--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধু মুছেৱালাৰ হত্যাৰ পিছত এইবাৰ কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণইৰ লক্ষ্য হৈ পৰিছে প্ৰভাৱশালী অভিনেতা ছলমান খান। লৰেন্সে ‘শ্বাৰ্পশ্বুটাৰ’ৰ সহায়ত ভাইজানক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্তত এনেধৰণৰ বিস্ফোৰক তথ্যৰ সম্ভেদ পাইছে আৰক্ষীয়ে। শেহতীয়াকৈ, এই কথা ভাৰতৰ সকলো সংবাদ মাধ্যমতে প্ৰকাশ পাইছে।

গেংষ্টাৰ লৰেন্স বিষ্ণই আৰু তেওঁৰ গেঙৰ হাতত খবৰ আহিছিল যে, ছলমান খানে পুৱা কোনো দেহৰক্ষী নোহোৱাকৈ চাইকেল চলাবলৈ যায় আৰু সেই খবৰ পোৱাৰ পিছত তেওঁলোকে ভাইজানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰে পহৰা দিছিল। হকী ষ্টীকৰ ভিতৰত এটা সৰু অস্ত্ৰ লুকুৱাই ছলমানক  হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল তেওঁলোকে। পুৱাই শ্বুটিং কৰাৰ পৰিকল্পনা কৰিছিল হেনো কুখ্যাত গেংষ্টাৰৰ দলটোৱে, সম্প্ৰতি তেনে এক শিহৰণকাৰী তথ্যঅ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

যোৱা দেওবাৰে পুৱা ছেলিম খানে লাভ কৰিছিল এখন ভাবুকিমূলক পত্ৰ। সূত্ৰই জনোৱা মতে, চিঠিখন তেওঁলোকৰ ঘৰৰ সন্মুখৰ এখন বেঞ্চত ৰখা হৈছিল। পত্ৰখনত স্পষ্ট কৈ লিখা আছিল যে,  পঞ্জাৱৰ কংগ্ৰেছ নেতা তথা গায়ক সিদ্ধু মুছেৱালাৰ দৰে একে পৰিণতি হ’ব ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানৰ। ইয়াৰ পিছতে খান পৰিয়ালে বান্দ্ৰা আৰক্ষী চকীত এফ আই আৰ দাখিল কৰে। তদন্তকাৰী দলে গেলাক্সি এপাৰ্টমেণ্ট আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ পোৱা গৈছে। চিঠিখন কোনে এৰি থৈ গৈছে তাৰ তদন্ত চলি আছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ গৃহ বিভাগে অভিনেতা গৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

প্ৰসংগক্ৰমে, এই মুহূৰ্তত তিহাৰ জেলত আছে গেংষ্টাৰ লৰেন্স বিষ্ণই। ইফালে, কিছুদিন পূৰ্বে আবু ধাবিত আইফা ২০২২ অনুষ্ঠান পৰিৱেশন কৰি মুম্বাইলৈ উভতি আহিছিল ছলমান খানে। শুনা গৈছে যে, ‘কবি ঈদ কবি দীপাৱলী’ৰ শ্বুটিঙৰ বাবে সোমবাৰে হায়দৰাবাদলৈ উৰা মাৰিছিল তেওঁ। গোটেই ইউনিটটোৰ সৈতে তেওঁ ২৫ দিন শ্বুটিং কৰিব। ইয়াৰ পিছতে ‘টাইগাৰ থ্ৰী’ৰ কিছু অংশৰ শ্বুটিঙৰ বাবে মুম্বাইলৈ উভতি আহিব বলীউডৰ ছুপাৰষ্টাৰগৰাকী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক