--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২ অক্টোবৰঃ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)-য়ে মায়ানগৰী মুম্বাইৰ কৰ্ডেলিয়াত অভিযান চলায়। আৰিয়ান খানকে ধৰি আটক ৮।
৩ অক্টোবৰ: আৰিয়ান খান, তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাক নিৰন্তৰ জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয়। দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ আৰিয়ানক। পৰৱৰ্তী দিনলৈকে আৰিয়ানক জিম্মাত ৰখাৰ নিৰ্দেশ এনচিবিক।
৪ অক্টোবৰ: পুনৰ দণ্ডাধীশৰ আদালতত হাজিৰ আৰিয়ান খান। আৰিয়ানৰ হোৱাটছএপত গোপন তথ্যৰ সম্ভেদ। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ সৰবৰাহকাৰী সকলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ এনচিবিৰ। আৰিয়ানক ৭ অক্টোবৰলৈকে এনচিবিৰ জিম্মাত ৰখাৰ নিৰ্দেশ।


৭ অক্টোবৰ: মুম্বাই দণ্ডাধীশৰ আদালতে অভিযুক্ত ব্যক্তিসকলক এনচিবিৰ জিম্মাত ৰখাৰ আবেদন নাকচ কৰে। আৰিয়ানকে ধৰি আন অভিযুক্তক ন্যায়িক জিম্মাত আৰ্থাৰ ৰোড কাৰাগাৰলৈ প্ৰেৰণ।
৮অক্টোবৰ: মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতত আৰিয়ানৰ জামিন আবেদন নাকচ।
১১ অক্টোবৰ: মুম্বাইৰ এখন বিশেষ আদালতত আৰিয়ান অধিবক্তাৰ জামিন আবেদন। ১৪ অক্টোবৰত জামিনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ বিশেষ আদালতৰ।
১৪ অক্টোবৰ: ২০ অক্টোবৰলৈ পিছুৱাই দিয়া হয় জামিনৰ শুনানিৰ।


২০ অক্টোবৰ: মুম্বাইৰ বিশেষ আদালতত আৰিয়ানৰ জামিন আবেদন খাৰিজ। মুম্বাই উচ্চ ন্যায়ালয়ত শৰণাপন্ন আৰিয়ান অধিবক্তা। ২৬ অক্টোবৰ,জামিনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ।
২১ অক্টোবৰ: আৰ্থাৰ ৰোড কাৰাগাৰত প্ৰিয় পুত্ৰ আৰিয়ানক সাক্ষাত্‍ বলীউড বাদশ্বাহৰ। শ্বাহৰূখৰ প্ৰাসাদত এনচিবি বিষয়াৰ আকস্মিক উপস্থিতি।
২৬-২৭ অক্টোবৰ: মুম্বাই উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহতগীক আৰিয়ানৰ নতুন অধিবক্তা হিচাপে নিযুক্তি। মুকুল ৰোহতগীলৈ সতীশ মানশিন্দে আৰু অমিত দেশাইৰ পূৰ্ণ সহযোগিতা।


২৮ অক্টোবৰ: আৰিয়ান , আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰ জামিন।
২৯ অক্টোবৰ: সকলো আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত কাৰাগাৰৰ পৰা মুকলিৰ সময় নিৰ্ধাৰণ । আৰিয়ানক মুক্তি দিয়া নহ'ব বুলি স্পষ্টমত আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষৰ । শনিবাৰে পুৱা ১০ বজাত আৰিয়ানক কাৰাগাৰৰ পৰা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সদৰী কৰে কাৰাগাৰ কৰ্তৃপক্ষই। ভাৰতীয় কাৰাগাৰৰ নিয়ম অনুসৰি, সন্ধিয়া ৫:৩০ বজাৰ পাছত কোনো অভিযুক্তৰ জামিনৰ কাগজ-পত্ৰ গ্ৰহণ নকৰে। কাৰণ সূৰ্যাস্তৰ পিছত বন্দীসকলক মুকলি কৰাৰ কোনো নিয়ম নাই। মুকলিৰ বাবে বণ্ডৰ চৰ্ত নগদ ১ লাখ টকা। আৰিয়ান পিতৃ শ্বাহৰুখৰ সহ-অভিনেতা জুহি চাওলা গেৰাণ্টৰ হিচাপে কাৰাগাৰত উপস্থিত।
৩০ অক্টোবৰ: আৰিয়ানকে ধৰি অইন অভিযুক্তসকলক আজি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯ বজালৈকে আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হয়। শ্বাহৰূখ পুত্ৰকে ধৰি বাকী অভিযুক্তসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া ৯.৩০ বজাত আৰম্ভ হয়। পুৱা ১০:৫৫বজাত পিতৃৰ আঙুলিত ধৰি কাৰাগাৰৰ পৰা মন্নতলৈ যাত্ৰা আৰিয়ানৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু