰ: পুনৰ দণ্ডাধীশৰ আদালতত হাজিৰ আৰিয়ান খান। আৰিয়ানৰ হোৱাটছএপত গোপন তথ্যৰ সম্ভেদ। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ সৰবৰাহকাৰী সকলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ এনচিবিৰ। আৰিয়ানক ৭ অক্টোবৰলৈকে এনচিবিৰ জিম্মাত ৰখাৰ নিৰ্দেশ।


৭ অক্টোবৰ: মুম্বাই দণ্ডাধীশৰ আদালতে অভিযুক্ত ব্যক্তিসকলক এনচিবিৰ জিম্মাত ৰখাৰ আবেদন নাকচ কৰে। আৰিয়ানকে ধৰি আন অভিযুক্তক ন্যায়িক জিম্মাত আৰ্থাৰ ৰোড কাৰাগাৰলৈ প্ৰেৰণ।
৮অক্টোবৰ: মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতত আৰিয়ানৰ জামিন আবেদন নাকচ।
১১ অক্টোবৰ: মুম্বাইৰ এখন বিশেষ আদালতত আৰিয়ান অধিবক্তাৰ জামিন আবেদন। ১৪ অক্টোবৰত জামিনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ বিশেষ আদালতৰ।
১৪ অক্টোবৰ: ২০ অক্টোবৰলৈ পিছুৱাই দিয়া হয় জামিনৰ শুনানিৰ।


২০ অক্টোবৰ: মুম্বাইৰ বিশেষ আদালতত আৰিয়ানৰ জামিন আবেদন খাৰিজ। মুম্বাই উচ্চ ন্যায়ালয়ত শৰণাপন্ন আৰিয়ান অধিবক্তা। ২৬ অক্টোবৰ,জামিনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ।
২১ অক্টোবৰ: আৰ্থাৰ ৰোড কাৰাগাৰত প্ৰিয় পুত্ৰ আৰিয়ানক সাক্ষাত্‍ বলীউড বাদশ্বাহৰ। শ্বাহৰূখৰ প্ৰাসাদত এনচিবি বিষয়াৰ আকস্মিক উপস্থিতি।
২৬-২৭ অক্টোবৰ: মুম্বাই উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহতগীক আৰিয়ানৰ নতুন অধিবক্তা হিচাপে নিযুক্তি। মুকুল ৰোহতগীলৈ সতীশ মানশিন্দে আৰু অমিত দেশাইৰ পূৰ্ণ সহযোগিতা।


২৮ অক্টোবৰ: আৰিয়ান , আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰ জামিন।
২৯ অক্টোবৰ: সকলো আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত কাৰাগাৰৰ পৰা মুকলিৰ সময় নিৰ্ধাৰণ । আৰিয়ানক মুক্তি দিয়া নহ'ব বুলি স্পষ্টমত আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষৰ । শনিবাৰে পুৱা ১০ বজাত আৰিয়ানক কাৰাগাৰৰ পৰা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সদৰী কৰে কাৰাগাৰ কৰ্তৃপক্ষই। ভাৰতীয় কাৰাগাৰৰ নিয়ম অনুসৰি, সন্ধিয়া ৫:৩০ বজাৰ পাছত কোনো অভিযুক্তৰ জামিনৰ কাগজ-পত্ৰ গ্ৰহণ নকৰে। কাৰণ সূৰ্যাস্তৰ পিছত বন্দীসকলক মুকলি কৰাৰ কোনো নিয়ম নাই। মুকলিৰ বাবে বণ্ডৰ চৰ্ত নগদ ১ লাখ টকা। আৰিয়ান পিতৃ শ্বাহৰুখৰ সহ-অভিনেতা জুহি চাওলা গেৰাণ্টৰ হিচাপে কাৰাগাৰত উপস্থিত।
৩০ অক্টোবৰ: আৰিয়ানকে ধৰি অইন অভিযুক্তসকলক আজি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯ বজালৈকে আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হয়। শ্বাহৰূখ পুত্ৰকে ধৰি বাকী অভিযুক্তসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া ৯.৩০ বজাত আৰম্ভ হয়। পুৱা ১০:৫৫বজাত পিতৃৰ আঙুলিত ধৰি কাৰাগাৰৰ পৰা মন্নতলৈ যাত্ৰা আৰিয়ানৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ