--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধু মুছেৱালাৰ হত্যাৰ পিছত এইবাৰ কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণইৰ লক্ষ্য হৈ পৰিছে প্ৰভাৱশালী অভিনেতা ছলমান খান। লৰেন্সে ‘শ্বাৰ্পশ্বুটাৰ’ৰ সহায়ত ভাইজানক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্তত এনেধৰণৰ বিস্ফোৰক তথ্যৰ সম্ভেদ পাইছে আৰক্ষীয়ে। শেহতীয়াকৈ, এই কথা ভাৰতৰ সকলো সংবাদ মাধ্যমতে প্ৰকাশ পাইছে।

গেংষ্টাৰ লৰেন্স বিষ্ণই আৰু তেওঁৰ গেঙৰ হাতত খবৰ আহিছিল যে, ছলমান খানে পুৱা কোনো দেহৰক্ষী নোহোৱাকৈ চাইকেল চলাবলৈ যায় আৰু সেই খবৰ পোৱাৰ পিছত তেওঁলোকে ভাইজানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰে পহৰা দিছিল। হকী ষ্টীকৰ ভিতৰত এটা সৰু অস্ত্ৰ লুকুৱাই ছলমানক  হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল তেওঁলোকে। পুৱাই শ্বুটিং কৰাৰ পৰিকল্পনা কৰিছিল হেনো কুখ্যাত গেংষ্টাৰৰ দলটোৱে, সম্প্ৰতি তেনে এক শিহৰণকাৰী তথ্যঅ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

যোৱা দেওবাৰে পুৱা ছেলিম খানে লাভ কৰিছিল এখন ভাবুকিমূলক পত্ৰ। সূত্ৰই জনোৱা মতে, চিঠিখন তেওঁলোকৰ ঘৰৰ সন্মুখৰ এখন বেঞ্চত ৰখা হৈছিল। পত্ৰখনত স্পষ্ট কৈ লিখা আছিল যে,  পঞ্জাৱৰ কংগ্ৰেছ নেতা তথা গায়ক সিদ্ধু মুছেৱালাৰ দৰে একে পৰিণতি হ’ব ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানৰ। ইয়াৰ পিছতে খান পৰিয়ালে বান্দ্ৰা আৰক্ষী চকীত এফ আই আৰ দাখিল কৰে। তদন্তকাৰী দলে গেলাক্সি এপাৰ্টমেণ্ট আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ পোৱা গৈছে। চিঠিখন কোনে এৰি থৈ গৈছে তাৰ তদন্ত চলি আছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ গৃহ বিভাগে অভিনেতা গৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

প্ৰসংগক্ৰমে, এই মুহূৰ্তত তিহাৰ জেলত আছে গেংষ্টাৰ লৰেন্স বিষ্ণই। ইফালে, কিছুদিন পূৰ্বে আবু ধাবিত আইফা ২০২২ অনুষ্ঠান পৰিৱেশন কৰি মুম্বাইলৈ উভতি আহিছিল ছলমান খানে। শুনা গৈছে যে, ‘কবি ঈদ কবি দীপাৱলী’ৰ শ্বুটিঙৰ বাবে সোমবাৰে হায়দৰাবাদলৈ উৰা মাৰিছিল তেওঁ। গোটেই ইউনিটটোৰ সৈতে তেওঁ ২৫ দিন শ্বুটিং কৰিব। ইয়াৰ পিছতে ‘টাইগাৰ থ্ৰী’ৰ কিছু অংশৰ শ্বুটিঙৰ বাবে মুম্বাইলৈ উভতি আহিব বলীউডৰ ছুপাৰষ্টাৰগৰাকী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান